PKBS vs RCB Live Score, IPL 2025: পঞ্জাৱ কিংছৰ বিৰুদ্ধে ৭ উইকেটত জয় RCB ৰ

PKBS vs RCB Live Score In Assamese : আই পি এল ২০২৫ ৰ ৩৭ নং মেচখন খেলিব নিউ চণ্ডীগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত। PKBS আৰু RCB ৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ প্ৰতিটো মূহুৰ্তৰ আপডেট আগবঢ়োৱা হ'ল-

PKBS vs RCB Live Score, IPL 2025: পঞ্জাৱ কিংছৰ বিৰুদ্ধে ৭ উইকেটত জয় RCB ৰ

Rcb Vs Pbks

Updated On: 

20 Apr 2025 18:53 PM

আজি আই পি এল (IPL) ত দুখনকৈ মেচ আছে। প্ৰথমখন মেচ মুল্লনপুৰত ৰয়েল চেলেঞ্জাৰ্জ বেংগালুৰু (RCB) আৰু পঞ্জাৱ কিংছ (PKBS)ৰ মাজত অনুষ্ঠিত হ’ব। মাত্ৰ ২ দিন পূৰ্বে চিন্নাস্বামীত ষ্টেডিয়ামত এই দল দুটাৰ মাজত খেল অনুষ্ঠিত হৈছিল। কিন্তু বৰষুণৰ বাবে খেল পিছুৱাই দিবলগীয়া হৈছিল। সেই খেলত পঞ্জাৱ কিংছে জয়লাভ কৰাৰ বিপৰীতে আৰ চি বিৰ প্ৰদৰ্শন আছিল অতি দুৰ্বল। তেনে অৱস্থাত আজি নিউ চণ্ডীগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত পুনৰ মুখামুখি হ’ব দুই দল। এইখন আই পি এল ২০২৫ ৰ  ৩৭ নং মেচ।

 

LIVE NEWS & UPDATES

The liveblog has ended.
  • 20 Apr 2025 06:52 PM (IST)

    ৭ উইকেটত RCB ৰ জয়

    পঞ্জাৱ কিংছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৰ জয়। ১৮.৫ অভাৰত ১৫৯ ৰান সম্পূৰ্ণ কৰে দলটোয়ে। ফিল চল্টে ৩ টা বলত ১ ৰান, দেবদত্ত পডিকেলে ৩৫ টা বলত ৬১ ৰান, ৰজত পাটিদৰে ১৩ টা বলত ১২ ৰান, বিৰোট কোহলিয়ে ৫৪ বলত ৭৩ ৰান(নট আউট) আৰু জীতেশ শৰ্মাই ৮ টা বলত ১১ ৰান সম্পূৰ্ণ কৰে।

  • 20 Apr 2025 06:46 PM (IST)

    RCB য়ে হেৰুৱালে তৃতীয়টো উইকেট

    RCB য়ে হেৰুৱালে তৃতীয়টো উইকেট। ১৩ টা বলত ১২ ৰান কৰি আউট ৰজট পাটিদা। ১৭.৪ অভাৰত ১৪৮ ৰান সম্পূৰ্ণ।


  • 20 Apr 2025 06:32 PM (IST)

    বিৰাট কোহলিৰ অৰ্ধশতক

    বিৰাট কোহলিৰ অৰ্ধশতক। ৪৩ টা বলত ৫০ ৰান কৰে কোহলিয়ে। জয়ৰ বাবে অলপ দূৰ আৰ চি বিৰ। ১৪.৫ অভাৰত ১২১ ৰান সম্পূৰ্ণ। বৰ্তমানলৈ হেৰুৱাইছে ২ টা উইকেট।

  • 20 Apr 2025 06:23 PM (IST)

    আৰ চি বিয়ে হেৰুৱালে দ্বিতীয়টো উইকেট

    আৰ চি বিয়ে হেৰুৱালে দ্বিতীয়টো উইকেট। ৩৫ টা বলত ৬১ ৰান কৰি আউট পডিকেল। ১২.৩ অভাৰত ১০৯ ৰান সম্পূৰ্ণ দলটোৰ।

