5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সহজ নাছিল স্বপ্নিলৰ ব্ৰঞ্জ জয়ৰ পথ…পিতৃয়ে দিলে সাফল্যৰ আঁৰৰ কঠিনতাৰ সম্ভেদ

অলিম্পিকত এই সাফল্য অৰ্জনৰ পথত কুছালেই অতিক্ৰম কৰি আহিছে যথেষ্ট কঠিন সময়। উল্লেখ্য যে অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে গত ১২ বছৰ ধৰি অপেক্ষা কৰিবলগা হৈছিল স্বপ্নিল কুছালেই। স্বপ্নিলে ২০১২ চনৰ পৰা পেছাদাৰী খেলুৱৈ হিচাপে শ্বুটিঙত লাভ কৰিছে অনেক সফলতা। কিন্তু গত দুখন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পৰা নাছিল তেওঁ।

সহজ নাছিল স্বপ্নিলৰ ব্ৰঞ্জ জয়ৰ পথ…পিতৃয়ে দিলে সাফল্যৰ আঁৰৰ কঠিনতাৰ সম্ভেদ
ব্ৰঞ্জ জয়ী কুছালে
monjit-dutta
Monjit Dutta | Published: 01 Aug 2024 17:29 PM

পেৰিছত আজি ভাৰতীয় ধ্বজা উত্তোলনেৰে দেশবাসীক গৌৰৱান্বিত কৰি তুলিছে শ্বুটাৰ স্বপ্নিল কুছালেই। বিশ্ব ক্ৰীড়া মানচিত্ৰত ভাৰতীয় ক্ৰীড়াৰ মান বৃদ্ধি কৰি আজি পেৰিছ অলিম্পিকত অনন্য সাফল্যৰে ইতিহাস সৃষ্টি কৰিছে স্বপ্নিলে। দেশৰ প্ৰথমগৰাকী শ্বুটাৰ হিচাপে ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত স্বপ্নিল কুছালেই জিনিছে ব্ৰঞ্জ পদক। যোগ্যতা অৰ্জনৰ ৰাউণ্ডত সপ্তম স্থানত থকা স্বপ্নিলে আজি ফাইনেলত ৪৫১.৪ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান দখলেৰে জয় কৰে ব্ৰঞ্জ। স্বপ্নিলৰ এই অনন্য সাফফফল্যত গৌৰৱান্বিত হৈ পৰিছে দেশ। তাৰকাগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে দেশবাসীয়ে।

পিছে অলিম্পিকত এই সাফল্য অৰ্জনৰ পথত কুছালেই অতিক্ৰম কৰি আহিছে যথেষ্ট কঠিন সময়। উল্লেখ্য যে অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে গত ১২ বছৰ ধৰি অপেক্ষা কৰিবলগা হৈছিল স্বপ্নিল কুছালেই। স্বপ্নিলে ২০১২ চনৰ পৰা পেছাদাৰী খেলুৱৈ হিচাপে শ্বুটিঙত লাভ কৰিছে অনেক সফলতা। কিন্তু গত দুখন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পৰা নাছিল তেওঁ।

কিন্তু এই লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে তাৰকাগৰাকীয়ে অব্যাহত ৰাখিলে প্ৰচেষ্টা আৰু অৱশেষত পেৰিছত আজি এই খেলুৱৈজনে লাভ কৰিলে আকাংক্ষিত সফলতা। অলিম্পিকক লক্ষ্য হিচাপে লোৱা স্বপ্নিলে যোৱা ১০-১২ বছৰ ধৰি আঁতৰি আছে পৰিয়ালৰ পৰা। একাত্মভাৱে শ্বুটিঙতে মনোনিৱেশ কৰি কুছালে এই একাগ্ৰ নিষ্ঠাৰ সুবাদত আজি চুম্বন আঁকিলে অলিম্পিক পদকত।

স্বপ্নিলৰ এই সাফল্যৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে খেলুৱৈগৰাকীৰ পিতৃয়ে। তেওঁ জানিবলৈ দিয়া মতে স্বপ্নিল দীৰ্ঘদিন ধৰি পৰিয়ালৰ পৰা আঁতৰি আছে আৰু পদকৰ বাবে হোৱা মেচৰ পূৰ্বে পৰিয়ালৰ কোনো লোকেই কুছালেৰ সৈতে ফোনত কথা পতা নাছিল। লক্ষণীয়ভাৱে অলিম্পিক ব্ৰঞ্জ জয়ী স্বপ্নিল দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগী।

শ্বুটিঙত নিজৰ প্ৰদৰ্শনৰ মাত্ৰা উন্নত কৰিবলৈ ধোনীৰ পৰা প্ৰেৰণা লোৱা বুলি জানিবলৈ দিছিল স্বপ্নিল কুছালেই। এক সাক্ষাৎকাৰত কুছালে জানিবলৈ দিছিল যে শ্বুটিঙত তেওঁ কোনো বিশেষ খেলুৱৈৰ পৰা গাইডেন্স লোৱা নাই। কিন্তু আন খেলত ধোনী তেওঁৰ প্ৰিয় বুলি স্বপ্নিলে উল্লেখ কৰিছিল। কুছালে কয় যে শ্বুটিং কৰাৰ সময়ত শান্ত হৈ থকাটো গুৰুত্বপূৰ্ণ আৰু ধোনীৰ এই গুণ তেওঁ যথেষ্ট পছন্দ কৰিছিল।

লক্ষণীয়ভাৱে ধোনীয়ে ৰে’লৱেত টিকট কালেক্টৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ দৰে কুছালেও চেণ্ট্ৰেল ৰে’লৱেত টিকট কালেক্টৰ হিচাপে কাম কৰিছিল৷ অৱশ্যে পেৰিছ অলিম্পিকত পদক জয়ৰ ক্ষেত্ৰত কুছালে পেৰিছত প্দক জয়ী আন এগৰাকী শ্বুটাৰ মনু ভাকেৰৰ পৰা প্ৰেৰণা পোৱা বুলি জানিবলৈ দিছে।

মনু ভাকৰক দেখি তেওঁৰ আত্মবিশ্বাস বৃদ্ধি পোৱা বুলি স্বপ্নিল কুছালেই জানিবলৈ দিয়ে। তেওঁ কয় যে যদি মনু জয়ী হ’ব পাৰে তেন্তে তেওঁ নিজেও জয়ী হ’ব পাৰে বুলি আত্মবিশ্বাসী হৈ উঠিছিল আৰু ইয়াৰ ফলেই লাভ কৰি আজি তাৰকা শ্বুটাৰগৰাকীয়ে সৃষ্টি কৰিলে ইতিহাসৰ।

Latest News