খেল চলি থকাৰ সময়তে খেলুৱৈৰ ওপৰত পৰিল বজ্ৰপাতঃ থিতাতে হ’ল মৃত্যু

এখন ফুটবল মেচ চলি থকাৰ সময়তে প্ৰাকৃতিক দুৰ্যোগৰ ফলত খেলপথাৰতে প্ৰাণ হেৰুৱাইছে এগৰাকী খেলুৱৈয়ে। খেল চলি থকাৰ সময়তে প্ৰচণ্ড বৰষুণ হোৱাৰ বাবে ৰেফাৰীয়ে খেলুৱৈসকলক খেল বন্ধ কৰি খেলপথাৰৰ পৰা ওলাই আহিবলৈ পৰামৰ্শ দিয়ে। খেলুৱৈসকল খেলপথাৰৰ পৰা ওলাই অহাৰ সময়তে বজ্ৰপাত পৰি খেলুৱৈগৰাকীৰ মৃত্যু হয়।

খেল চলি থকাৰ সময়তে খেলুৱৈৰ ওপৰত পৰিল বজ্ৰপাতঃ থিতাতে হ’ল মৃত্যু

প্ৰতিনিধিত্বমূলক ছবি

Published: 

04 Nov 2024 21:14 PM

খেল চলি থকাৰ সময়তে আঘাত বা শাৰীৰিক অসুস্থতাৰ বাবে খেলপথাৰত খেলুৱৈৰ মৃত্যু নতুন ঘটনা নহয়। এনে বহু ঘটনা সময়ে সময়ে ক্ৰীড়া বিশ্বত সংঘটিত হৈছে। কিন্তু পেৰুত যি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে সেয়া কোনেও ভাবিব নোৱাৰা, অপ্ৰত্যাশিত। এখন ফুটবল মেচ চলি থকাৰ সময়তে প্ৰাকৃতিক দুৰ্যোগৰ ফলত খেলপথাৰতে প্ৰাণ হেৰুৱাইছে এগৰাকী খেলুৱৈয়ে। এই ঘটনাৰ ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পেৰুৰ দুই ক্লাৱ য়ুৱেণ্টুড বেলাভিষ্টা আৰু ফেমিলিয়া কোকাৰ মাজত চলি আছিল এই ফুটবল মেচ।

খেল চলি থকাৰ সময়তে আৰম্ভ হৈছিল প্ৰচণ্ড বৰষুণ। বৰষুণৰ প্ৰকোপ ক্ৰমে বৃদ্ধি পোৱাৰ বাবে ৰেফাৰীয়ে খেলুৱৈসকলক খেল বন্ধ কৰি খেলপথাৰৰ পৰা ওলাই আহিবলৈ পৰামৰ্শ দিয়ে। ৰেফাৰীৰ পৰামৰ্শ অনুসৰিয়েই দুয়ো দলৰ খেলুৱৈসকল খেলপথাৰৰ পৰা ওলাই আহিবলৈ লয়। কিন্তু তেনে সময়তে সংঘটিত হোৱা ভয়ংকৰ ঘটনাই সকলোকে হতভম্ব কৰি তোলে।

খেলুৱৈসকলে খেলপথাৰৰ পৰা ওলাই অহাৰ সময়তে হঠাতে বজ্ৰপাত পৰে খেলপথাৰত। এই ঘটনাৰ ভাইৰেল ভিডিঅ’টোত বজ্ৰপাত পৰাৰ পিছতে খেলপথাৰত কেইবাগৰাকীও খেলুৱৈ বাগৰি পৰা দেখিবলৈ পোৱা গৈছে। এগৰাকী খেলুৱৈৰ দেহত পোনে পোনে বজ্ৰপাত পৰে আৰু ইয়াৰ ফলত তেওঁৰ লগে লগে মৃত্যু ঘটে। নিহত খেলুৱৈগৰাকীক জোচে হুগো দে লা ক্ৰুজ মেছা বুলি চিনাক্ত কৰা হৈছে।

আন খেলুৱৈসকলৰ সৈতে মেছাও ৰেফাৰীৰ পৰামৰ্শ মতে খেলপথাৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ লৈছিল। কিন্তু এই মৰ্মান্তিক ঘটনাই খেলপথাৰতে তেওঁৰ প্ৰাণ কাঢ়ি নিয়ে। ৩৯ বছৰীয়া খেলুৱৈগৰাকীৰ লগতে এই অনাকাংক্ষিত ঘটনাত আন বহু কেইগৰাকী খেলুৱৈ আঘাতপ্ৰাপ্ত হয়। লগে লগে এই খেলুৱৈসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়।

 

এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত মেছাই প্ৰাণ হেৰুওৱাৰ লগতে বিপদত পৰিছে আন এজন খেলুৱৈৰ জীৱন। প্ৰকাশিত খবৰ অনুসৰি এই দুৰ্ঘটনাত গ’লৰক্ষক জুৱান চোকাও গুৰুতৰভাৱে আহত হৈছে। সম্প্ৰতি চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈ আছে জুৱান চোকা। এই প্ৰাণনাশী দুৰ্ঘটনাৰ পিছত এই মেচখন বাতিল কৰা হয়। এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ৰীড়ানুৰাগী সকলে শোক প্ৰকাশ কৰিছে।

উল্লেখ্য যে পেৰুৰ পূৰ্বে ভাৰততো এনে এক দুৰ্ঘটনা সংঘটিত হৈছিল। ঝাৰখণ্ডৰ ছিমডেগাত বজ্ৰপাতৰ ফলত তিনিজন হকী খেলুৱৈৰ মৃত্যু হৈছিল। এই দুৰ্ঘটনাত আন পাঁচজন খেলুৱৈ গুৰুতৰভাৱে আহত হয়। এই আটাইকেইজন খেলুৱৈয়ে বৰষুণৰ পৰা ৰক্ষা পাবলৈ গছৰ তলত থিয় হৈ আছিল। তেনে সময়তে খেলুৱৈসকলৰ ওপৰত বজ্ৰপাত পৰিছিল।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...