5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজ্য তথা দেশক ঐতিহাসিক ক্ষণৰ স্বাদ দিবলৈ সাজু লাভলীনাঃ চাওক অলিম্পিকত ভাৰতৰ আজিৰ সূচী

আজি নিজ নিজ মেচত জয়ী হ’লেই লাভলীনা আৰু লক্ষ্য সেনৰ অলিম্পিক পদক নিশ্চিত হ’ব। একেদৰে হকীত আজি জয়ী হ’লে ক্ৰমাগত দ্বিতীয়টো পদকৰ দিশত আৰু এখোজ আগবাঢ়িব ভাৰতীয় দল। এই বিশেষ তিনিটা ইভেণ্টৰ লগতে ভাৰতীয় খেলুৱৈয়ে আজি আন কেইবাটাও ইভেণ্টত প্ৰতিদ্বন্দিতা আগবঢ়াব। চাওঁ আহক অলিম্পিকত আজি ভাৰতৰ সম্পূৰ্ণ সূচী।

ৰাজ্য তথা দেশক ঐতিহাসিক ক্ষণৰ স্বাদ দিবলৈ সাজু লাভলীনাঃ চাওক অলিম্পিকত ভাৰতৰ আজিৰ সূচী
আজি পেৰিছত দ্বিতীয়টো অলিম্পিক পদক জয়ৰ সুযোগ লাভলীনাৰ
Follow Us
monjit-dutta
Monjit Dutta | Published: 04 Aug 2024 12:38 PM

“দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ”ত আজি দৃষ্টি নিবদ্ধ হ’ব দেশবাসীৰ। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ আকাংক্ষাৰে বাট চাইছে প্ৰতিজন ভাৰতীয়ই। পেৰিছৰ বুকুত হোৱা এই সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখনিত বিশেষ দৃষ্টি থাকিব অসমবাসীৰো। কিয়নো বিশ্ব ক্ৰীড়া মঞ্চত আজি দেশৰ ধ্বজা উত্তোলনেৰে দেশৰ লগতে জন্মভূমি অসমকো গৌৰৱান্বিত কৰি তোলাৰ লক্ষ্যৰে ৰিঙত নামিব অসম কন্যা লাভলীনা। ক্ৰমাগত দ্বিতীয়তো অলিম্পিক পদক জয়ৰ লক্ষ্যৰে আজি পেৰিছত নামিব তাৰকা বক্সাৰগৰাকী। লাভলীনাৰ লগতে আজি পেৰিছত ভাৰতৰ আশা-আকাংক্ষা কঢ়িয়াই বেডমিণ্টনৰ ছেমিত অৱতীৰ্ণ হ’ব লক্ষ্য সেন আৰু হকীৰ কোৱাৰ্টাৰত অৱতীৰ্ণ হ’ব ভাৰতীয় হকী দল।

আজি নিজ নিজ মেচত জয়ী হ’লেই লাভলীনা আৰু লক্ষ্য সেনৰ অলিম্পিক পদক নিশ্চিত হ’ব। যদি আজি লক্ষ্য সফল হয়, তেন্তে অলিম্পিক পদক লাভ কৰা দেশৰ প্ৰথমগৰাকী পুৰুষ বেডমিণ্টন খেলুৱৈ হিচাপে পৰিগণিত হ’ব তেওঁ। আনহাতে লাভলীনা জয়ী হ’লে দুটাকৈ অলিম্পিক পদক লাভ কৰা দেশৰ তাৰকা খেলুৱৈৰ বিশেষ তালিকাত নাম সংযোজিত হ’ব।

একেদৰে হকীত আজি জয়ী হ’লে ক্ৰমাগত দ্বিতীয়টো পদকৰ দিশত আৰু এখোজ আগবাঢ়িব ভাৰতীয় দল। এই বিশেষ তিনিটা ইভেণ্টৰ লগতে ভাৰতীয় খেলুৱৈয়ে আজি আন কেইবাটাও ইভেণ্টত প্ৰতিদ্বন্দিতা আগবঢ়াব। চাওঁ আহক অলিম্পিকত আজি ভাৰতৰ সম্পূৰ্ণ সূচী-

১২.৩০ বজাৰ পৰা  শ্বুটিঙত পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলৰ কোৱালিফিকেচন ৰাউণ্ডত অৱতীৰ্ণ হ’ব আনিচ ভানৱালা আৰু বিজয়বীৰ সিধু।

একে সময়তে গ’ল্ফত পুৰুষৰ একক ষ্ট্ৰ’ক প্লে’ৰ চতুৰ্থ ৰাউণ্ডত নামিছে শুভংকৰ শৰ্মা আৰু গগণজিৎ ভুল্লাৰ।

১ বজাত শ্বুটিঙত মহিলাৰ স্কীটৰ কোৱালিফায়িং ৰাউণ্ডত অৱতীৰ্ণ হ’ব মহেশ্বৰী চৌহান আৰু ৰাইজা ধিলন। যদি য্যোগ্যতা অৰ্জনত সফল হয়, সন্ধিয়া ৭ বজাত ফাইনেলত অৱতীৰ্ণ হ’ব।

১.৩০ বজাত হকীৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনৰ বিপক্ষে নামিব ভাৰতীয় পুৰুষ দল। টকিঅ’ত ব্ৰিটেইনক পৰাস্ত কৰিয়েই ছেমিত প্ৰৱেশ কৰিছিল ভাৰত আৰু এইবাৰ পেৰিছতো টকিঅ’ৰ পুনৰাবৃত্তি কৰাৰ সুযোগ লাভ কৰিছে।

১.৩৫ বজাত এথলেটিকছৰ মহিলাৰ ৩০০০ মিটাৰ ষ্টিপলচেছৰ প্ৰথম ৰাউণ্ডত নামিব পাৰুল চৌধাৰী।

২.২০ বজাত পুৰুষৰ বেডমিণ্টনৰ ছেমিত অৱতীৰ্ণ হ’ব লক্ষ্য সেন। বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ খেলুৱৈ ডেনমাৰ্কৰ ভিক্টৰ এক্সেলচেনৰ বিপক্ষে লক্ষ্যৰ সম্ভাৱনা যথেষ্ট কঠিন যেন পৰিলক্ষিত হৈছে যদিও দেশৰ বাবে এটা অলিম্পিক পদকৰ বাবে নিশ্চিতৰূপত সৰ্বোচ্চ উজাৰিবলৈ সাজু লক্ষ্য। আজি জয়ী হ’লেই লক্ষ্যই অন্ততঃ ৰূপৰ পদক নিশ্চিত কৰিব। আনহাতে পৰাস্ত হ’লে ব্ৰঞ্জ পদকৰ বাবে অৱতীৰ্ণ হ’ব লাগিব লক্ষ্য।

২.৩০ বজাত এথলেটিকছৰ পুৰুষৰ লং জাম্পৰ কোৱালিফিকেচন ৰাউণ্ডত নামিব জেছুইন এলড্ৰিন।

৩.০২ বজাত ৰিঙত নামিব অসম কন্যা লাভলীনা। মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰত জয়ী হ’লেই নিশ্চিত হ’ব লাভলীনাৰ আন এক অলিম্পিক পদক।

৩.৩৫ বজাত চেইলিঙৰ পুৰুষৰ ডিংঘী ৭ম আৰু ৮ম ৰেচত অৱতীৰ্ণ হ’ব বিষ্ণু চাৰাভানন।

৬.০৫ বজাত চেইলিঙৰে মহিলাৰ ডিংঘী ৭ম আৰু ৮ম ৰেচত অৱতীৰ্ণ হ’ব নেত্ৰা কুমানন।

Latest News