চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অংশগ্ৰহণ নিশ্চিতিৰ চেষ্টাঃ বিচিচিআইলৈ বিশেষ অফাৰ পিচিবিৰ | PCB offer to BCCI team India ahead of Champions Trophy 2025 Assam news - Assam Tv9

চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অংশগ্ৰহণ নিশ্চিতিৰ চেষ্টাঃ বিচিচিআইলৈ বিশেষ অফাৰ পিচিবিৰ

পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া আগন্তুক চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাত ভাৰতীয় দলৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে বিচিচিআইক সৈমানৰ চেষ্টাত ব্ৰতী পিচিবি। এই চেষ্টাৰ অংশ হিচাপেই পিচিবিয়ে এইবাৰ বিচিচিআইলৈ আন এক প্ৰস্তাৱ আগবঢ়াইছে। শেহতীয়াকৈ পোহৰলৈ অহা এক প্ৰতিবেদনত পাকিস্তানৰ এই বিশেষ প্ৰস্তাৱৰ কথা প্ৰকাশ পাইছে।

চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অংশগ্ৰহণ নিশ্চিতিৰ চেষ্টাঃ বিচিচিআইলৈ বিশেষ অফাৰ পিচিবিৰ

চেম্পিয়নছ ট্ৰফীৰ বাবে পিচিবিৰ বিশেষ অফাৰ

Published: 

19 Oct 2024 11:20 AM

অহা বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে পাকিস্তানে। সুদীৰ্ঘ দিনৰ পিছত আই চি চিৰ এক মূল ইভেণ্টৰ আয়োজনৰ স্বত্ব লাভ কৰা পাকিস্তানে এই প্ৰতিযোগিতাখনৰ সফল আয়োজনৰ বাবে যথাসম্ভৱ সকলো চেষ্টা চলাইছে। বিশেষকৈ নিৰাপত্তাৰ দিশৰ প্ৰতি অধিক মনোনিনিৱেশ কৰিছে দেশখনে। ইফালে ভাৰত-পাকিস্তানৰ মাজৰ ৰাজনৈতিক সম্পৰ্ক আৰু নিৰাপত্তাৰ ভাবুকিৰ দোহাই দি পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে ভাৰতীয় দল প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছে বিচিচিআইয়ে।

আনহাতে ভাৰতীয় দলৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে বিচিচিআইক সৈমানৰ চেষ্টাত ব্ৰতী পিচিবি। এই চেষ্টাৰ অংশ হিচাপেই পিচিবিয়ে এইবাৰ বিচিচিআইলৈ আন এক প্ৰস্তাৱ আগবঢ়াইছে। শেহতীয়াকৈ পোহৰলৈ অহা এক প্ৰতিবেদনত দাবী কৰা হৈছে যে পিচিবিয়ে আনকি ভাৰতীয় দলে পাকিস্তানত প্ৰতিখন মেচ খেলাৰ পিছত ভাৰতলৈ ঘূৰি আহিব পাৰিব আৰু পাকিস্তানী ব’ৰ্ডে এই ক্ষেত্ৰত সম্পূৰ্ণ সহায় আগবঢ়োৱাৰ প্ৰস্তাৱো দাঙি ধৰিছে।

ক্ৰিকবাজৰ এই প্ৰতিবেদন মতে শেহতীয়াকৈ পাকিস্তানী ব’ৰ্ডে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত ভাৰতীয় দলক পাকিস্তানলৈ আমন্ত্ৰণ জনাই এই বিশেষ অফাৰ দিয়া হৈছে। প্ৰতিবেদন অনুসৰি যদি ভাৰতীয় দল নিৰাপত্তাজনিত কাৰণত পাকিস্তানত থাকিব নিবিচাৰে আৰু প্ৰতিখন খেলৰ অন্তত পুনৰ চণ্ডীগড় বা নতুন দিল্লীলৈ ঘূৰি আহিব বিচাৰে তেন্তে এই বিষয়ত ক্ৰিকেট ব’ৰ্ডে সম্পূৰ্ণ সহায় আগবঢ়াবলৈ সাজু বুলি পিচিবিয়ে উল্লেখ কৰিছে।

পাকিস্তানী ব’ৰ্ডৰ এজন বিষয়াই এই প্ৰস্তাৱ নিশ্চিত কৰা বুলিও প্ৰতিবেদনত কোৱা হৈছে। উল্লেখ্য যে ইতিমধ্যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে চেম্পিয়নছ ট্ৰফীৰ সম্ভাৱ্য সূচী প্ৰকাশ কৰিছিল। ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন ৯ মাৰ্চলৈকে চলিব। দেশখনৰ তিনিখন চহৰত আয়োজিত হ’বলগা এই প্ৰতিযোগিতাত পিচিবিয়ে ভাৰতীয় দলৰ সকলো গ্ৰুপ মেচ কেৱল লাহোৰত আয়োজন কৰাৰ প্ৰস্তাৱ দিছিল।

ভাৰতীয় দলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি পিচিবিয়ে এই সিদ্ধান্ত লৈছিল। লাহোৰৰ পৰা ভাৰতলৈ দূৰত্বৰ ব্যৱধান যথেষ্ট কম আৰু এই দিশলৈ লক্ষ্য ৰাখি পিচিবিয়ে বিচিচিআইক প্ৰতিখন মেচৰ অন্তত ভাৰতলৈ ঘূৰি অহাৰ এক নতুন বিকল্প প্ৰস্তাৱ প্ৰদান কৰিছে। অৱশ্যে পিচিবিৰ এই প্ৰস্তাৱৰ পিছতো বিচিচিআইয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ ভাৰতীয় দল প্ৰেৰণ কৰাৰ সম্ভাৱনা তেনেই নগণ্য।

ইতিমধ্যে বিচিচিআইয়ে স্পষ্ট কৰি দিছে যে ভাৰতীয় দলক পাকিস্তানলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কেৱল ভাৰত চৰকাৰৰ হাততহে আছে আৰু চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসাৰেই বিচিচিআইয়ে কাৰ্যপন্থা গ্ৰহণ কৰিব। লক্ষণীয়ভাৱে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে শেহতীয়াকৈ পাকিস্তান ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত জয়শংকৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰীকো সাক্ষাৎ কৰে।

পাকিস্তানৰ সংবাদ মাধ্যমে দুয়োজন বৈদেশিক মন্ত্ৰীৰ মাজত এই সময়ছোৱাত ক্ৰিকেট কূটনীতি সন্দৰ্ভত আলোচনা হৈছিল আৰু এই সময়ত পাকিস্তানৰ ব’ৰ্ডৰ মুৰব্বী মহছিন নাকৱীয়েও অংশগ্ৰহণ কৰিছিল বুলি দাবী কৰিছিল যদিও ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ সৈতে জড়িত সূত্ৰই এনে কোনো আলোচনাৰ খবৰ অস্বীকাৰ কৰিছিল।

সূৰ্যদেৱৰ মন্ত্ৰ জপ কৰাৰ সঠিক নিয়ম কি?
দেৱালীৰ দিনটোত নকৰিব এইবোৰ ভুল
২০ বছৰ ধৰি ছলমান-ছোহেলইৰ ঘনিষ্ঠ বন্ধু ল’ৰেন্স, একেলগে চিনেমাতো কৰিছে কাম
কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?