5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অথন্তৰ! পেৰেডত প্ৰৱেশ কৰিবলৈ অনুমতি নাপালে এইসকল খেলুৱৈয়ে

পেৰিছ অলিম্পিক ২০২৪ৰ উদ্বোধনী অনুষ্ঠানটো যথেষ্ট ঐতিহাসিক আছিল। প্ৰথমবাৰৰ বাবে, এই খেলবোৰৰ উদ্বোধনী অনুষ্ঠান এখন ষ্টেডিয়ামৰ বাহিৰত ৰখা হৈছিল। ২০৬খন দেশৰ ৬৫০তকৈও অধিক খেলুৱৈয়ে ৯৪খন নাৱত পেৰেড কৰিছিল।

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অথন্তৰ! পেৰেডত প্ৰৱেশ কৰিবলৈ অনুমতি নাপালে এইসকল খেলুৱৈয়ে
পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অথন্তৰ!
trishna-kalita
Trishna Kalita | Updated On: 27 Jul 2024 10:57 AM

ছেইন নদীত ঐতিহাসিক উদ্বোধনী অনুষ্ঠানৰ সৈতে পেৰিছ অলিম্পিক ২০২৪ আৰম্ভ হৈছে। এয়া প্ৰথমবাৰৰ বাবে হৈছিল যে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান খেলপথাৰৰ বাহিৰত ৰখা হৈছিল। ৪ ঘণ্টাৰ অনুষ্ঠানটোত বহুতো তাৰকাই অংশগ্ৰহণ কৰিছিল। পপ তাৰকা লেডী গাগা, আয়া নাকামুকাৰ দৰে চুপাৰ তাৰকাসকলক প্ৰদৰ্শন কৰা দেখা গৈছিল। একে সময়তে২০৬খন দেশৰ ৬৫০ তকৈও অধিক খেলুৱৈয়ে ৯৪খন নাৱত ৬ কিলোমিটাৰ দীঘল পেৰেড অফ নেশ্যনছত অংশগ্ৰহণ কৰিছিল। কিন্তু এই সময়ছোৱাত কিছুমান খেলুৱৈক নাৱত উঠিবলৈ বাধা দিয়া হৈছিল।

গ্ৰীক দলটোৱে প্ৰথমে পেৰেডলৈ আহিছিল। কিয়নো এই দেশত আধুনিক অলিম্পিক গেমছ আৰম্ভণি হৈছিল। ফ্ৰান্স অন্তিম স্থানত আহিছিল কাৰণ ফ্ৰান্স আছিল আয়োজক। বাতৰি অনুসৰি, নাইজেৰিয়াৰ মহিলা বাস্কেটবল দলক পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰতিনিধিদলৰ নাৱত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল।

থথ্য অনুসৰি, নাইজেৰিয়াৰ মহিলা বাস্কেটবল দলটোক নাইজেৰিয়াৰ এজন বিষয়াই নাওখনত উঠিবলৈ বাধা দিছিল। ইয়াৰ আঁৰৰ কাৰণো প্ৰকাশ পাইছে। দৰাচলতে, নাওখনত অত্যাধিক খেলুৱৈ থকাৰ বাবে নাইজেৰিয়াৰ মহিলা বাস্কেট বল দল আৰু তেওঁলোকৰ প্ৰশিক্ষকক নাওখনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হোৱা নাছিল। ইয়াৰ পাছত দলটোৱে এথলীট ভিলেজলৈ উভতি যাব লগা হৈছিল। নাইজেৰিয়াৰ বাকী প্ৰতিনিধি দল আৰু বাকী সদস্যসকলে নাইজাৰ আৰু নৰৱেৰ সৈতে এখন নাৱতে উঠিছিল। অৱশ্যে এই বিষয়ত নাইজেৰিয়ান প্ৰতিনিধি দলৰ পৰা কোনো বিবৃতি দিয়া হোৱা নাই।

১৮৯৬ চনৰ প্ৰথম অলিম্পিকৰ পৰা ২০২০ চনলৈ ষ্টেডিয়ামৰ ভিতৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে। ইতিহাসত প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানটো পেৰিছৰ মাজভাগৰ বিখ্যাত ছেইন নদীৰ পৰা আৰম্ভ হৈছিল। যিটো যথেষ্ট ঐতিহাসিক আছিল। এই সময়ছোৱাত, অনুৰাগীসকলক নদীৰ দুয়োফালে বহি থকা দেখা গৈছিল। ইয়াক অলিম্পিকৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ উদ্বোধনী অনুষ্ঠান বুলিও গণ্য কৰা হয়। য’ত ৩ৰ পৰা ৪ লাখ অনুৰাগী উপস্থিত থকাৰ অনুমান কৰা হৈছে। ২০৬খন দেশৰ মুঠ ১০৭১৪জন খেলুৱৈয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছে আৰু এইবাৰ ৩২টা খেলত ৩২৯টা সোণৰ পদৰ বাবে এই মহাৰণ অনুষ্ঠিত হৈছে ।

Latest News