  • 20 Apr 2025 06:19 PM (IST)

    ১০০ ৰান সম্পূৰ্ণ

    এটা উইকেটৰ বিনিময়ত ১০০ ৰান সম্পূৰ্ণ কৰিলে আৰ চি বিয়ে।  দেৱদত্ত পডিকলে সম্পূৰ্ণ কৰে অৰ্ধশতক। ১১.৪ অভাৰত ১০৪ ৰান সম্পূৰ্ণ কৰে দলটোয়ে।

  • 20 Apr 2025 06:12 PM (IST)

    RCB ৰ ১০ অভাৰ সম্পূৰ্ণ

    RCB ৰ ১০ অভাৰ সম্পূৰ্ণ। ১ টা উইকেটৰ বিনিময়ত আৰ চি বিয়ে কৰে ৮৮ ৰান। কোহলিয়ে ২৮ টা বলত ৩৭ ৰান কৰাৰ লগতে পডিকলে ২৯ ৰানত ৪৯ ৰান কৰে।

  • 20 Apr 2025 05:51 PM (IST)

    RCB ৰ ৫০ ৰান সম্পূৰ্ণ

    RCB ৰ ৫০ ৰান সম্পূৰ্ণ।আৰ চি বিৰ ৫ অভাৰ সম্পূৰ্ণ। ৬ অভাৰত আৰ চি বিয়ে ৰান ৫৪ সম্পূৰ্ণ কৰে। বিৰাট কোহলিয়ে ২০ টা বলত ৩১ ৰান কৰাৰ বিপৰীতে দেৱদত্ত পদিকলে ১৩ টা বলত ২২ ৰান কৰে।

  • 20 Apr 2025 05:30 PM (IST)

    আৰ চি বিয়ে হেৰুৱালে প্ৰথমটো উইকেট

    আৰ চি বিয়ে হেৰুৱালে প্ৰথমটো উইকেট। ৩ টা বলত ১ ৰান কৰি আউট হয় ফিল চল্ট। ১.৩ অভাৰত ১২ ৰান সম্পূৰ্ণ।

  • 20 Apr 2025 05:25 PM (IST)

    RCB ৰ বেটিং আৰম্ভ

    ১৫৮ ৰানৰ লক্ষ্য আগত লৈ আৰ চি বিৰ বেটিং আৰম্ভ। প্ৰথম অভাৰত ৬ ৰান কৰে দলটোৱে। বৰ্তমান বেটিং কৰি আছে ফিল চল্ট আৰু বিৰাট কোহলীয়ে।

  • 20 Apr 2025 05:09 PM (IST)

    RCB ৰ সন্মুখত ১৫৮ ৰানৰ লক্ষ্য

    RCB ৰ সন্মুখত ৰানৰ লক্ষ্য ১৫৮ ৰানৰ লক্ষ্য।৬ টা উইকেটৰ বিনিময়ত পঞ্জাৱ কিংছে ১৫৭ ৰান কৰিবলৈ সক্ষম হয়। পঞ্জাৱ কিংছৰ হৈ প্ৰিয়াংশ আৰ্যই ১৫ টা বলত ২২ ৰান, প্ৰভাসিমৰন সিঙে ১৭ টা বলক ৩৩ ৰান, শ্ৰেয়াৰ আয়ৰে ১০ টা বলত ৬ ৰান, জোছ ইংলিছে ১৭ ৰান ২৯ ৰান, নিহাল ৱাধেৰাই ৬ টা বলক ৫ ৰান, শশাংক সিঙে ৩৩ টা বলত ৩ ১ ৰান (নট আউট), মাৰ্কাছ ষ্টয়নিছে ২টা বলত ১ ৰান আৰু মাৰ্কো জেন্সনে ২০ টা বলত ২৫ ৰান (নট আউট) কৰে।

  • 20 Apr 2025 04:56 PM (IST)

