চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা ভাৰতীয় দলঃ ১৭ জনীয়া দলত কোন কোন, চাওক….
অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈকে পাকিস্তান আৰু সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’ব আইচিচি চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ পূৰ্বে অহা ১২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শ্ৰীলংকাত অনুষ্ঠিত হ’ব দিব্যাঙ্গ চেম্পিয়নছ ট্ৰফী। আগন্তুক এই প্ৰতিযোগিতাৰ বাবে আজি ঘোষণা কৰা হৈছে ভাৰতীয় বিশেষভাৱে সক্ষম দলটো।
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত শোচনীয় প্ৰদৰ্শনৰ পিছত এতিয়া আগন্তুক চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাত ভাৰতীয় দলৰ সফলতাৰ আশাৰে অপেক্ষা কৰিছে অনুৰাগীয়ে। অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈকে পাকিস্তান আৰু সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’ব আইচিচিৰ এই প্ৰতিযোগিতাখন। চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি গত সময়ছোৱাত এক দীঘলীয়া বিবাদৰ সূত্ৰপাত সৃষ্টি হৈছিল। অৱশেষত ধাৰাবাহিক আলোচনাৰ অন্তত বিচিচিআইৰ প্ৰস্তাৱ মতেই আইচিচিয়ে ডুবাইত ভাৰতীয় দলৰ মেচ অনুষ্ঠিত কৰাৰ নিশ্চয়তা দিয়ে।
এই প্ৰতিযোগিতাৰ পূৰ্বে অহা ১২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শ্ৰীলংকাত অনুষ্ঠিত হ’ব দিব্যাঙ্গ চেম্পিয়নছ ট্ৰফী। আগন্তুক এই প্ৰতিযোগিতাৰ বাবে আজি ঘোষণা কৰা হৈছে ভাৰতীয় বিশেষভাৱে সক্ষম দলটো। ঘোষিত এই দলটোত স্থান দিয়া হৈছে ১৭ গৰাকী খেলুৱৈক। উল্লেখ্য যে ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব দিব্যাঙ্গ চেম্পিয়নছ ট্ৰফী।
প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় প্ৰতিবন্ধী ক্ৰিকেট পৰিষদৰ ৰাষ্ট্ৰীয় বাছনি পেনেলে মুখ্য প্ৰশিক্ষক ৰোহিত জালানীৰ নেতৃত্বত জয়পুৰত প্ৰশিক্ষণ শিবিৰৰ অন্তত আজি দল নিৰ্বাচন কৰিছে। ১৭ জনীয়া ভাৰতীয় দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে বিক্ৰান্ত ৰবীন্দ্ৰ কেনীক। ৰবীন্দ্ৰ গোপীনাথ সান্তেক সহ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে।’
এই প্ৰতিযোগিতাত ভাৰতীয় দলে প্ৰথমখন মেচ পাকিস্তানৰ বিৰুদ্ধে খেলিব। এই মেচখন অহা ১২ জানুৱাৰীত দুপৰীয়া ২:০০ বজাৰ পৰা অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ১৩ জানুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব ভাৰতীয় দলে। আনহাতে ১৫ জানুৱাৰীত অনুষ্ঠিত হ’ব শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন মেচ। ইয়াৰ পিছত ১৬ জানুৱাৰীত ভাৰতীয় দলে পুনৰ পাকিস্তানৰ বিৰুদ্ধে খেলিব।
আনহাতে ১৮ জানুৱাৰীত ইংলেণ্ড আৰু ১৯ জানুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে পুনৰ মুখামুখি হ’ব ভাৰতীয় দল। ২১ জানুৱাৰীত প্ৰতিযোগিতাখনৰ অন্তিমখন মেচ অনুষ্ঠিত হ’ব।
ঘোষিত দলটো- বিক্ৰান্ত ৰবীন্দ্ৰ কেনি (অধিনায়ক), ৰবীন্দ্ৰ গোপীনাথ সান্তে (সহ-অধিনায়ক), যোগেন্দৰ সিং (উইকেটকীপাৰ), অখিল ৰেড্ডী, ৰাধিকা প্ৰসাদ, দেপেন্দ্ৰ সিং (উইকেটকীপাৰ), আকাশ অনিল পাটিল, ছানী গোৱাত, পৱন কুমাৰ, জিতেন্দ্ৰ, নৰেন্দ্ৰ, ৰাজেশ, নিখিল মানহাছ, আমিৰ হাছান, মজিদ মাগাৰে, কুনাল দত্তত্ৰেয় ফনাছে আৰু সুৰেন্দ্ৰ।