এক দুৰ্ঘটনাই কৰিছিল শৰীৰৰ আধা অংশ পেৰালাইছ, এতিয়া পেৰিছ পেৰালিম্পিকত স্বৰ্ণ জয় কৰিলে ধৰমবীৰে

প্ৰশিক্ষণ গ্ৰহণ কৰাৰ মাত্ৰ ২  বছৰ বয়সতে তেওঁ খেলৰ বহু জ্ঞান আয়ত্ত কৰি লৈছিল। ২০১৬ চনৰ ৰিঅ’ পেৰালিম্পিকত তেওঁ এ- কোৱালিফিকেশ্যন মাৰ্ক পাইছিল। ৰিঅ’ত তেওঁ ৯ম স্থান দখল কৰি টকিঅ’ পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।

এক দুৰ্ঘটনাই কৰিছিল শৰীৰৰ আধা অংশ পেৰালাইছ, এতিয়া পেৰিছ পেৰালিম্পিকত স্বৰ্ণ জয় কৰিলে ধৰমবীৰে

ধৰমবীৰ সিং

Updated On: 

05 Sep 2024 09:32 AM

এইবাৰ পেৰিছ পেৰালিম্পিকত ভাৰতীয় এথলীটসকলে বুটলিছে এটাৰ পাছত আনটো পদক। ৪ ছেপ্টেম্বৰত ভাৰতৰ হৈ ধৰমবীৰ সিঙে ক্লাব থ্ৰ’ এফ ৫১ত অংশ গ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এয়াই নহয়, তেওঁ ৩৪.৯২ মিটাৰ থ্ৰ’ কৰি এছিয়ান ৰেকৰ্ড ভংগ কৰে। হাৰিয়ানাৰ ধৰমবীৰ সিঙৰ খেলৰ আৰম্ভণী  বৰ বেছি ঠিক নাছিল। প্ৰথম ৪ টা থ্ৰট তেওঁৰ ফাউল আছিল যদিও পঞ্চম থ্ৰটত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ কৰা প্ৰয়োজন যে F51 ইভেণ্ট সেইসকল খেলুৱৈৰ বাবে, যাৰ কঁকালৰ তলৰ অংশ বিশেষভাৱে সক্ষম হোৱা বাবে কান্ধ আৰু বাহু ব্যৱহাৰ কৰি খেল খেলে। ৩৫ বছৰীয়া এই যুৱকজনৰ প্ৰথম অৱস্থাত খেলৰ প্ৰতি কোনো আগ্ৰহ নাছিল। কিন্তু বিধিৰ বিধান! এটা মৰ্মান্তিক ঘটনাই সলনি কৰি দিলে ধৰমবীৰৰ জীৱন। এবাৰ ধৰমবীৰে পানীত জঁপিয়াইছিল কিন্তু সেই সময়ত তেওঁ পানীৰ গভীৰতা অনুমান কৰিব পৰা নাছিল। যাৰ বাবে পানীত থকা এটা ডাঙৰ শিলত  তেওঁ খুন্দা খায়। এই ঘটনাৰ ফলত ধৰমবীৰ পেৰালাইছিচ অৰ্থাৎ পক্ষাঘাতত আক্ৰান্ত হয় আৰু শৰীৰৰ তলৰ অংশৰ সক্ৰিয়তা সম্পূৰ্ণ নোহোৱা হৈ যায়।

এই ঘটনাৰ পাছত ধৰমবীৰ কঠিন সময়ৰ সন্মুখীন হৈছিল।  লাহে লাহে ধৰমবীৰ খেলৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল। ২০১৪ চনত ২৫ বছৰ বয়সত তেওঁ পেৰা স্প’ৰ্টছৰ বিষয়ে জানিবলৈ পায়। তাৰ পাছতে তেওঁৰ লাহে লাহে আৰম্ভ হৈছিল ক্ৰীড়াৰ যাত্ৰা। ধৰমবীৰে তেওঁৰ মেন্টৰ অমিত কুমাৰৰ সমৰ্থন লাভ কৰিছিল।

প্ৰশিক্ষণ গ্ৰহণ কৰাৰ মাত্ৰ ২  বছৰ বয়সতে তেওঁ খেলৰ বহু জ্ঞান আয়ত্ত কৰি লৈছিল। ২০১৬ চনৰ ৰিঅ’ পেৰালিম্পিকত তেওঁ এ- কোৱালিফিকেশ্যন মাৰ্ক পাইছিল। ৰিঅ’ত তেওঁ ৯ম স্থান দখল কৰি টকিঅ’ পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।

২০২২ চনত চীনত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছিল ধৰমবীৰে। একে সময়তে ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত ক্লাব থ্ৰ’ আৰু ডিস্কাছ থ্ৰ’ত ২টা ৰূপৰ পদক লাভ কৰে। ইয়াৰ পাছতে তেওঁ পেৰিছ পেৰালিম্পিকত সোণৰ পদক লাভ কৰে।তেওঁক হাৰিয়ানা চৰকাৰে ভীম বঁটাৰেও সন্মানিত কৰিছে। এই সন্মান হাৰিয়ানা চৰকাৰে দিয়া সৰ্বোচ্চ সন্মান।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতে এতিয়ালৈকে পেৰিছ পেৰালিম্পিকত ২৪ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত  ৫ টা সোণ, ৯ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জৰ পদক আছে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!