5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সামৰণি পৰিল পেৰিছ অলিম্পিকৰঃ সামৰণি পেৰেডত ভাৰতৰ পতাকা কঢ়িয়ালে মনু-শ্ৰীজেশে

প্ৰায় তিনি সপ্তাহজোৰা সূচীৰ অন্তত দেওবাৰে নিশা পেৰিছত সামৰণি পৰিল দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ- অলিম্পিকৰ। পেৰিছৰ ষ্টেড ডি ফ্ৰান্স ষ্টেডিয়ামত বৰ্ণিল কাৰ্যসূচীৰে এই ক্ৰীড়া মহাৰোহৰ সামৰণি পৰে। এই অনুষ্ঠানত অলিম্পিকত অংশগ্ৰহণকাৰী দেশসমূহৰ দ্বাৰা হোৱা সামৰণি পেৰেডত ভাৰতীয় দলৰ ধ্বজাবাহী হিচাপে দেখা যায় মনু ভাকৰ আৰু শ্ৰীজেশক।

সামৰণি পৰিল পেৰিছ অলিম্পিকৰঃ সামৰণি পেৰেডত ভাৰতৰ পতাকা কঢ়িয়ালে মনু-শ্ৰীজেশে
সামৰণি পৰিল পেৰিছ অলিম্পিকৰ
Follow Us
monjit-dutta
Monjit Dutta | Updated On: 12 Aug 2024 08:59 AM

পেৰিছত যোৱা নিশা সামৰণি পৰিল দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ- অলিম্পিকৰ। প্ৰায় তিনি সপ্তাহ ধৰি চলা ক্ৰীড়াবিশ্বৰ এই মহাসমাৰোহত ১০ হাজাৰৰো অধিক খেলুৱৈয়ে নিজ দেশক প্ৰতিনিধিত্ব কৰি বিভিন্ন ইভেণ্টত আগবঢ়ায় প্ৰতিদ্বিন্দিতা। পদক তালিকাত সৰ্বাধিক পদক দখলেৰে আমেৰিকাই প্ৰথম, চীনে দ্বিতীয় আৰু জাপানে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে আয়োজক দেশ ফ্ৰান্সে পঞ্চম স্থান লাভ কৰে। আনহাতে এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ সৈতে মুঠ ৬টা পদকেৰে তালিকাৰ ৭১ নং স্থানত থাকে ভাৰতীয় দল। পেৰিছৰ ষ্টেড ডি ফ্ৰান্স ষ্টেডিয়ামত বৰ্ণিল কাৰ্যসূচীৰে এই ক্ৰীড়া মহাৰোহৰ সামৰণি পৰে।

এই অনুষ্ঠানত অলিম্পিকত অংশগ্ৰহণকাৰী দেশসমূহৰ দ্বাৰা হোৱা সামৰণি পেৰেডত ভাৰতীয় দলৰ ধ্বজাবাহী হিচাপে দেখা যায় প্ৰতিযোগিতাখনৰ ইতিহাসত দেশৰ হৈ অনন্য অভিলেখ গঢ়ি তোলা তাৰকা শ্বুটাৰ মনু ভাকৰ আৰু ব্ৰঞ্জ জয়ী হকী দলৰ কিংবদন্তি সদস্য পি আৰ শ্ৰীজেশ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুৰব্বী থমাছ বাখ আৰু আয়োজক সমিতিৰ সভাপতি টনি এষ্টাংগুৱেটকে ধৰি বহু অতিথি উপস্থিত থাকে এই অনুষ্ঠানত।

 

