শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PBKS vs CSK Live Score, IPL 2025 : চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পঞ্জাৱ কিংছৰ জয়লাভ, ধোনীৰ ২৭ ৰানেও দিব নোৱাৰিলে চেন্নাইক জয়ৰ সোৱাদ

Punjab Kings vs Chennai Super Kings Live Score in Assamese: আই পি এলত আজি হাইভ’ল্টেজ মেচ। আজি মুল্লানপুৰ ক্ৰিকেট ষ্টেডিয়ামৰ পৰা পঞ্জাৱ কিংছ বনাম চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ লাইভ আপডেত চাওক । শেহতীয়া খবৰৰ বাবে আমাৰ লগত থাকক।

barasha-misra
Barasha Misra | Updated On: 08 Apr 2025 23:19 PM
PBKS vs CSK Live Score, IPL 2025 : চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পঞ্জাৱ কিংছৰ জয়লাভ, ধোনীৰ ২৭ ৰানেও দিব নোৱাৰিলে চেন্নাইক জয়ৰ সোৱাদ
আই পি এলত আজি পঞ্জাৱ কিংছ বনাম চেন্নাই চুপাৰ কিংছৰ মেচ

ঘৰুৱা খেলপথাৰত প্ৰথমখন খেলত পৰাস্ত হোৱাৰ পিছত পুনৰ আজি খেলপথাৰত নামিব পঞ্জাৱ কিংছ। পঞ্জাৱে আই পি এল ২০২৫ৰ ২২ সংখ্যক খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব।,এই মেচখন পঞ্জাৱৰ ঘৰুৱা খেলপথাৰ মুল্লানপুৰত অনুষ্ঠিত হ’ব। একেখন ষ্টেডিয়ামতে পঞ্জাৱৰ অন্তিমখন খেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, যিটো এই ছিজনত দলটোৰ প্ৰথমটো পৰাজয় আছিল। শ্ৰেয়াছ আয়াৰৰ দলটোৱে পুনৰ জয়ৰ পথলৈ ঘূৰি আহিব বিচাৰিছে। একে সময়তে একেৰাহে তিনিটা পৰাজয়ৰ পাছত সংগ্ৰাম কৰি থকা ৰুতুৰাজ গাইকৱাদৰ দল চেন্নাই ছুপাৰ কিংছে এই ছিজনত দ্বিতীয়টো জয়ৰ আশা কৰিছে।

 

LIVE NEWS & UPDATES

The liveblog has ended.
  • 08 Apr 2025 11:16 PM (IST)

    চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পঞ্জাৱ কিংছৰ জয়লাভ

    চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পঞ্জাৱ কিংছৰ জয়লাভ। ১৮ ৰানত পৰাজয়বৰণ চেন্নাই ছুপাৰ কিংছৰ। এম এছ ধোনীৰ ১২টা বলত ২৭ ৰানৰ ইনিংছও দিব নোৱাৰিলে চেন্নাইক জয়ৰ সোৱাদ।

  • 08 Apr 2025 11:12 PM (IST)

    ধোনী আউট

    ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে চেন্নাই চুপাৰ কিংছ। এম এছ ধোনী আউট, তেওঁ ১২টা বলত ২৭ ৰান সংগ্ৰহ কৰে। চেন্নাইক জয়ী হ’বলৈ ৫টা বলত ২৮ ৰানৰ প্ৰয়োজন।

  • 08 Apr 2025 11:07 PM (IST)

    ;চেন্নাইক ১২টা বলত ৪৩ ৰানৰ প্ৰয়োজন

    চেন্নাই দলে ১৮ অভাৰত ৪টা উইকেট হেৰুৱাই ১৭৭ ৰান সংগ্ৰহ কৰিছে। এতিয়া তেওঁলোকক জয়ী হ’বলৈ ১২টা বলত ৪৩ ৰানৰ প্ৰয়োজন।

  • 08 Apr 2025 10:59 PM (IST)

