5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, বিৰোধী নেতাৰ অভিনন্দন অলিম্পিক ব্ৰঞ্জজয়ী মনুকঃ গৌৰৱান্বিত পিতৃয়ে কৰিলে এই মন্তব্য

পেৰিছ অলিম্পিকত আজি মনু ভাকেৰে ব্ৰঞ্জ জয় কৰাৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীকে ধৰি বহুকেইগৰাকী নেতাই অভিনন্দন জ্ঞাপন কৰিছে। আনহাতে মনুৰ পিতৃ ৰাম কিষাণ ভাকৰে মনুৰ এই কৃতিত্বত সমগ্ৰ দেশ সুখী বুলি মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, বিৰোধী নেতাৰ অভিনন্দন অলিম্পিক ব্ৰঞ্জজয়ী মনুকঃ গৌৰৱান্বিত পিতৃয়ে কৰিলে এই মন্তব্য
ব্ৰঞ্জ জয়ী মনু ভাকৰক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ
monjit-dutta
Monjit Dutta | Published: 28 Jul 2024 19:18 PM

পেৰিছত আজি ভাৰতৰ অলিম্পিক অভিযানত প্ৰথমটো পদকৰ সোৱাদ দিলে দেশৰ তাৰকা শ্বুটাৰ মনু ভাকৰে। দেশৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে অলিম্পিকত পদক জয় কৰি ভাকৰে লগতে আন এক ইতিহাসৰ পাতনি মেলে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত মনুৱে ২২১.৭ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। মনু ভাকৰৰ এই সাফল্যই দেশবাসীক কৰি তুলিছে গৌৰৱান্বিত। তাৰকাগৰাকীৰ এই ঐতিহাসিক সাফল্যৰ পিছতে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীকে ধৰি বহুকেইগৰাকী নেতাই অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে মনু ভাকৰৰ এই প্ৰদৰ্শনক এক অবিশ্বাস্য কৃতিত্ব বুলি অভিহিত কৰে।

মনু ভাকেৰক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়া এক ঐতিহাসিক পদক বুলি উল্লেখ কৰাৰ লগতে ভাৰতৰ বাবে প্ৰথম পদক লাভ কৰাৰ বাবে মনু ভাকেৰক অভিনন্দন জনায়। ভাৰতৰ হৈ অলিম্পিক শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হোৱাৰ বাবে তেওঁৰ এই সফলতা বিশেষ হৈ পৰিছে বুলিও মোদীয়ে লগতে কয়।

ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও সামাজিক মাধ্যম যোগে অভিনন্দন জনায় আৰু অলিম্পিক শ্বুটিঙত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মনু ভাকেৰক লৈ দেশবাসী অতি গৌৰৱান্বিত বুলি উল্লেখ কৰে। মনু ভাকৰৰ এই কৃতিত্বই বহু খেলুৱৈক, বিশেষকৈ মহিলা খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে।

কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়েও মনু ভাকেৰক অভিনন্দন জ্ঞাপন কৰিছে। পেৰিছ অলিম্পিক গেমছত ভাৰতৰ প্ৰথমটো পদকক গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে। অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ হিচাপে ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে মনু ভাকেৰলৈ অভিনন্দন জনাই ৰাহুল গান্ধীয়ে লগতে মহিলা খেলুৱৈসকলে দেশক এক শক্তিশালী আৰম্ভণি দিছে আৰু বহু পদক আহিব বুলি আশা প্ৰকাশ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মনু ভাকৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। উজ্জ্বল প্ৰদৰ্শনেৰে মনু ভাকৰে সমগ্ৰ দেশতে উৎসাহৰ জোৱাৰ তুলিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে ভাকৰৰ এই কৃতিত্বৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত বুলি মন্তব্য কৰে। মনুৰ গৃ্হৰাজ্য হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নাইব সিং ছাইনীয়েও ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে শ্বুটাৰ মনু ভাকৰক অভিনন্দন জ্ঞাপন কৰিছে।

ইফালে মনুৰ ককাক বলজিৎ সিঙে মনুৰ এই সাফল্যত অত্যন্ত গৌৰৱেৰে কয় যে মহিলা শ্বুটিঙত প্ৰথমবাৰৰ বাবে পদক লাভ কৰাটো সমগ্ৰ দেশৰ বাবে এক  গৌৰৱৰ বিষয়। অৱশ্যে মনুৱে পেৰিছত স্বৰ্ণ জয় কৰাৰ আশা কৰিছিল বুলি তেওঁ কয়। তথাপি ব্ৰঞ্জ জয়ো এক অনন্য কৃতিত্ব বুলি উল্লেখ কৰি এই সাফল্যৰ বাবে মনুৱে বহু কষ্ট কৰিছে বুলি মন্তব্য কৰে। মনুৰ এই সাফল্যত তেওঁৰ মাতৃ সুমেধা ভাকেৰেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

তেওঁ কয় যে নিজ কন্যা মনু সদায় সুখী হোৱাটোৱেই তেওঁ বিচাৰিছিল আৰু সেয়ে মনুৰ সাফল্যত তেওঁৰ সদায় সুখ অনুভৱ কৰে। ইফালে মনুৰ পিতৃ ৰাম কিষাণ ভাকৰে মনুৰ এই কৃতিত্বত সমগ্ৰ দেশ সুখী বুলি মন্তব্য কৰে। মনুৰ পেৰিছত এতিয়াও দুটা ইভেণ্ট বাকী আছে বুলি উল্লেখ কৰি তেওঁ লগতে মনুৰ পৰা আৰু ভাল প্ৰদৰ্শনৰ আশা প্ৰকাশ কৰে। মনুৱে চৰকাৰ আৰু ফেডাৰেচনৰ পৰা যথেষ্ট সমৰ্থন পালে বুলিও উল্লেখ কৰি তেওঁ লগতে এয়া বৃ্হৎ কৃতিত্ব বুলি মন্তব্য কৰে।

Latest News