অৱশেষত চূড়ান্তঃ পাকিস্তানে জনালে সন্মতি, এই স্থানত হ’ব চেম্পিয়নছ ট্ৰফীত ভাৰতৰ মেচ
অৱশেষত বিবাদ দূৰ কৰি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডে হাইব্ৰিড মডেল সন্দৰ্ভত সহমত প্ৰকাশ কৰিছে। বিচিচিআই আৰু পিচিবিৰ সহমতৰ পিছত এতিয়া আইচিচিয়েও প্ৰতিযোগিতাখনত ভাৰতৰ মেচৰ বাবে নিৰপেক্ষ স্থান ঘোষণা কৰিছে।
চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত দীৰ্ঘদিনীয়া বিবাদৰ অন্তত অৱশেষত ঐক্যমতত উপনীত হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ড। দুয়ো দেশৰ ক্ৰিকেট ব’ৰ্ডে অৱশেষত বিবাদ দূৰ কৰি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে হাইব্ৰিড মডেল সন্দৰ্ভত সহমত প্ৰকাশ কৰিছে। বিচিচিআই আৰু পিচিবিৰ সহমতৰ পিছত এতিয়া আইচিচিয়েও প্ৰতিযোগিতাখনত ভাৰতৰ মেচৰ বাবে নিৰপেক্ষ স্থান ঘোষণা কৰিছে। অৱশ্যে প্ৰতিযোগিতাখনৰ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই। স্থান নিৰ্ণয়ৰ পিছত এতিয়া চেম্পিয়নছ ট্ৰফীৰ সূচীও শীঘ্ৰেই প্ৰকাশ পাব বুলি অনুমান কৰা হৈছে।
প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চেম্পিয়নছ ট্ৰফীৰ নিৰপেক্ষ স্থানৰ বাবে ডুবাইৰ নাম অনুমোদন কৰা হৈছে। বিচিচিআইয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেলৰ দাবী উত্থাপন কৰাৰ সময়ৰ পৰাই ডুবাই্ক নিৰপেক্ষ স্থান নিৰ্বাচন কৰাৰ প্ৰস্তাৱ দি আহিছিল। ইউ এ ইৰ এই চহৰখনক বিচিচিআইৰ প্ৰথম পছন্দ বুলি কোৱা হৈছিল। কিন্তু সেই সময়ত পাকিস্তানী ব’ৰ্ডে হাইব্ৰিড মডেলৰ বাবে সন্মতি প্ৰকাশ কৰা নাছিল।
কিন্তু কেইবা সপ্তাহ ধৰি চলা আলোচনাৰ অন্তত অৱশেষত চৰ্তসাপেক্ষে হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্ৰত সন্মত হয় পিচিবি। হাইব্ৰিড মডেলত সন্মতি প্ৰকাশ কৰিলেও নিৰপেক্ষ স্থানৰ বাবে বিচিচিআইৰ ডুবাইৰ প্ৰস্তাৱৰ পৰিৱৰ্তে পিচিবিয়ে শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ নাম প্ৰস্তাৱ কৰা বুলি খবৰ প্ৰকাশ পাইছিল। অৱশ্যে এতিয়া স্থান সম্বন্ধীয় এই দ্বিমতৰো সমাধান হৈছে আৰু পিচিবিয়ে ডুবাইৰ নামত সন্মতি প্ৰকাশ কৰিছে।
সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি পিচিবিয়ে এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ সৈতে প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে চুক্তিত উপনীত হৈছে আৰু ডুবাইক নিৰপেক্ষ স্থান হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী শ্বেইখ নাহিয়ান আল মুবাৰকৰ সৈতে আলোচনাৰ অন্তত পাকিস্তান ব’ৰ্ডৰ মুৰব্বী মহছিন নাকভিয়ে এইক্ষেত্ৰত অনুমোদন জনাইছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
নিৰপেক্ষ স্থান সন্দৰ্ভত দুয়ো বৰ্ডে সমৰ্থন প্ৰকাশ কৰাৰ পিছত এতিয়া প্ৰতিযোগিতাখনৰ সূচীও শীঘ্ৰেই ঘোষণা কৰিব পৰা হ’ব বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হ’ব আৰু ৯ মাৰ্চত ফাইনেল মেচ অনুষ্ঠিত হ’ব। ড্ৰাফট সূচী অনুসৰি ৮টা দলৰ এই প্ৰতিযোগিতাত ভাৰত, পাকিস্তান, নিউজিলেণ্ড আৰু বাংলাদেশ একেটা গ্ৰুপতে আছে। এতিয়া ভাৰতীয় দলে ডুবাইত এই তিনিটা দলৰ বিৰুদ্ধে গ্ৰুপ মেচ খেলিব।
ইফালে ভাৰতীয় দলে যদি নক আউট ৰাউণ্ডত প্ৰৱেশ কৰে তেন্তে ডুবাইত প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল মেচ এখনো অনুষ্ঠিত হ’ব। একেদৰে ভাৰতীয় দল ফাইনেলত প্ৰৱেশ কৰিলে খিতাপ যুঁজৰ এই মেচখনো ডুবাই চহৰতে অনুষ্ঠিত হ’ব। অৱশ্যে যদি ভাৰতীয় দল ফাইনেলত প্ৰৱেশত ব্যৰ্থ হয়, তেতিয়া পাকিস্তানৰ লাহোৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ।