শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Champions Trophy: বেয়া দিন চলিছে নেকি পিচিবিৰ? টকাৰ বিনিময়ত মুৰব্বীয়ে বিক্ৰী কৰিলে ভিআইপি বক্সৰ টিকট!

ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী মেচখনৰ বাবে পিচিবিৰ মুৰব্বী মহছিন নাকৱীয়ে সংঘটিত কৰিছে েক আচৰিত কাণ্ড। জানিব পৰা মতে মেচখনৰ বাবে পোৱা ভিআইপি বক্স টিকট বিক্ৰী কৰিছে নাকৱীয়ে। এতিয়া অনুৰাগীৰ সৈতে ষ্টেণ্ডত বহি খেলখন চাব পিচিবিৰ মুৰব্বীগৰাকীয়ে।

Champions Trophy: বেয়া দিন চলিছে নেকি পিচিবিৰ? টকাৰ বিনিময়ত মুৰব্বীয়ে বিক্ৰী কৰিলে ভিআইপি বক্সৰ টিকট!
পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন মহছিন নকৱী
trishna-kalita
Trishna Kalita | Published: 17 Feb 2025 22:13 PM

২৩ ফেব্ৰুৱাৰীত ICC চেম্পিয়নছ ট্ৰফী ২০২৫ত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া হাই ভল্টেজ মেচৰ বাবে ডুবাইৰ ষ্টেডিয়ামত কেৱল অনুৰাগীয়েই নহয় দুয়োখন দেশৰ বহু বিশিষ্ট ব্যক্তিকো দেখা যাব। অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানত আৰম্ভ হ’ব আইচিচিৰ এই প্ৰতিযোগিতাৰ নৱম সংস্কৰণ। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন মহছিন নকৱীও উপভোগ কৰিব এই মেচ। ক্ৰিকেট বিশ্বত চেম্পিয়নছ ট্ৰফীৰ উন্মাদনা চলি থকা মাজতে প্ৰকাশ পাইছে এক ডাঙৰ খবৰ।

ডাঙৰ খবৰটো  এই হ’ল যে এই মেচখনৰ বাবে ৩০ আসনৰ ভিআইপি হস্পিটেলিটি বক্সৰ অফাৰ দিয়া দিয়া হৈছিল মহছিন নকৱীক।  যাতে তেওঁ নিজৰ ঘনিষ্ঠ লোক আৰু পৰিয়ালৰ সৈতে খেলখন উপভোগ কৰিব পাৰে।  কিন্তু নকৱীয়ে অনুৰাগীৰ সৈতে ষ্টেণ্ডত বহি মেচখন চাবলৈ সিদ্ধান্ত লৈছে। আনহাতে নকৱীয়ে পিচিবিৰ ৰাজহ বৃদ্ধিৰ বাবে ভিআইপি বক্সৰ টিকট বিক্ৰী কৰা বুলি এক খবৰ পোৱা গৈছে ।

ছামা টিভিৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ভিআইপি বক্সৰ প্ৰস্তাৱ নাকচ কৰি মহছিন নকৱীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন ষ্টেণ্ডৰ পৰা উপভোগ কৰাক সিদ্ধান্ত লৈছে। ডুবাই ষ্টেডিয়ামত থকা ভিআইপি বক্সৰ মূল্য ৪ লাখ মাৰ্কিন ডলাৰ (৩.৪৭ কোটি টকা)। এতিয়া প্ৰশ্ন হয় নকৱীয়ে টকাৰ বাবে কিয় এনে সিদ্ধান্ত লৈছে নেকি? পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ ইমানখিনিও টকা নাই নেকি যাৰ বাবে পিচিবিৰ মুৰব্বীয়ে ভিআইপি বক্স টিকট বিক্ৰী কৰিব লগা পৰ্যায় হৈছে?

চেম্পিয়নছ ট্ৰফীত ষষ্ঠবাৰৰ বাবে মুখামুখি হ’ব ভাৰত-পাকিস্তান

১৯৯৮ চনত আৰম্ভ হৈছিল চেম্পিয়নছ ট্ৰফী। ২০১৭ চনলৈকে ইয়াৰ ৮টা ছিজন অনুষ্ঠিত হৈছিল। এতিয়া নৱম সংস্কৰণ আঠ বছৰৰ পিছত অনুষ্ঠিত হ’ব। চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত এতিয়ালৈকে ভাৰত আৰু পাকিস্তানে মুঠ পাঁচবাৰকৈ মুখামুখি হৈছে। য’ত পাকিস্তানকৈ পিছত আছে টিম ইণ্ডিয়া। কাৰণ ভাৰতে মাত্ৰ দুখন মেচত জয়ী হোৱাৰ বিপৰীতে পাকিস্তানে তিনিখন মেচত জয়লাভ কৰিছে। ২০১৭ চনত ভাৰতে গ্ৰুপ পৰ্যায়ত পাকিস্তানক পৰাস্ত কৰিছিল যদিও ফাইনেলত পাকিস্তানে ভাৰতক পৰাস্ত কৰিছিল। এতিয়া দুয়োটা টীমে ষষ্ঠবাৰৰ বাবে ডুবাইৰ ষ্টেডিয়ামত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।

চেম্পিয়নছ ট্ৰফীৰ বাবে দুয়োটা দলৰ স্কোৱাড

ভাৰত

শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ত (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (উপ অধিনায়ক), বিৰাট কোহলি, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ ছামি, অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী।

পাকিস্তান

ফখৰ জামান, চৌদ শ্বাকিল, মহম্মদ ৰিজৱান (অধিনায়ক), বাবৰ আজম, খুছদিল শ্বাহ, ফাহীম আশ্ৰফ, আব্ৰাৰ আহমেদ, শ্বাহীন শ্বাহ আফ্ৰিদী, নাছিম শ্বাহ, কামৰাণ গুলাম, তয়াব তাহিৰ, ছলমান আলী আগা, মহম্মদ হাছনেইন আৰু হৰিছ ৰৌফ।