5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মল্লযুঁজত অব্যাহত ভাৰতৰ সফলতাৰ ধাৰাঃ ইতিহাস ৰচি পেৰিছত ব্ৰঞ্জ জয় অমনৰ

ব্ৰঞ্জৰ পদকৰ মেচত প’ৱেৰ্ট’ ৰিকোৰ প্ৰতিদ্বন্দী ডেৰিয়ান ট্ৰয় ক্ৰুজক একপক্ষীয়ভাৱে ১৩-৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে অমনে আৰু এইদৰে পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ছয়টালৈ বৃদ্ধি কৰে। যুৱ তাৰকাগৰাকীয়ে লগতে অলিম্পিকত ব্যক্তিগত ইভেণ্টত পদক লাভ কৰা আটাইতকৈ কনিষ্ঠ ভাৰতীয় হিচাপে আন এক ইতিহাস ৰচনা কৰে।

মল্লযুঁজত অব্যাহত ভাৰতৰ সফলতাৰ ধাৰাঃ ইতিহাস ৰচি পেৰিছত ব্ৰঞ্জ জয় অমনৰ
ব্ৰঞ্জ জিনিলে অমনে
Follow Us
monjit-dutta
Monjit Dutta | Published: 10 Aug 2024 06:22 AM

পেৰিছ অলিম্পিকত ভাৰতৰ পদক তালিকাত সংযোজিত হৈছে আন এক পদক। অলিম্পিকত ভাৰতৰ বাবে অন্যতম সফল ইভেণ্ট হিচাপে পৰিগণিত হৈ অহা মল্লযুঁজৰ জৰিয়তে ভাৰতে লাভ কৰিছে এই পদক। মল্লযুঁজৰ পুৰুষৰ ৫৭ কিলোগ্ৰাম ওজন শাখাত ব্ৰঞ্জৰ পদক জয়েৰে দেশবাসীক আন এক গৌৰৱৰ ক্ষণৰ সাক্ষী কৰি তোলে অমন ছেহৰাৱটে। ইয়াৰ দ্বাৰা অমনে পেৰিছ অলিম্পিকত মল্লযুঁজ ইভেণ্টৰ পদকৰ বাবে আশাৰে অপেক্ষা কৰি থকা দেশবাসীক প্ৰদান কৰিছে সুখকৰ অনুভূতি।

ইতিপূৰ্বে এক নিশ্চিত পদকৰ কাষ চাপিও দুৰ্ভাগ্যৱশতঃ অযোগ্য ঘোষিত হৈ অলিম্পিক যাত্ৰা সামৰিব লগা হৈছিল তাৰকা ৰেষ্টলাৰ ৱিনেশ ফ’গাট। ৱিনেশৰ ক্ষেত্ৰত হোৱা এই অনাকাংক্ষিত পৰিস্থিতিয়ে ভাৰতীয় ক্ৰীড়াপ্ৰেমীক কৰি তুলিছিল শোকাহত। এতিয়া অমনৰ ব্ৰঞ্জ জয়ে যেন কিঞ্চিত ঽ’লেও ভাৰতীয় ক্ৰীড়ানুৰাগীসকলৰ এই ব্যথা হ্ৰাস কৰিব।

ব্ৰঞ্জৰ পদকৰ মেচত প’ৱেৰ্ট’ ৰিকোৰ প্ৰতিদ্বন্দী ডেৰিয়ান ট্ৰয় ক্ৰুজক একপক্ষীয়ভাৱে ১৩-৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে অমনে আৰু এইদৰে পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ছয়টালৈ বৃদ্ধি কৰে। যুৱ তাৰকাগৰাকীয়ে লগতে অলিম্পিকত ব্যক্তিগত ইভেণ্টত পদক লাভ কৰা আটাইতকৈ কনিষ্ঠ ভাৰতীয় হিচাপে আন এক ইতিহাস ৰচনা কৰে।

উল্লেখ্য যে কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰা ২১ বৰ্ষীয় অমনে দুৰন্ত প্ৰদৰ্শনেৰে অলিম্পিক অভিযান আগবঢ়াই নিছিল। প্ৰথমখন যুঁজতে মেচিডোনিয়াৰ ভ্লাদিমিৰ ইগ’ৰভক ১০-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰাৰ পিছত কোৱাৰ্টাৰ ফাইনেলতো একপক্ষীয়ভাৱে আলবেনিয়াৰ জেলিমখান আবাকাৰভক ১২-০ ব্যৱধানত পৰাস্ত কৰে অমনে আৰু ছেমিত প্ৰৱেশ কৰে।

অৱশ্যে ছেমিত বিশ্বৰ শীৰ্ষ ৰেংকিঙৰ খেলুৱৈ জাপানৰ ৰেই হিগুচিৰ বিপক্ষে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় অমন। অৱশ্যে স্বৰ্ণ বা ৰূপ জয়ত বিফল হ’লেও আজি ব্ৰঞ্জ জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰি তোলে যুৱ খেলুৱৈগৰাকীয়ে। লক্ষণীয়ভাৱে অমনৰ এই সফলতা আন এক কাৰণতো যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে।

ইতিপূৰ্বে টকিঅ’ অলিম্পিকতো ভাৰতে ৫৭ কিলোগ্ৰাম শাখাত লাভ কৰিছিল পদক। সেইবাৰ ৰবি দহিয়াই ৰূপৰ পদক লাভ কৰি দেশক মল্লযুঁজৰ জৰিয়তে আন এক অলিম্পিক পদক প্ৰদান কৰিছিল। এই ৰবি দহিয়াক অমনে নিজৰ গুৰু বুলি গণ্য কৰি আহিছে। পিছে গুৰু ৰবিক নেশ্যনেল ট্ৰাইলত পৰাস্ত কৰিয়েই অলিম্পিক কোৱালিফায়াৰত স্থান নিশ্চিত কৰিছিল অমন ছেহৰাৱটে।

তদুপৰি অমনৰ এই সাফল্যৰ দ্বাৰা ভাৰতে একেৰাহে পঞ্চমবাৰৰ বাবে অলিম্পিকত মল্লযুঁজত সফলতাৰ ধাৰা অব্যাহত ৰাখিছে। ২০০৮ চনত বেইজিঙত ব্ৰঞ্জৰ পদক জয়েৰে এই ধাৰাৰ আৰম্ভণি ঘটাইছিল সুশীল কুমাৰে। তাৰ পিছত ২০১২ চনৰ লণ্ডনত সুশীলে ৰূপ আৰু যোগেশ্বৰ দত্তই ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পিছত ২০১৬ চনৰ ৰিঅ’ত সাক্ষী মালিকে ব্ৰঞ্জ আৰু ২০২০ চনৰ টকিঅ’ত ৰবি দহিয়াই ৰূপৰ পদক লাভ কৰিছিল।

Latest News