5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দেশৰ আশা পূৰণৰ পিছত এইবাৰ লক্ষ্য মাতৃৰ আশা পূৰণঃ নামৰ আগত ডক্টৰেট লগোৱাৰ মন মনুৰ…

পেৰিছ অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক জয়েৰে ইতিহাস ৰচনা কৰা তাৰকা শ্বুটাৰ মনু ভাকৰ এতিয়া ক্ৰীড়াক্ষেত্ৰৰ লগতে ব্যৱসায়িকভাৱেও ব্যস্ত হৈ পৰিছে। এই ব্যস্ততাৰ মাজতো অৱশ্যে মনুৱে পুহি ৰাখিছে এক বিশেষ লক্ষ্য। সেয়ে খেলৰ সমান্তৰালকৈ এই লক্ষ্য পূৰণৰ বাবে সাধনাতো ব্যস্ত হৈ আছে মনু ভাকৰ।

দেশৰ আশা পূৰণৰ পিছত এইবাৰ লক্ষ্য মাতৃৰ আশা পূৰণঃ নামৰ আগত ডক্টৰেট লগোৱাৰ মন মনুৰ…
মাতৃৰ সৈতে মনু ভাকৰ
Follow Us
monjit-dutta
Monjit Dutta | Updated On: 22 Sep 2024 18:42 PM

পেৰিছ অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক জয়েৰে ইতিহাস ৰচনা কৰা তাৰকা শ্বুটাৰ মনু ভাকৰ এতিয়া ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ এক উজ্জল নাম। অলিম্পিকত লাভ কৰা সফলতাৰ পিছত আদৰ বাঢ়িছে তাৰকা খেলুৱৈগৰাকীৰ। ক্ৰীড়াক্ষেত্ৰৰ লগতে এতিয়া ব্যৱসায়িকভাৱেও ব্যস্ত হৈ পৰিছে মনু। এই ব্যস্ততাৰ মাজতো অৱশ্যে মনুৱে পুহি ৰাখিছে এক বিশেষ লক্ষ্য। এই লক্ষ্য পূৰণৰ বাবে তেওঁ পাৰ্যমানে চেষ্টাও অব্যাহত ৰাখিছে। পেৰিছত দেশবাসীৰ আশা পূৰণ কৰা মনুৱে এইবাৰ মাতৃৰ আশা পূৰণৰ বাবে চলাইছে যথাসাধ্য প্ৰচেষ্টা।

পিছে কি এই আশা? মনুৱেই জানিবলৈ দিছে এই বিষয়ে। তাৰকা খেলুৱৈগৰাকীয়ে জানিবলৈ দিয়া মতে ভৱিষ্যতে তেওঁ পি এইচ ডি কৰিব বিচাৰে। মনুৱে লগতে উল্লেখ কৰা মতে মনুৰ নামৰ আগত ডক্টৰ লিখাটো বিচাৰে তেওঁৰ মাতৃয়ে। সেইবাবেই শ্বুটিংৰ সমান্তৰালকৈ মনু ভাকৰে নিজৰ পঢ়া-শুনাও অব্যাহত ৰাখিছে। দিল্লী ষ্টেট ৰাইফল এছ’চিয়েশ্যনৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত তেওঁ এই কথা প্ৰকাশ কৰে।

মনু ভাকৰ আৰু তেওঁৰ প্ৰশিক্ষক জছপাল ৰানাৰ লগতে পেৰালিম্পিক শ্বুটিং প্ৰশিক্ষক সুভাষ ৰাণাৰ সন্মানত দিল্লী ষ্টেট ৰাইফল এছ’চিয়েশ্যনে এই অনুষ্ঠানৰ আয়োজন কৰিছিল। এই সময়ছোৱাত খেলুৱৈসকলকো সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত অংশ লৈ মনুৱে জানিবলৈ দিয়ে যে তেওঁ ইতিমধ্যে পাব্লিক এডমিনিষ্ট্ৰেচন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছে আৰু ভৱিষ্যতে পি এইচ ডি কৰিব বিচাৰে।

মনু ভাকৰে লগতে কিছু দিনৰ বাবে তেওঁ শ্বুটিঙৰ পৰা বিৰতি লোৱা বুলিও প্ৰকাশ কৰে। কেইমাহমানৰ বিৰতিৰ পিছত তেওঁ পুনৰ শ্বুটিং ৰেঞ্জলৈ ঘূৰি আহিব আৰু তাৰ পিছত পৰৱৰ্তী অলিম্পিকৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব বুলি তাৰকা শ্বুটাৰগৰাকীয়ে লগতে উল্লেখ কৰে। মনুৱে লগতে পেৰিছত লাভ কৰা সাফল্যৰ বাবে প্ৰশিক্ষক জছপাল ৰানাৰ প্ৰতিও কৃতজ্ঞতা জনায়।

প্ৰশিক্ষক ৰানাৰ অবিহনে অলিম্পিকত সফলতাৰ যাত্ৰা সম্ভৱ নহ’লহেঁতেন বুলি মন্তব্য কৰে মনুয়ে। তেওঁ কয় যে জছপল ৰানাৰ অহৰহ উৎসাহ আৰু পৰিয়ালৰ সহযোগিতাৰ পৰাই তেওঁ প্ৰেৰণা তথা শক্তি লাভ কৰিছিল। এই যাত্ৰাত সহযোগী সকলকো ধন্যবাদ জ্ঞাপন কৰে মনুয়ে। ইফালে প্ৰশিক্ষক জছপল ৰানায়ো মনু ভাকৰক উচ্চ প্ৰশংসা কৰে।

মনুৰ এই সফলতাক সমগ্ৰ দেশে শলাগ লৈছে আৰু প্ৰশিক্ষক হিচাপে তেওঁৰ বাবে এয়া এক সুখ আৰু গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে প্ৰশিক্ষকগৰাকীয়ে। এই সফলতাৰ আঁৰত কঠোৰ পৰিশ্ৰম আছে বুলি উল্লেখ কৰি জছপাল ৰাণাই লগতে নিজৰ সামৰ্থ্য অনুযায়ী দেশৰ যুৱ প্ৰতিভাক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

Latest News