    ২৪টা বলত ৬৮ ৰানৰ প্ৰয়োজন

    চেন্নাইয়ে ১৬ অভাৰৰ অন্তত ৩ উইকেট হেৰুৱাই ১৫২ ৰান সংগ্ৰহ কৰে। এতিয়া জয়ী হ’বলৈ ২৪ বলত ৬৮ ৰানৰ প্ৰয়োজন।

  • 08 Apr 2025 10:45 PM (IST)

    কনৱেৰ অৰ্ধশতক

    ডেভন কনৱেই অৰ্ধ শতক অৰ্জন কৰিছে। ইয়াৰ বাবে তেওঁ ৩৭টা বলৰ সন্মুখীন হৈছে।

  • 08 Apr 2025 10:33 PM (IST)

    চেন্নাইৰ ১০০ ৰান পাৰ

    ১১ অভাৰত চেন্নাই চুপাৰ কিংছে ২ উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰিছে। শিৱম ডুবেই ১৪ বলত ২৪ ৰান আৰু কনৱেই ২৭ বলত ৩২ ৰান সংগ্ৰহ কৰিছে।

  • 08 Apr 2025 10:22 PM (IST)

    ৬০ বলত ১২৯ ৰানৰ প্ৰয়োজন

    ১০ অভাৰৰ খেল সম্পূৰ্ণ হৈছে। চেন্নাইয়ে ২টা উইকেট হেৰুৱাই ৯১ ৰান সংগ্ৰহ কৰিছে। এতিয়া তেওঁলোকক জয়ী হ’বলৈ ৬০ বলত ১২৯ ৰানৰ প্ৰয়োজন।

  • 08 Apr 2025 10:12 PM (IST)

    মাৰ্কোৰ প্ৰদৰ্শন

    ৯ নং অভাৰত মাৰ্কো জান্সেনে বল কৰে। এই অভাৰত তেওঁ ১০ ৰান দিয়ে। চেন্নাইয়ে ২টা উইকেট হেৰুৱাই ৭৯ ৰান সংগ্ৰহ কৰিছে।

  • 08 Apr 2025 09:57 PM (IST)

    চেন্নাইৰ ৫০ ৰান অতিক্ৰম

    পাৱাৰপ্লেত আজি ৰচিন ৰবিন্দ্ৰ আৰু ডেভন কনৱেই এক সুন্দৰ আৰম্ভণি কৰিছে। ৫.৫ অভাৰৰ অন্তত চেন্নাইয়ে হেৰুৱাই ৫৮ ৰান সংগ্ৰহ কৰে। কনৱেৰ ১৬ টা বলত ২২ ৰান সংগ্ৰহ আৰু ৰচিনে ২০ বলত ৩৫ ৰান সংগ্ৰহ কৰি ক্ৰীজত উপস্থিত আছে ।

  • 08 Apr 2025 09:53 PM (IST)

    যশ ঠাকুৰৰ অভাৰত ৪টা চাৰি

    চতুৰ্থ অভাৰত যশ ঠাকুৰে বলিং কৰিবলৈ আহিছিল। এইফালে তেওঁ ৪টা চাৰি মাৰিলে। ডেভন কনৱেই ১ চাৰি আৰু ৰচিন ৰবিন্দ্ৰই ৩ চাৰি আৰু ১৭ ৰান সংগ্ৰহ কৰে। চেন্নাইয়ে ৪ অভাৰৰ অন্তত পৰাজয় নোহোৱাকৈ ৩৯ ৰান সংগ্ৰহ কৰিছে।

  • 08 Apr 2025 09:39 PM (IST)

    চেন্নাইৰ বেটিং আৰম্ভ

    ২২০ ৰানৰ লক্ষ্য আগত লৈ খেলিছে চেন্নাই। ৰাচিন ৰবিন্দ্ৰ আৰু ডেভন কনৱেই ল’লে দায়িত্ব। প্ৰথম অভাৰত চেন্নাই ছুপাৰ কিংছে ৯ ৰান সংগ্ৰহ কৰে।

  • 08 Apr 2025 09:26 PM (IST)

