শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PBKS vs KKR Live Score, IPL 2025: অনাকাংশিত জয় পঞ্জাৱৰ , ১৬ ৰানত পৰাস্ত KKRৰ

Punjab Kings vs Kolkata Knight Riders Live Score in Assamese: আজি পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত আই পি এল ২০২৫ৰ ৩১ সংখ্যক খেল। মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই মেচ। ১৫.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই পঞ্জাৱ কিংছে সংগ্ৰহ কৰে ১১১ ৰান। ১৫.১ বলত ৯৫ ৰানত অল আউট কলকাতা নাইট ৰাইডাৰ্ছ। চাওক মেচৰ প্ৰতিটো মুহূৰ্তৰ খবৰ...

trishna-kalita
Trishna Kalita | Updated On: 15 Apr 2025 22:51 PM
PBKS vs KKR Live Score, IPL 2025: অনাকাংশিত জয় পঞ্জাৱৰ , ১৬ ৰানত পৰাস্ত KKRৰ
পঞ্জাৱ কিংছ-কলকাতা নাইট ৰাইডাৰ্ছ

আজি আই পি এল ২০২৫ত দেখা যাব আন এখন ৰোমাঞ্চকৰ মেচ। ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ’ব পঞ্জাৱ কিংছ। এই খেলখন মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। বিগত বছৰত শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত কেকেআৰ চেম্পিয়ন হৈছিল। এতিয়া এই মেচত দুয়োটা দলক পুনৰ মুখামুখি হোৱা দেখা যাব। এই ছিজনটো দুয়োটা দলৰ বাবে এতিয়ালৈকে বিশেষ একো হোৱা নাই। ৫ম স্থানত কেকেআৰ আৰু ৬ষ্ঠ স্থানত আছে পঞ্জাৱ দল। প্ৰথমে বেটিং কৰি আটাইকেইটা উইকেট হেৰুৱাই পঞ্জাৱ কিংছে সংগ্ৰহ কৰিছিল ১১১ ৰান। ১৫.১ বলত ৯৫ ৰানত অল আউট কলকাতা নাইট ৰাইডাৰ্ছ।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 15 Apr 2025 10:41 PM (IST)

    পঞ্জাৱ কিংছৰ জয়

    শেষ হাঁহি মাৰিলে পঞ্জাৱ কিংছে। ১৫.১ বলত ৯৫ ৰান কৰি থমকিল কলকাতা নাইট ৰাইডাৰ্ছৰ বেটিং।

     

  • 15 Apr 2025 10:37 PM (IST)

    কেকেআৰে হেৰুৱালে ৯টা উইকেট

    কেকেআৰে হেৰুৱালে ৯টা উইকেট। পঞ্জাৱক জয়ৰ পৰা এক উইকেট দূৰত। KKRক লাগে ৩০ বলত ১৭ ৰান।

  • 15 Apr 2025 10:21 PM (IST)

    আন এটা উইকেট

    কেকেআৰৰ অষ্টমটো উইকেটৰ পতন। পেভিলিয়নমুখী হৰ্ষিত ৰাণা। জয়ৰ বাবে কেকেআৰক ৪৩ বলত ৩৩ ৰানৰ প্ৰয়োজন।

  • 15 Apr 2025 10:05 PM (IST)

    চাহালৰ দ্বিতীয়টো সফলতা

    কেকেআৰক চতুৰ্থ আঘাত, চাহালে আউট কৰিলে ৰঘুবংশীক। জয়ৰ বাবে KKRক প্ৰয়োজন ৫৯ বলত ৩৯ ৰান। ১০ ৰানত ৭৩ ৰান সংগ্ৰহ।

  • 15 Apr 2025 09:53 PM (IST)

    চাহালৰ সফলতা

    ৮ম অভাৰত কেকেআৰৰ বাবে ডাঙৰ আঘাত। ১৭টা বলত ১৭ ৰান সংগ্ৰহ কৰি আউট অজিংক্য ৰাহানে ।

  • 15 Apr 2025 09:39 PM (IST)

    ৯০ বলত ৭৬ ৰানৰ প্ৰয়োজন

    লক্ষ্যৰ দিশে আগবাঢ়িছে কেকেআৰ । ৫ অভাৰত ২ টা উইকেট হেৰুৱাই ৩৬ ৰান সংগ্ৰহ। জয় বাবে ৯০ বলত ৭৬ ৰানৰ প্ৰয়োজন।

  • 15 Apr 2025 09:22 PM (IST)

    দুটা অভাৰত দুটা উইকেট

    পঞ্জাব কিংছে লাভ কৰিলে দুটাকৈ সফলতা। প্ৰথমটো অভাৰত সুনীল নাৰিনৰ পাছত দ্বিতীয়টো অভাৰত ২ ৰান সংগ্ৰহ কৰি আউট কুইণ্টন ডি কক।

  • 15 Apr 2025 08:59 PM (IST)

    কেকে আৰৰ আধিপত্য, ১১১ ৰানত অল আউট পঞ্জাৱ

    ১৫.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই পঞ্জাৱ কিংছে সংগ্ৰহ কৰে ১১১ ৰান। প্ৰভসীমৰনে সৰ্বাধিক ৩০ ৰান সংগ্ৰহ কৰে। প্ৰিয়াংশে ২২ ৰান সংগ্ৰহ কৰে। কেকেআৰৰ হৈ হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰে। বৰুণ আৰু নৰিনে ২টাকৈ উইকেট দখল কৰে।

