5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সামৰণি পৰিল পেৰিছ অলিম্পিকৰঃ কোনকেইগৰাকী ভাৰতীয় খেলুৱৈয়ে জিনিলে পদক, চাওক…

দেওবাৰে নিশা সামৰণি পৰিল পেৰিছ অলিম্পিকৰ। আমেৰিকাই ৪০টা স্বৰ্ণ, ৪৪টা ৰূপ আৰু ৪২টা ব্ৰঞ্জৰ পদকসহ মুঠ ১২৬টা পদক লাভ কৰি পদক তালিকাত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ইফালে চীনে ৪০টা সোণ, ২৭টা ৰূপ আৰু ২৪টা ব্ৰঞ্জকে ধৰি মুঠ ৯১টা পদকেৰে পদক তালিকাৰ দ্বিতীয় স্থানত থাকে। আনহাতে ভাৰতে এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদকেৰে তালিকাত ৭১ সংখ্যক স্থান লাভ কৰে। পেৰিছলৈ ভাৰতে ১১৭ জনীয়া এটা দল প্ৰেৰণ কৰিছিল। বিগত সংস্কৰণৰ টকিঅ’ অলিম্পিকতকৈ ভাৰতে এইবাৰ অধিক পদক লাভ কৰাৰ আশা কৰাৰ হৈছিল যদিও ৬টা পদকেৰে অভিযান সামৰে ভাৰতীয় দলে। চাওঁ আহক পেৰিছত পদক জয়ী ভাৰতীয় খেলুৱৈ আৰু তেওঁলোকৰ ইভেণ্টসমূহ।

monjit-dutta
Monjit Dutta | Published: 12 Aug 2024 17:08 PM
মনু ভাকৰৰ জৰিয়তে পেৰিছত প্ৰথমটো পদক লাভ কৰে ভাৰতে। তাৰকা শ্বুটাৰগৰাকীয়ে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জ পদক জয়েৰে অলিম্পিক ইতিহাসত শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰে।

1 / 6
প্ৰথমটো পদকৰ দুদিন পিছত দেশক আন এটা পদকৰ সোৱাদ দিয়ে মনু ভাকৰ আৰু সৰৱজোৎ সিঙে। মনু আৰু সৰৱজোতৰ যুটিয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত জয় কৰে ব্ৰঞ্জৰ পদক। এইদৰে একেখন অলিম্পিকতে দুটাকৈ পদক জয় কৰা প্ৰথমোগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় মনু।

2 / 6
এক আগষ্টত পেৰিছৰ পৰা আন এক আশাৰ খবৰ লাভ কৰে ভাৰতে। শ্বুটিঙৰ জৰিয়তেই ভাৰতৰ তালিকাত সংযোজিত হয় আন এটা পদক। শ্বুটাৰ স্বপ্নিল কুছালেই ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ব্ৰঞ্জৰ পদক জয় কৰি এই ইভেণ্টত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচে।

3 / 6
অলিম্পিকত ভাৰতীয় হকীৰ স্বৰ্ণিল ইতিহাসৰ প্ৰত্যাৱৰ্তনৰ ইংগিত দি ভাৰতীয় হকী দলে স্পেইনক স্পেইনক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। এই পদকৰ জৰিয়তে অলিম্পিকৰ ইতিহাসত ভাৰতীয় হকী দলে পদকৰ সংখ্যা ১৩টালৈ বৃদ্ধি কৰে। অলিম্পিক ব্ৰঞ্জ জয়েৰে ১৮ বৰ্ষীয় কেৰিয়াৰৰ সফল পৰিসমাপ্তি ঘটায় কিংবদন্তি তাৰকা পি আৰ শ্ৰীজেশে।

4 / 6
দেশবাসীৰ আকাংক্ষাৰ প্ৰধান হোতা নীৰজ চোপ্ৰাই পেৰিছতো নিৰাশ নকৰিলে ভাৰতক। জেভলিনত টকিঅ’ত স্বৰ্ণ জয়ী নীৰজে পেৰিছত ৰূপৰ পদক জয় কৰি ভাৰতীয় পদক তালিকাত আন এক পদকৰ সংযোজন ঘটায়।

5 / 6
পেৰিছত ভাৰতলৈ অন্তিমটো পদক কঢ়িয়াই আনে মল্লযুঁজাৰু অমন ছেহৰাৱটে। মল্লযুঁজৰ পুৰুষৰ ৫৭ কিলোগ্ৰাম শাখাত প’ৱেৰ্ট’ ৰিকোৰ ডেৰিয়ান ট্ৰয় ক্ৰুজক ১৩-৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি অমনে লাভ কৰে ব্ৰঞ্জৰ পদক। এই সাফল্যৰে ২১ বৰ্ষীয় যুৱ খেলুৱৈগৰাকীয়ে অলিম্পিক পদক লাভ কৰা দেশৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰে।

6 / 6
Follow Us
Latest Stories