    চেন্নাইৰ সন্মুখত লক্ষ্য ২২০ ৰান

    পঞ্জাৱ কিংছৰ দলটোৱে চেন্নাইৰ সন্মুখত ২২০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰথম ইনিংছত পঞ্জাৱৰ হৈ প্ৰিয়ংশ আৰ্য্যই ৪২টা বলত ১০৩ ৰান আৰু শশাংক সিঙে ৩৬টা বলত ৫২ ৰান সংগ্ৰহ কৰে। আনহাতে মাৰ্কোই ১৯টা বলত ৩৪ ৰানৰ যোগদান আগবঢ়ায়।

  • 08 Apr 2025 09:16 PM (IST)

    পাঞ্জাৱৰ ২০০ পাৰ

    শশাংক সিং আৰু মাৰ্কোই পুনৰবাৰ বৃদ্ধি কৰিলে ৰান ৰেট। দুয়োজনে একেলগে ১৯ অভাৰত ১৪ ৰান সংগ্ৰহ কৰে। পঞ্জাৱে ৬টা উইকেট হেৰুৱাই ২০৭ ৰান সংগ্ৰহ কৰিছে।

  • 08 Apr 2025 09:08 PM (IST)

    শশাংকৰ দুৰ্বল প্ৰদৰ্শন

    ১৭ অভাৰৰ চতুৰ্থ বলত শশাংক সিঙৰ এটা সহজ কেচ ড্ৰপ কৰে ৰচিন ৰবিন্দ্ৰই। এই অভাৰৰ পৰা ১২ ৰান আৰু পঞ্জাৱে ৬ উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰে।

  • 08 Apr 2025 09:06 PM (IST)

    পঞ্জাৱৰ লেহেমীয়া গতি

    প্ৰিয়ংশ আৰ্য আউট হোৱাৰ পিছত পঞ্জাৱৰ দলৰ গতি লেহেমীয়া হৈছে। ১৬ নং অভাৰৰ পৰা মাত্ৰ ৬ ৰানহে কৰিছে। যোৱা ১৪টা বলত মাত্ৰ ১৬ ৰান হৈছে । ১৬ অভাৰৰ অন্তত ৬ উইকেট হেৰুৱাই ১৭০ ৰান সংগ্ৰহ কৰে পঞ্জাৱে।

  • 08 Apr 2025 08:54 PM (IST)

    শতক অৰ্জন কৰি আউট প্ৰিয়ংশ আৰ্য

    শতক অৰ্জন কৰি আউট প্ৰিয়ংশ আৰ্য। প্ৰিয়ংশে ৪২টা বলত ১০৩ ৰান সংগ্ৰহ কৰে। পঞ্জাৱে ১৪ অভাৰৰ অন্তত ৬ উইকেট হেৰুৱাই ১৫৮ ৰান সংগ্ৰহ কৰে।

  • 08 Apr 2025 08:41 PM (IST)

    প্ৰিয়ংশ আৰ্য্যৰ ৩৯টা বলত শতক অৰ্জন

    মাত্ৰ ৩৯টা বলত শতক অৰ্জন কৰিছে প্ৰিয়ংশ আৰ্য্যই। আই পি এলৰ ইতিহাসত চতুৰ্থটো দ্ৰুততম শতক।

  • 08 Apr 2025 08:29 PM (IST)

    পাঞ্জাৱৰ ১০০ ৰান অতিক্ৰম

    ১৪ নং অভাৰত নূৰ আহমেদে ১৪ ৰান দিয়ে। ইয়াৰ লগে লগে পঞ্জাৱ কিংছে ৫টা উইকেট হেৰুৱাই ১০৮ ৰান সংগ্ৰহ কৰিছে। প্ৰিয়ংশ আৰ্য্যই ৩২টা বলত ৬৭ ৰান আৰু শশাংক সিঙে ১১টা বলত ১৫ ৰান সংগ্ৰহ কৰি বেটিং কৰি আছে।

  • 08 Apr 2025 08:28 PM (IST)