  • 15 Apr 2025 08:48 PM (IST)

    ১০০ ৰান সম্পূৰ্ণ

    পঞ্জাৱ দলে ১০০ ৰান অতিক্ৰম কৰিছে। ১৪ অভাৰৰ পাছত ১০৪ ৰান সংগ্ৰহ। শশাংক সিঙে শেষ বললৈকে খেলাৰ প্ৰয়োজন।

  • 15 Apr 2025 08:27 PM (IST)

    পুনৰ ব্যৰ্থ মেক্সৱেল, আউট সূৰ্যাংশ

    বাঢ়িছে পঞ্জাৱ কিংছৰ বিপদ। ৭ ৰান সংগ্ৰহ কৰি উভটিল গ্লেন মেক্সৱেলে। মেক্সৱেলৰ পাছতে ৪ ৰানত আউট সূৰ্যাংশ শ্বেডজ।

  • 15 Apr 2025 08:21 PM (IST)

    নেহাল বাধেৰা আউট

    ৮.৪ অভাৰৰ পাছত পঞ্জাৱৰ স্ক’ৰ হৈছে ৭৪ ৰান৷ পেভিলিয়নমুখী নেহাল বাধেৰা। ক্ৰীজত আছে মেক্সৱেল আৰু সূৰ্য্যংশ শ্বেডেজ।

  • 15 Apr 2025 08:05 PM (IST)

    পেভিলিয়নমুখী প্ৰভসীমৰণ

    পঞ্জাৱ কিংছে পালে চতুৰ্থ আঘাত। ৩০ ৰানত আউট প্ৰভসীমৰণ। পুনৰ এবাৰ উইকেট দখল কৰে হৰ্ষিত ৰাণাই আৰু কেচ লয় ৰমনদীপে।

  • 15 Apr 2025 07:52 PM (IST)

    আয়াৰ আউট

    প্ৰিয়াংশৰ পিছতে শূন্য ৰাণতে পেভিলিয়নমুখী হ’ল শ্ৰেয়াছ আয়াৰ। ৪ অভাৰত ২টা উইকেট হেৰুৱাই ৩৯ ৰান সংগ্ৰহ পঞ্জাৱৰ।

  • 15 Apr 2025 07:48 PM (IST)

    প্ৰিয়াংশৰ বেটিং সমাপ্ত

    পঞ্জাৱৰ প্ৰথমটো উইকেট। ১২ টা বলত ২২ সংগ্ৰহ কৰি আউট প্ৰিয়াংশ আৰ্য।

  • 15 Apr 2025 07:36 PM (IST)

    পঞ্জাৱৰ বেটিঙৰ আৰম্ভণি

    পঞ্জাৱ দলৰ বেটিং আৰম্ভ। প্ৰিয়াংশ আৰু প্ৰভসীমৰণে খুলিলে নিজৰ একাউণ্ট। প্ৰথম অভাৰত সংগ্ৰহ ৪ ৰান। বৈভৱ অৰোৰাৰ সুন্দৰ বলিং।

  • 15 Apr 2025 07:04 PM (IST)

    টছত পঞ্জাৱৰ জয়

    পঞ্জাৱ কিংছে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

  • 15 Apr 2025 06:57 PM (IST)

    পঞ্জাৱ কিংছৰ স্কোৱাড

    প্ৰিয়াংশ আৰ্য্য, প্ৰভসীমৰণ সিং (উইকেটকীপাৰ), শ্ৰেয়াছ আয়েৰ (অধিনায়ক), শশাংক সিং, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্টয়নিছ, নেহাল ৱাধেৰা, মাৰ্কো জনছন, যশ ঠাকুৰ, সূৰ্য্যংশ শ্বেডেজ, প্ৰবীণ ডুবে, বিজয়কুমাৰ বিশাক, হৰপ্ৰীত ব্ৰাৰ, আজমতুল্লাহ উমৰজাই, যুজবেন্দ্ৰ চাহাল, অৰ্শদ্বীপ সিং, জোছ ইংলিছ, জেভিয়াৰ বাৰ্টলেট, বিষ্ণু বিনোদ, এৰন হাৰ্ডি, কুলদীপ সেন, হৰনূৰ সিং, মুছিৰ খান, প্যালা অবিনাশ।

  • 15 Apr 2025 06:56 PM (IST)

    কলকাতা নাইট ৰাইডাৰ্ছৰ স্কোৱাড

    কুইণ্টন ডি কক (উইকেটকীপাৰ), সুনীল নাৰিনে, অজিংক্য ৰাহানে (অধিনায়ক), ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ভেংকটেশ আয়েৰ, ময়েন আলী, ৰমনদ্বীপ সিং, বৰুণ চক্ৰৱৰ্তী, অংকৃশ ৰঘুবংশী, মনীষ পাণ্ডে, অনুকুল ৰয়, লৱনিথ চিছ’দিয়া, ৰভমান পাৱেল, হৰ্ষিত ৰানা, বৈভৱ অৰোৰা, এৰিক নৰ্খিয়া, মায়ংক মাৰ্কাণ্ডে, ৰহমানুল্লাহ গুৰবাজ, চেতন সকাৰিয়া, স্পেন্সৰ জনছন।

Published On - Apr 15,2025 6:49 PM