5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৱিনেশ ফ’গাটৰ বাবেই পেৰিছত পদক জয়ত ব্যৰ্থ মল্লযুঁজাৰুসকল! চাঞ্চল্যকৰ দাবী মল্লযুঁজ ফেডাৰেচনৰ সভাপতিৰ

পেৰিছ অলিম্পিকত মল্লযুঁজাৰুসকলৰ প্ৰদৰ্শনত ক্ষুদ্ধ হৈ পৰিছে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি সঞ্জয় সিং। তেওঁ পেৰিছ অলিম্পিকত মল্লযুঁজাৰুসকলৰ এই দুৰ্বল প্ৰদৰ্শনৰ বাবে কেইমাহমান পূৰ্বে দেশৰ আগশাৰীৰ মল্লযুঁজাৰুসকলে গঢ়ি তোলা আন্দোলনকে দোষাৰোপ কৰিছে।

ৱিনেশ ফ’গাটৰ বাবেই পেৰিছত পদক জয়ত ব্যৰ্থ মল্লযুঁজাৰুসকল! চাঞ্চল্যকৰ দাবী মল্লযুঁজ ফেডাৰেচনৰ সভাপতিৰ
মল্লযুঁজ ফেডাৰেচনৰ সভাপতিৰ চাঞ্চল্যকৰ মন্তব্য
monjit-dutta
Monjit Dutta | Published: 16 Aug 2024 20:45 PM

যোৱা ১১ আগষ্টত সামৰণি পৰিল পেৰিছ অলিম্পিকৰ। এই ক্ৰীড়া মহাসমাৰোহত ভাৰতীয় দলে মুঠ ৬টা পদক লাভ কৰি পদক তালিকাৰ ৭১তম স্থানত থাকে। আনহাতে দুৰ্ভাগ্যজনকভাৱে পেৰিছত ভাৰতে হেৰুৱাবলগীয়া হয় এক নিশ্চিত পদক। দুৰন্ত প্ৰদৰ্শনেৰে মহিলাৰ মল্লযুঁজৰ ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো দুৰ্ভাগ্যৱশতঃ পদক লাভ নকৰাকৈয়ে অলিম্পিক অভিযান সামৰিবলগীয়া হয় দেশৰ তাৰকা মল্লযুঁজাৰু ৱিনেশ ফ’গাটে। ফাইনেলৰ পূৰ্বে ওজন জোখাৰ সময়ত ৱিনেশৰ শৰীৰত অতিৰিক্ত ১০০ গ্ৰাম ওজন ওলোৱাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয় আৰু ইয়াৰ লগে লগে ভাৰতে হেৰুওৱায় এক নিশ্চিত পদক।

লক্ষণীয়ভাৱে ২০০৮ চনৰ বেইজিং অলিম্পিকৰ পৰাই ভাৰতে মল্লযুঁজ ইভেণ্টত সফলতা লাভ কৰি আহিছে। তেতিয়াৰ পৰা প্ৰতিখন অলিম্পিকতে ভাৰতীয় মল্লযুঁজাৰুসকলে দেশৰ বাবে কঢ়িয়াইছে পদক। এইবাৰ পেৰিছ অলিম্পিকত ছয়গৰাকী মল্লযুঁজাৰুৱে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। পূৰ্বতকৈ এইবাৰ  মল্লযুঁজ ইভেণ্টৰ পৰা অধিক পদক আশা কৰা হৈছিল যদিও কেৱল অমন ছেহৰাৱটেহে এক ব্ৰঞ্জ পদক জয় কৰে।

আনহাতে পদক নিশ্চিত কৰিও পদক অবিহনেই উভতিব লগা হয় ৱিনেশ। পেৰিছত মল্লযুঁজাৰুসকলৰ এই প্ৰদৰ্শনত ক্ষুদ্ধ হৈ পৰিছে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি সঞ্জয় সিং। তেওঁ পেৰিছ অলিম্পিকত মল্লযুঁজাৰুসকলৰ এই দুৰ্বল প্ৰদৰ্শনৰ বাবে কেইমাহমান পূৰ্বে দেশৰ আগশাৰীৰ মল্লযুঁজাৰুসকলে গঢ়ি তোলা আন্দোলনকে দোষাৰোপ কৰিছে।

স্প’ৰ্টছকিডাৰ সৈতে এক সাক্ষাৎকাৰত সঞ্জয় সিঙে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা অমন ছেহৰাৱটক উচ্চ প্ৰশংসা কৰে। কিন্তু একে সময়তে তেওঁ পেৰিছত ভাৰতীয় মল্লযুঁজাৰুসকলৰ প্ৰদৰ্শনত সুখী নহয় বুলিও মন্তব্য কৰে। সিঙৰ দাবী, এইবাৰ অলিম্পিকত মল্লযুঁজ ফেডাৰেচনে কমেও ৫টা পদক আশা কৰিছিল।

ইয়াৰ বাবে মল্লযুঁজাৰুসকলেও যথেষ্ট উন্নত পৰিকল্পনা কৰিছিল আৰু এই পৰিকল্পনা মতেই সকলো ঠিকেই চলি আছিল বুলি সঞ্জয় সিঙে মন্তব্য কৰে। কিন্তু মল্লযুঁজ ফেডাৰেচনৰ তদানীন্তন সভাপতি ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি মল্লযুঁজাৰুসকলে কৰা প্রতিবাদে এই প্রস্তুতিত ব্যাঘাত জন্মায় আৰু এই প্ৰতিবাদেই পদক লাভৰ সম্ভাৱনা কাঢ়ি লৈ গ’ল বুলি সিঙে লগতে দাবী কৰে।

ইফালে চূড়ান্ত খেলৰ পূৰ্বে অযোগ্য ঘোষিত হোৱাৰ বাবে ৱিনেশ ফ’গাটক দোষাৰোপ কৰে সঞ্জয় সিঙে। ওজন বজাই ৰখাটো মল্লযুঁজাৰুসকলৰ ব্যক্তিগত দায়িত্ব বুলি উল্লেখ কৰি তেওঁ লগতে তেওঁ ৱিনেশক বিচৰাৰ দৰেই সকলো সুবিধা দিয়া হৈছিল বুলিও দাবী কৰে। সঞ্জয় সিঙৰ এই বক্তব্যই এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে ৱিনেশ ফ’গাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াৰ নেতৃত্বতে বহু মল্লযুঁজাৰুৱে যন্তৰ মন্তৰত ব্ৰিজ ভূষণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। গতিকে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতিগৰাকীয়ে কাৰো নাম পোনপটীয়াকৈ উল্লেখ কৰা নাছিল যদিও তেওঁৰ বক্তব্যই ৱিনেশ ফ’গাটকে পৰোক্ষভাৱে আক্ৰমণ কৰা বুলি চৰ্চা চলিছে।

Latest News