    পঞ্জাৱৰ দলৰ আধা খেলুৱৈ আউট

    ৮ম অভাৰত অশ্বিনে উজ্জ্বল বলিং কৰিছে। এই অভাৰত তেওঁ দুটা উইকেট দখল কৰে। প্ৰথমে নেহাল বাধেৰাক আউট কৰে। তাৰ পিছত গ্লেন মেক্সৱেলক পেভিলিয়নলৈ পঠিয়াই। এতিয়া ৮ অভাৰৰ অন্তত ৮৯ ৰানৰ স্ক’ৰত আউট পঞ্জাৱৰ দলৰ আধা খেলুৱৈ।

  • 08 Apr 2025 08:16 PM (IST)

    পঞ্জাৱৰ ৪টা উইকেট হেৰুৱাই ৮১ ৰান সংগ্ৰহ

    নেহাল বাধেৰাৰ উইকেট দখল কৰিছে আৰ অশ্বিনে। তেওঁ ৭টা বলত ৯ ৰান সংগ্ৰহ কৰে। পঞ্জাৱে ৪টা উইকেট হেৰুৱাই ৮১ ৰান সংগ্ৰহ কৰিছে।

  • 08 Apr 2025 08:10 PM (IST)

    তৃতীয় উইকেট হেৰুৱালে পঞ্জাৱে

    মাৰ্কাছ ষ্টোইনিছৰ উইকেট দখল কৰিছে খলিল আহমেদে। তৃতীয়টো উইকেট হেৰুৱালে পঞ্জাৱ কিংছ দলে। খলিলে তিনিওটা উইকেট দখল কৰিছে। ৫ অভাৰৰ অন্তত পঞ্জাৱে ৩টা উইকেট হেৰুৱাই ৫৪ ৰান সংগ্ৰহ কৰে।

  • 08 Apr 2025 07:54 PM (IST)

    প্ৰিয়ংশৰ বেটে যেন কথা কৈছে

    এফালৰ পৰা উইকেট হেৰাই থকাৰ পাছতো পঞ্জাৱৰ অ’পেনাৰ প্ৰিয়ংশ আৰ্য্যই নিজৰ ষ্টাইল সলনি কৰা নাই। চতুৰ্থ অভাৰত প্ৰিয়ংশ আৰ্য্যই মুকেশ চৌধুৰীৰ বলিংত একেৰাহে তিনিটা চাৰি কোবাই।

  • 08 Apr 2025 07:52 PM (IST)

    শ্ৰেয়াছ আয়াৰ আউট

    পঞ্জাৱ কিংছক দ্বিতীয়টো আঘাত দিলে খলিল আহমেদে। প্ৰিয়ংশ আৰিয়াৰ সৈতে বিস্ফোৰক বেটিং কৰি থকা শ্ৰেয়াছ আয়াৰৰ অফ ষ্টাম্প বগৰাই দিয়ে।

  • 08 Apr 2025 07:47 PM (IST)

    পঞ্জাৱ কিংছৰ প্ৰথম বিপৰ্যয়

    প্ৰথম বিপৰ্যয়ৰ সন্মুখীন হৈছে পঞ্জাৱ কিংছ। দ্বিতীয় অভাৰত প্ৰভসিমৰন সিঙে (০) বল কৰে। মুকেশ চৌধৰীয়ে বল কৰা বলটো প্ৰভসিমৰণৰ বেটত খুন্দা মাৰি ষ্টাম্পত সোমাই যায়।

  • 08 Apr 2025 07:41 PM (IST)

    প্ৰথম অভাৰতে পঞ্জাৱৰ ভাল আৰম্ভণি

    পঞ্জাৱ দলটোৱে দ্ৰুতগতিত আৰম্ভ কৰিছে ইনিংছ। খলিল আহমেদৰ অভাৰত অ’পেনাৰ প্ৰিয়ংশ আৰ্য্যই ১৭ ৰান সংগ্ৰহ কৰে। অভাৰৰ প্ৰথম আৰু শেষ বলত ছয় মাৰিলে।

  • 08 Apr 2025 07:39 PM (IST)

    পঞ্জাৱ কিংছৰ ইনিংছ আৰম্ভ

    পঞ্জাৱ কিংছৰ ইনিংছ আৰম্ভ হৈছে । পঞ্জাৱৰ অ’পেনাৰ প্ৰিয়ংশ আৰ্য্যই প্ৰথম বলত ছয় মাৰি শক্তিশালী আৰম্ভণি কৰে।

