5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আৰ্থিক দৈন্যতা নেওচি অলিম্পিক ব্ৰঞ্জ জয়লৈ! কিদৰে ‘পৰমানন্দ’ৰ হাতত ঘূৰিছিল ললিতৰ ভাগ্যৰ চকৰী..

পেৰিছত ব্ৰঞ্জ জয়ী ভাৰতীয় হকী দলৰ অংশ হিচাপে ললিত আজি দেশবাসীৰ পৰিচিত মুখ হৈ পৰিছে। পিছে এই সফলতাৰ পথত তেওঁ এৰি আহিছে এক কঠিন অতীত। হকীৰ প্ৰতি ধাউতি থাকিলেও ললিতৰ বাবে সেই ইচ্ছা পূৰণৰ ক্ষেত্ৰত আছিল যথেষ্ট জটিলতা। হকীৰ ষ্টিক ক্ৰয় কৰিব পৰাকৈও স্বচ্ছল নাছিল ললিতৰ পৰিয়ালৰ আৰ্থিক অৱস্থা।

আৰ্থিক দৈন্যতা নেওচি অলিম্পিক ব্ৰঞ্জ জয়লৈ! কিদৰে ‘পৰমানন্দ’ৰ হাতত ঘূৰিছিল ললিতৰ ভাগ্যৰ চকৰী..
ললিতৰ সাফল্যত পৰমানন্দ মিশ্ৰৰ আছে মূল ভূমিকা
Follow Us
monjit-dutta
Monjit Dutta | Published: 09 Aug 2024 17:57 PM

বৃ্হস্পতিবাৰৰ দিনটো আছিল ভাৰতীয় ক্ৰীড়া ইতিহাসৰ বাবে এক ঐতিহাসিক দিন। পেৰিছ অলিম্পিকত ব্ৰঞ্জ জয়েৰে ভাৰতীয় হকী দলে দেশক পুনৰ এবাৰ গৌৰৱান্বিত কৰি তোলে। টকিঅ’ৰ পিচত কালি পেৰিছতো পদক জয়েৰে ভাৰতীয় হকী দলে ৫২ বছৰৰ পাছত ক্ৰমাগত দুবাৰৰ অলিম্পিকত পদক জয়ৰ ঈৰ্ষণীয় সাফল্য লাভ কৰে। অলিম্পিক ব্ৰঞ্জ জয়ী ভাৰতৰ এই হকী দলটোৰ অন্যতম সদস্য আছিল ললিত উপাধ্যায়। বেনাৰসৰ বাসিন্দা ললিতে এক কঠিন জীৱন সংগ্ৰাম অতিক্ৰমি বৰ্তমানৰ এই সফলতাৰ মঞ্চত নিজকে প্ৰকাশ কৰি তুলিছে। শিশু কালৰ পৰাই হকীৰ প্ৰতি থকা আকৰ্ষণেই আজি ললিতক কৰি তুলিছে দেশবাসীৰ গৌৰৱৰ অন্যতম আধাৰ।

পেৰিছত ব্ৰঞ্জ জয়ী ভাৰতীয় দলৰ অংশ হিচাপে ললিত আজি দেশবাসীৰ পৰিচিত মুখ হৈ পৰিছে। পিছে এই সফলতাৰ পথত তেওঁ এৰি আহিছে এক কঠিন অতীত। হকীৰ প্ৰতি ধাউতি থাকিলেও ললিতৰ বাবে সেই ইচ্ছা পূৰণৰ ক্ষেত্ৰত আছিল যথেষ্ট জটিলতা। হকীৰ ষ্টিক ক্ৰয় কৰিব পৰাকৈও স্বচ্ছল নাছিল ললিতৰ পৰিয়ালৰ আৰ্থিক অৱস্থা।