ফৰাচী গীত “Sous le ciel de Paris” ৰ জৰিয়তে প্ৰখ্যাত ফৰাচী গায়ক জাহো ছাগজানে পেৰিছ অলিম্পিকৰ এই সামৰণি অনুষ্ঠানৰ আৰম্ভণি কৰে। ইয়াৰ পিছত ফ্ৰান্সৰ সাঁতোৰবিদ লিঅ’ন মাচনে অলিম্পিকৰ মশাল তুলি লৈ ষ্টেডিয়ামত প্ৰৱেশ কৰে। ইয়াৰ পিছতে অলিম্পিকত অংশগ্ৰহণ কৰা দেশসমূহৰ খেলুৱৈসকল নিজ নিজ দেশৰ পতাকাসহ ষ্টেডিয়ামত প্ৰৱেশ কৰে।

 

এই অনুষ্ঠানত ফৰাচী বেণ্ড ফিনিক্স, পাঁচটাকৈ গ্ৰেমী জয়ী গেব্ৰিয়েলা চাৰ্মিয়েন্ট উইলছন, পপ গায়িকা বিলি আইলিছ, ৰেপাৰ স্নুপ ডগ আৰু ডাঃ ড্ৰেইও অনুষ্ঠান পৰিৱেশন কৰে। ইয়াৰ পিছত হলিউডৰ প্ৰখ্যাত অভিনেতা টম ক্ৰুজে অনন্য ষ্টাণ্ট প্ৰদৰ্শন কৰি ষ্টেড ডি ফ্ৰান্সৰ পৰা অলিম্পিকৰ পতাকা লছ এঞ্জেলছ অভিমুখে তুলি লয়। এই বৰ্ণিল অনুষ্ঠানৰ পিছতে পেৰিছ অলিম্পিক গেমছ ২০২৪ৰ মশাল নুমুৱাই দিয়া হয়।

 

উল্লেখ্য যে পেৰিছ অলিম্পিকত ভাৰতে মুঠ ৬টা পদক লাভ কৰে। ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক জয়েৰে ভাৰতৰ পদক তালিকাত প্ৰথমটো পদকৰ সংযোজন কৰে মনু ভাকৰে। ইয়াৰ পিছত তেওঁ সৰৱজোৎ সিঙৰ সৈতে পুনৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত আন এক ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে স্বপ্নিল কুছালে পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনত ব্ৰঞ্জৰ পদক লাভ কৰে।

অলিম্পিক ইতিহাসত ভাৰতীয় হকীৰ সোণালী অতীত পুনৰ ঘূৰি অহাৰ ইংগিত বহন কৰি টকিঅ’ৰ পিছত পেৰিছতো ভাৰতীয় পুৰুষ হকী দলে লাৱহ কৰে ব্ৰঞ্জৰ পদক। আনহাতে টকিঅ’ত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাই জেভলিনত এইবাৰো ৰূপৰ পদকেৰে ভাৰতক দিয়ে আন এক সাফল্য। পুৰুষ মল্লযুঁজৰ ৫৭ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি মল্লযুঁজাৰু অমন ছেহৰাৱটে দেশক দিয়ে ষষ্ঠটো পদকৰ সোৱাদ।

পেৰিছ অলিম্পিকত আমেৰিকাই ৪০টা স্বৰ্ণ, ৪৪টা ৰূপ আৰু ৪২টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১২৬টা পদক লাভ কৰি পদক তালিকাত প্ৰথম স্থান দখল কৰে। আনহাতে চীনে ৪০টা সোণ, ২৭টা ৰূপ আৰু ২৪টা ব্ৰঞ্জকে ধৰি মুঠ ৯১টা পদকেৰে লাভ কৰে দ্বিতীয় স্থান। জাপানে ২০টা সোণ, ১২টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ সৈতে মুঠ ৪৫টা পদক লাভ কৰি তৃতীয় স্থানত থাকে।

আনহাতে অষ্ট্ৰেলিয়াই ১৮টা সোণ, ১৯টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে আয়োজক ফ্ৰান্সে ১৬টা সোণ, ২৬টা ৰূপ আৰু ২২টা ব্ৰঞ্জৰ পদকেৰে পঞ্চমম স্থান দখল কৰে।

Latest News