  • 08 Apr 2025 07:31 PM (IST)

    এইসকলে খেলিব চেন্নাইৰ দলত

    ৰচিন ৰবিন্দ্ৰ, ডেভন কনৱে, ঋতুৰাজ গাইকৱাদ (অধিনায়ক), বিজয় শংকৰ, ৰবীন্দ্ৰ জাডেজা, এম এছ ধোনী(উইকেটকীপাৰ), আৰ অশ্বিন, নূৰ আহমেদ, মুকেশ চৌধাৰী, মথিছা পাথিৰানা, খলিল আহমেদ।

    ইমপেক্ট ছাব : শিৱম ডুবে, ৰাহুল ত্ৰিপাঠী, দীপক হুদা, অংশুল কামোজ, জেমী অভাৰটন।

  • 08 Apr 2025 07:29 PM (IST)

    পঞ্জাৱ কিংছৰ প্লেয়িং একাদশত

    প্ৰভসিমৰন সিং, প্ৰিয়ংশ আৰ্য্য, শ্ৰেয়াছ আয়েৰ (অধিনায়ক), নেহাল ৱাধেৰা, শশাংক সিং, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্টয়নিছ, মাৰ্কো জান্সেন, যুজবেন্দ্ৰ চাহাল, আৰ্ছদীপ সিং, লকি ফাৰ্গুচন

  • 08 Apr 2025 07:22 PM (IST)

    দুয়োটা দলত পৰিৱৰ্তন হোৱা নাই

    পঞ্জাৱ আৰু চেন্নাই দলত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। আজিও দুয়োটা দলে খেলি আছে, যিকেইজনে শেষৰখন মেচত খেলিছিল।

  • 08 Apr 2025 07:18 PM (IST)

    আজিৰ খেলখন ধোনীয়ে খেলিব

    এম এছ ধোনীয়ে অৱসৰ লোৱা নাই বুলি জানি চেন্নাই চুপাৰ কিংছৰ অনুৰাগীয়ে পাইছে সকাহ। তেওঁ আজিৰ খেলখন খেলিব। ধোনীৰ আগৰ মেচখনলৈ আহিছিল ধোনীৰ পিতৃ-মাতৃ, যাৰ বাবেই তেওঁৰ অৱসৰৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

  • 08 Apr 2025 07:10 PM (IST)

    PBKS vs CSK: কি আছিল পুৰণি ৰেকৰ্ড?

    আই পি এলত চেন্নাই চুপাৰ কিংছৰ সৈতে যুঁজিব খুব কম দল আছে। তাৰ ভিতৰত পঞ্জাৱ কিংছ অন্যতম। আই পি এলত দুয়োটা দলৰ মাজত ৩০খন মেচ খেলিছে, ইয়াৰে চেন্নাইয়ে ১৬খন মেচত জয়লাভ কৰাৰ বিপৰীতে পঞ্জাৱে ১৪খন খেলত জয়লাভ কৰিছে।

  • 08 Apr 2025 07:03 PM (IST)

    পঞ্জাৱে টছত জয়লাভ কৰে

    পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়েৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। চেন্নাইৰ অধিনায়ক ঋতুৰাজেও প্ৰথমে বেটিং কৰিব বিচাৰে।

  • 08 Apr 2025 06:57 PM (IST)

    ৭ঃ৩০ বজাত হ’ব খেল আৰম্ভ

    পঞ্জাৱ কিংছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ টছ সাত বজাত অনুষ্ঠিত হ’ব।

  • 08 Apr 2025 06:50 PM (IST)

    মুল্লানপুৰত দ্বিতীয়খন খেল

    মুল্লানপুৰৰ মহাৰাজা যাদবিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত এই ছিজনৰ দ্বিতীয়খন খেল। প্ৰথমখন খেলত পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হয়, য’ত ৰাজস্থান ৰয়েলছে একপক্ষীয়ভাৱে জয়লাভ কৰে।

Published On - Apr 08,2025 6:48 PM