    পঞ্জাৱৰ ১৬ অভাৰত ১২৯ ৰান সম্পূৰ্ণ

    পঞ্জাৱৰ ইনিংছৰ ১৬ অভাৰ সম্পূৰ্ণ হোৱাত দলটোৱে ৬টা উইকেট হেৰুৱাই ১২৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ক্ৰিজত আছে শশাংক সিং আৰু মাৰ্কো জান্সন ।

  • 20 Apr 2025 04:41 PM (IST)

    পঞ্জাৱ কিংছে হেৰুৱালে ষষ্ঠটো উইকেট

    পঞ্জাৱ কিংছে হেৰুৱালে ষষ্ঠটো উইকেট।পঞ্জাৱ কিংছে হেৰুৱালে ষষ্ঠটো উইকেট। ২টা বলত ১ ৰান কৰি আউট মাৰ্কাছ ষ্টয়নিছ। ১৪.২ অভাৰত ১১৫ ৰান সম্পূৰ্ণ দলটোৰ।

  • 20 Apr 2025 04:37 PM (IST)

    পঞ্জাৱ কিংছে হেৰুৱালে পঞ্চমটো উইকেট

    পঞ্জাৱ কিংছে হেৰুৱালে পঞ্চমটো উইকেট।নিহাল ৱধেৰাই ৬ টা বলত ৫ ৰান কৰি পেভেলিয়ান মুখী হয়। দলটোৱে ১৩.৪ অভাৰত ১১৪ ৰান সম্পূৰ্ণ কৰে।

  • 20 Apr 2025 04:27 PM (IST)

    পঞ্জাৱ কিংছৰ গতি স্তব্ধ

    পাৱাৰপ্লেৰ পিছত বেংগালুৰুৱে বলিং আৰু ফিল্ডিঙৰ সহায়ত পঞ্জাৱৰ গতি স্তব্ধ কৰিছে। ১০ অভাৰৰ অন্তত পঞ্জাৱে ৪ উইকেট হেৰুৱাই ৭৯ ৰান কৰে। শেষৰ ৪ অভাৰত মাত্ৰ ১৮ ৰান আৰু ৩ উইকেট হেৰুয়ায়।

  • 20 Apr 2025 04:18 PM (IST)

    পঞ্জাৱ কিংছে হেৰুৱালে চতুৰ্থ উইকেট

    এটাৰ পাছত আনটো উইকেট হেৰুৱাইছে পঞ্জাৱ কিংছে। পঞ্জাৱ কিংছে হেৰুৱালে চতুৰ্থ উইকেট।জোছ ইংলিছে ৭ টা বলত ৮ ৰান কৰি আউট হয়। দলটোৱে ৯.২ অভাৰত ৭৮ ৰান হেৰুৱাইছে।

  • 20 Apr 2025 04:11 PM (IST)

    পঞ্জাৱ কিংছৰ তৃতীয়টো উইকেট

     

    পঞ্জাৱ কিংছে হেৰুৱালে তৃতীয়টো উইকেট। ১০ টা বলত ৬ ৰান কৰি আউট শ্ৰেয়াছ। ৮.১ অভাৰত ৭১ ৰান সম্পূৰ্ণ।

  • 20 Apr 2025 04:04 PM (IST)

    পঞ্জাৱ কিংছে হেৰুৱালে দ্বিতীয়টো উইকেট

    পঞ্জাৱ কিংছে হেৰুৱালে দ্বিতীয়টো উইকেট। ১৫ টা বলত ২২ ৰান কৰি আউট হয় প্ৰিয়াংশ আৰ্য। বৰ্তমান ক্ৰীজত আছে শ্ৰেয়াছ আয়ৰ আৰু  জোছ ইংলিছ (উইকেটকীপাৰ)।দলটোৱে ৭ অভাৰত সম্পূৰ্ণ কৰিলে ৬৫ ৰান।

  • 20 Apr 2025 03:54 PM (IST)

