5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বক্সিঙৰ পৰা অলিম্পিক ব্ৰঞ্জ জয়ী শ্বুটাৰলৈ….ইতিহাস ৰচি পেৰিছত ভাৰতৰ ধ্বজা উৰুৱালে মনু ভাকৰে

ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে পেৰিছত দেশৰ হৈ জিনিছে প্ৰথমটো পদক। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জ জয়েৰে পেৰিছত ভাৰতৰ পদক তালিকা আৰম্ভ কৰিছে তাৰকা শ্বুটাৰ গৰাকীয়ে। এইদৰে মনু ভাকৰ অলিম্পিক ইতিহাসত শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে এক অনন্য ইতিহাসৰ পাতনি মেলিছে।

বক্সিঙৰ পৰা অলিম্পিক ব্ৰঞ্জ জয়ী শ্বুটাৰলৈ….ইতিহাস ৰচি পেৰিছত ভাৰতৰ ধ্বজা উৰুৱালে মনু ভাকৰে
পেৰিছত ব্ৰঞ্জ জয় মনু ভাকৰৰ
monjit-dutta
Monjit Dutta | Published: 28 Jul 2024 17:18 PM

পেৰিছ অলিম্পিকত ভাৰতলৈ আহিল আকাংক্ষিত প্ৰথমটো খবৰ। দেশবাসীৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰি ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে পেৰিছত দেশৰ হৈ জিনিছে প্ৰথমটো পদক। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জ জয়েৰে পেৰিছত ভাৰতৰ পদক তালিকা আৰম্ভ কৰিছে তাৰকা শ্বুটাৰ গৰাকীয়ে। এইদৰে মনু ভাকৰ অলিম্পিক ইতিহাসত শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে এক অনন্য ইতিহাসৰ পাতনি মেলিছে। টকিঅ’ৰ ব্যৰ্থতা পাহৰি পেৰিছত এই আকাংক্ষিত সাফল্যৰে এতিয়া দেশবাসীক গৌৰৱান্বিত কৰি তুলিছে ভাকৰে।

উল্লেখ্য যে ২০২০ চনৰ টকিঅ’ অলিম্পিকতো মনু ভাকৰে ভাৰতৰ হৈ পদক জয় কৰিব বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছিল যদিও তাৰকা শ্বুটাৰগৰাকী টকিঅ’ত ব্যৰ্থ হৈছিল এই আশাক বাস্তৱায়িত কৰাত। আৰু আজি পেৰিছত টকিঅ’ৰ এই ব্যৰ্থতাক অতীত কৰি জিলিকি উঠে ব্ৰঞ্জ পদক জয়েৰে। মনু ভাকৰে ২২১.৭ পইণ্ট সংগ্ৰহ কৰি ব্ৰঞ্জ জয় কৰে।

আনহাতে এই ইভেণ্টত কোৰিয়াৰ অ’হ য়ে জিনে ২৪৩.২ পইণ্টেৰে অলিম্পিক অভিলেখ গঢ়ি স্বৰ্ণ জয় কৰে। আনহাতে কোৰিয়াৰ কিম য়েজীয়ে ২৪১.৩ পইণ্টেৰে লাভ কৰে ৰূপৰ পদক লাভ। উল্লেখ্য শ্বুটিঙৰ পূৰ্বে মনুৱে একাধিক ক্ৰীড়াত নিজকে কৰি তুলিছিল প্ৰমাণিত। হাৰিয়ানাৰ ঝজ্জাৰৰ গোৰীয়া নামৰ এখন সৰু গাঁৱত জন্মা মনুৱে শিশু অৱস্থাৰ পৰাই মনোনিৱেশ কৰিছিল ক্ৰীড়া জগতত।

শ্বুটিঙৰ পূৰ্বে মানুৱে স্কেটিং, মাৰ্চিয়েল আৰ্ট, কাৰাটে, কাবাডী আৰু বক্সিঙৰ দৰে খেলতো প্ৰমাণ কৰিছিল নিজৰ দক্ষতা। আঘাতৰ বাবে বক্সিং এৰা মনুৱে কাৰাটে, থাং টা আৰু টান্টাত ৰাষ্ট্ৰীয় পদকো জয় কৰিছে। টান্টাত ৩ বাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন মনুৱে স্কেটিঙতো ৰাজ্যিক পদক লাভ কৰিছিল। ১৪ বছৰ বয়সত মনুৱে শ্বুটিঙত নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ সিদ্ধান্ত লয়।

মনুৰ ইচ্ছা অনুসৰিয়েই তেওঁৰ পিতৃ ৰাম কিষাণে অনুশীলনৰ বাবে আনি দিছিল এটা পিষ্টল। তেতিয়াৰ এই সিদ্ধান্তই আজি ভাৰতক প্ৰদান কৰিলে এক অলিম্পিক পদক জয়ী শ্বুটাৰ। পিতৃ ৰাম কিষাণে আনকি মনুৰ ক্ৰীড়াৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁক সংগ দিয়াৰ উদ্দেশ্যে ত্যাগ কৰিছিল চাকৰিও। পিতৃৰ এই ত্যাগক অথলে যাবলৈ নিদিলে মনু ভাকৰে। ক্ৰমাগত সাফল্যৰে তেওঁ আজি হৈ পৰিল অলিম্পিক ব্ৰঞ্জ বিজয়ী ভাৰতীয়।

২০১৭ চনত মনু ভাকৰে ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ, দেশবাসীক দিছিল তেওঁৰ আগমণৰ সংকেত। এই প্ৰতিযোগিতাত ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত অলিম্পিয়ান তথা বিশ্বৰ প্ৰাক্তন ১ নম্বৰ খেলুৱৈ হীনা সিদ্ধুক পৰাস্ত কৰি মনুৱে সকলোকে কৰি তুলিছিল আশ্চৰ্যচকিত। ইয়াৰ উপৰিও ২০১৭ চনত এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপতো ৰূপৰ পদক লাভ কৰে মনুৱে।

ইয়াৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগা হোৱা নাই মনুৱে। ২০১৮ চনত মেক্সিকোৰ গুৱাডালাজাৰাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া শ্বুটিং ফেডাৰেচন বিশ্বকাপত অভিষেক ঘটা মনু ভাকৰে নিজৰ অভিষেক মেচতে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ১০ মিটাৰ এয়াৰ পিষ্টলৰ মহিলাৰ ফাইনেলত তেওঁ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰু বিশ্বকাপ বিজয়ীক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

মাত্ৰ ১৬ বছৰ বয়সতে আই এছ এছ এফৰ বিশ্বকাপত স্বৰ্ণ পদক লাভ কৰা সৰ্বকনিষ্ঠ ভাৰতীয় হিচাপে পৰিগণিত হয় মনু। এই বিশ্বকাপত মনুৱে লাভ কৰে দুটাকৈ স্বৰ্ণ পদক। সেই একেটা বৰ্ষতে কমনৱেলথ গেমছত ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে তাৰকাগৰাকীয়ে। ইয়াৰ পিছতে মনুৱে আৰম্ভ কৰে তেওঁৰ সাফল্যৰ যাত্ৰা আৰু এই যাত্ৰাৰে অংশ স্বৰূপে আজি পেৰিছত ব্ৰঞ্জ জয়েৰে উত্তোলন কৰিলে ভাৰতীয় ধ্বজা।

Latest News