তাৰ মাজতো ললিতৰ পিতৃয়ে আশা কৰিছিল, ক্ৰীড়া কোটাৰ জৰিয়তে পুত্ৰ ললিতে লাভ কৰক এটা চৰকাৰী চাকৰি। এনে পৰিস্থিতিৰ মাজতে ঘূৰিছিল ললিতৰ ভাগ্যৰ চকৰী। ললিতৰ জীৱনৰ সুঁতি সলনি কৰিবলৈ তেওঁৰ জীৱনত সংযোগ ঘটিছিল পৰমানন্দ মিশ্ৰ। এই ব্যক্তিগৰাকী আছিল ইউ পি কলেজৰ ছাই চেণ্টাৰৰ হকীৰ প্ৰশিক্ষক।

ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ সৃষ্টিৰ ক্ষেত্ৰত যিদৰে তেওঁৰ প্ৰশিক্ষক ৰমাকান্ত আচৰেকাৰেৰ নাম সততে চৰ্চিত হৈ আহিছে, ঠিক তেনেদৰেই ললিত উপাধ্যায়ৰ ক্ষেত্ৰত আগমণ ঘটিছিল পৰমানন্দ মিশ্ৰৰ। পৰমানন্দ মিশ্ৰ নহ’লে হয়তো আজি বিশ্বই ললিত উপাধ্যায়ক চিনি নাপালেহেঁতেন৷ ভাৰতীয় হকী দলে লাভ নকৰিলেহেঁতেন এগৰাকী বিশ্বমানৰ ফৰৱাৰ্ড।

ললিতৰ পিতৃ সতীশ উপাধ্যায়েও ইতিমধ্যে ললিতৰ কেৰিয়াৰত পৰমানন্দৰ ভূমিকাৰ কথা উল্লেখ কৰিছিল। সতীশ উপাধ্যায়ে সদৰী কৰা মতে, যেতিয়া ললিতৰ বাবে হকী ষ্টিক কিনিবলৈও তেওঁলোকৰ হাতত টকা নাছিল, তেতিয়া পৰমানন্দ মিশ্ৰই ললিতক সকলো প্ৰকাৰে সহায় কৰিছিল। তেওঁ জানিবলৈ দিয়া মতে, ২০০১ চনত আঠ বছৰ বয়সত ললিতে বানাৰসৰ ইউ পি কলেজৰ খেলপথাৰত ভাতৃ অমিতৰ সৈতে হকী খেলিবলৈ আৰম্ভ কৰিছিল।

সেই সময়ছোৱাত কলেজৰ ছাই চেণ্টাৰত হকী প্ৰশিক্ষক পৰমানন্দ মিশ্ৰই ললিতৰ মাজত থকা প্ৰতিভাৰ সন্ধান লাভ কৰে। ইয়াৰ পিছতে তেওঁ ললিতক এগৰাকী বিশ্বমানৰ হকী খেলুৱৈ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰে শিক্ষা দিছিল হকীৰ প্ৰতিটো স্কীল। এইদৰেই পৰমানন্দ মিশ্ৰৰ ছত্ৰছায়াত আজি বিশ্ব হকীত এক পৰিচিত মুখ হৈ পৰিছে ললিত উপাধ্যায়।

ললিতৰ সফলতাত এতিয়া অত্যন্ত সুখী প্ৰশিক্ষক পৰমানন্দ মিশ্ৰ। তেওঁ কয় যে ২০০৮ চনত ভাৰতীয় হকী দলৰ প্ৰশিক্ষক জোৱাকিম কাৰ্ভালোৱে ললিতৰ খেল দেখাৰ পিছত ললিতে পাকিস্তানৰ কিংবদন্তি হকী তাৰকা শ্বাহবাজ চিনিয়ৰৰ দৰে খেলে বুলি মন্তব্য কৰিছিল। এনে উচ্চ প্ৰশংসা লাভ কৰা ললিতে যেতিয়া মাত্ৰ ১৬ বছৰ বয়সতে ভাৰতীয় শিবিৰত যোগ দিছিল, তেতিয়া সকলো আচৰিত হৈ পৰিছিল বুলিও পৰমানন্দ মিশ্ৰই লগতে সোঁৱৰে।

Latest News