    ৫ অভাৰত ৪৯ ৰান সম্পূৰ্ণ

    ৫ অভাৰত এটা উইকেট হেৰুৱাই পঞ্জাৱ কিংছে ৪৯ ৰান কৰিবলৈ সক্ষম হয়। বৰ্তমান ক্ৰীজত আছে প্ৰিয়াংশ আৰ্য আৰু শ্ৰেয়াছ আয়ৰ। দলটোৰ বৰ্তমানলৈ মুঠ ৰান হৈছে ৪৯।

     

  • 20 Apr 2025 03:52 PM (IST)

    পঞ্জাৱ কিংছে হেৰুৱালে প্ৰথম উইকেট

    ৪.২ অভাৰত পঞ্জাৱ কিংছে হেৰুৱালে প্ৰথমটো উইকেট। ১১ টা বলত ২০ ৰান কৰি আউট হয় প্ৰভসিমৰন সিং। বৰ্তমানলৈকে ৪২ ৰান সম্পূৰ্ণ কৰিছে দলটোৱে।

  • 20 Apr 2025 03:39 PM (IST)

    পঞ্জাৱৰ বেটিং

    আৰম্ভ হৈছে পঞ্জাৱ কিংছৰ বেটিং। বৰ্তমান ক্ৰীজত আছে প্ৰভসিমৰন সিং আৰু প্ৰিয়াংশ আৰ্য। আৰ চি বিৰ হৈ প্ৰথমে বলিং  কৰিছে ভুৱনেশ্বৰ কুমাৰে।

  • 20 Apr 2025 03:35 PM (IST)

    PKBS ৰ প্লেয়িং ১১

    প্ৰভসিমৰন সিং, প্ৰিয়াংশ আৰ্য্য, শ্ৰেয়াছ আয়ৰ (অধিনায়ক), জোছ ইংলিছ (উইকেটকীপাৰ), নেহাল ৱাধেৰা, শশাংক সিং, মাৰ্কাছ ষ্টয়নিছ, মাৰ্কো জান্সেন, জেভিয়াৰ বাৰ্টলেট, আৰ্শ্বদ্বীপ সিং, যুজবেন্দ্ৰ চাহাল।

    ইমপেক্ট প্লেয়াৰ

    হৰপ্ৰীত ব্ৰাৰ, বিজয়কুমাৰ বিশক, সূৰ্য্যংশ শ্বেডজ, গ্লেন মেক্সৱেল, প্ৰবীণ ডুবে।

  • 20 Apr 2025 03:25 PM (IST)

    RCB ৰ প্লেয়িং ১১

    ফিল ছল্ট, বিৰাট কোহলী, ৰজত পাটিদাৰ (অধিনায়ক), জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ৰোমাৰিয়া শ্বেফাৰ্ড, ভুৱনেশ্বৰ কুমাৰ, সুয়াশ শৰ্মা, জোছ হেজলউড, যশ দয়াল।

    ইমপেক্ট প্লেয়াৰ

    দেৱদত্ত পদিকেল, ৰশিখ দাৰ চালাম, মনোজ ভাণ্ডগে, জেকব বেথেল, স্বপ্নীল সিং।

  • 20 Apr 2025 03:15 PM (IST)

    পইন্ট টেবুল

    পঞ্জাৱ কিংছ আৰু আৰ চি বিৰ মাজত আজি অনুষ্ঠিত হ’বলগীয়া খেলখনলৈ ক্ৰিকেট অনুৰাগীসকলে অধিৰ অপেক্ষা কৰি আছে। আই পি এল ২০২৫ ৰ পইন্ট টেবুলত ৩ নম্বৰত পঞ্জাৱ কিংছ থকাৰ বিপৰীতে ৫ নম্বৰত আছে আৰ চি বি।

     

  • 20 Apr 2025 03:14 PM (IST)

    RCB টচত জয়ী

    RCB টচত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল।

যৌনাংগত খজুৱতি আৰু প্ৰস্ৰাৱৰ সময়ত জ্বলি আছে নেকি? এই ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত
Health News: ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ বেঙেনা খাওক !
গৰমৰ দিনৰ মহৌষধ কেঁচা আম! জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...
আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই নেকি? তেন্তে কৰক এই কাম...