যুৱৰাজ সিঙৰ সৈতে আছে মনু ভাকৰ-সৰবজোৎ সিঙৰ বিশেষ সম্পৰ্ক, এই সম্পৰ্কই আপোনাকো কৰিব আচৰিত ! | paris olympics 2024 manu bhaker sarabjot singh connection with yuvraj singh know more Assam news - Assam Tv9

যুৱৰাজ সিঙৰ সৈতে আছে মনু ভাকৰ-সৰবজোৎ সিঙৰ বিশেষ সম্পৰ্ক, এই সম্পৰ্কই আপোনাকো কৰিব আচৰিত !

Published: 

31 Jul 2024 22:14 PM

দ্বিতীয় ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত মনু ভাকৰে কয় যে তেওঁৰ মনোযোগ জয়-পৰাজয়ৰ ওপৰত নহয়। তেওঁ মাত্ৰ নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব বিচাৰিছিল। মনু ভাকৰে কয় যে দেশৰ হৈ পদক লাভ কৰি তেওঁ অতি সুখী যদিও তেওঁৰ প্ৰদৰ্শন উন্নত কৰিব বিচাৰিছিল।

1 / 5পেৰিছ

পেৰিছ অলিম্পিকত ইতিহাস ৰচনা কৰিছে মনু ভাকেৰে। ভাৰতৰ এইগৰাকী ষ্টাৰ শ্বুটাৰে পেৰিছত দুটা ব্ৰঞ্জৰ পদক লাভ কৰি ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এটা অলিম্পিকত দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। ১০ মিটাৰ এয়াৰ পিষ্টল চিংগলছত প্ৰথম পদক আৰু মিক্সড টিম ইভেণ্টত সৰবজোৎ সিঙৰ সৈতে দ্বিতীয় পদক লাভ কৰে।

2 / 5

শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিং দুয়োজনেই ডি এ ভি কলেজ ছেক্টৰ-১০ ৰ চণ্ডীগড়ৰ ছাত্ৰ আছিল। যুৱৰাজ সিঙেও একেখন কলেজতে অধ্যয়ন কৰিছিল।

3 / 5

কেৱল যুৱৰাজ সিঙেই নহয়, প্ৰাক্তন অধিনায়ক কপিল দেৱেও ডি এ ভি কলেজ ছেক্টৰ-১০ৰ পৰা অধ্যয়ন কৰিছে আন এজন শ্বুটাৰ অঞ্জুম মৌদগিলেও এই কলেজৰ পৰাই অধ্যয়ন কৰিছিল।

4 / 5

টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰা নীৰজ চোপ্ৰাই চণ্ডীগড়ৰ ডি এ ভি কলেজৰ পৰা অধ্যয়ন কৰিছে। আমোদজনক কথাটো হ’ল এই মহাবিদ্যালয়খনৰ এই আটাইকেইটা ছাত্ৰ-ছাত্ৰীয়ে হয় বিশ্ব চেম্পিয়নেই নহয় অলিম্পিকতো পদক লাভ কৰিছে।

5 / 5

অৱশ্যে মনু ভাকৰৰ হাতত আন এক অলিম্পিক পদক লাভ কৰাৰ সুযোগ আছে। তেওঁ ২৫ মিটাৰ এয়াৰ পিষ্টলত পদক লাভ কৰাৰ সম্ভাৱনা আছে। এই প্ৰতিযোগিতা ৩ আগষ্টৰ পৰা আৰম্ভ হ'ব। এই প্ৰতিযোগিতাত মনুই সোণৰ পদক লাভ কৰিব পাৰে বুলি সকলোৱে আশা কৰিছে ।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?