প্ৰধানমন্ত্ৰীক সাক্ষাৎ পেৰিছ অলিম্পিকত অংশ লোৱা ভাৰতীয় খেলুৱৈৰঃ প্ৰদান কৰিলে এইসমূহ উপহাৰ | PM Modi meets Paris Olympics Indian team on Independence day Manu Bhaker Indian Hockey team Assam news - Assam Tv9

প্ৰধানমন্ত্ৰীক সাক্ষাৎ পেৰিছ অলিম্পিকত অংশ লোৱা ভাৰতীয় খেলুৱৈৰঃ প্ৰদান কৰিলে এইসমূহ উপহাৰ

Published: 

15 Aug 2024 20:59 PM

আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী বাসভৱনত আতিথ্য প্ৰদান কৰে। পেৰিছত ইতিহাস সৃষ্টিকাৰী তাৰকা শ্বুটাৰ মনু ভাকৰ, ভাৰতীয় হকী দলৰ লগতে অন্যান্য খেলুৱৈসকল প্ৰধানমন্ত্ৰী বাসভৱনত উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ পেৰিছ অলিম্পিকত অংশ লোৱা ভাৰতীয় খেলুৱৈৰঃ প্ৰদান কৰিলে এইসমূহ উপহাৰ

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ পেৰিছ অলিম্পিকত অংশ লোৱা ভাৰতীয় খেলুৱৈসকলৰ

Follow Us On

যোৱা দেওবাৰে পেৰিছত অন্ত পৰিল দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ খ্যাত অলিম্পিক ক্ৰীড়া মহাসমাৰোহৰ। এই পেৰিছ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি বিভিন্ন ইভেণ্টত প্ৰতিদ্বন্দিতা আগবঢ়ালে ভাৰতৰ ১১৭ গৰাকী ভাৰতীয় খেলুৱৈয়ে। মুঠ ৬টা পদক জয়েৰে পেৰিছত পদক তালিকাৰ ৭১তম স্থান লাভ কৰে ভাৰতে। অলিম্পিকৰ সমাপ্তিৰ পিছত ইতিমধ্যে স্বদেশলৈ উভতি আহিছে ভাৰতীয় খেলুৱৈসকল। আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত লাল কিল্লাত অনুষ্ঠিত অনুষ্ঠানত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা বহুকেইগৰাকী অলিম্পিয়ান উপস্থিত থাকে।

এই অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো খেলুৱৈক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী বাসভৱনত আতিথ্য প্ৰদান কৰে। পেৰিছত ইতিহাস সৃষ্টিকাৰী তাৰকা শ্বুটাৰ মনু ভাকৰ, ভাৰতীয় হকী দলৰ লগতে অন্যান্য খেলুৱৈসকল প্ৰধানমন্ত্ৰী বাসভৱনত উপস্থিত থাকে। এই সাক্ষাতৰ সময়ত মনু ভাকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এটা পিষ্টল উপহাৰ দিয়ে।

তেওঁৰ লগতে ভাৰতীয় ক্ৰীড়া জগতৰ এক কিংবদন্তি তাৰকা পি আৰ শ্ৰীজেশ আৰু অধিনায়ক হৰমনপ্ৰীত সিঙকে ধৰি পেৰিছত ব্ৰঞ্জ জয়ী হকী দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দলৰ খেলুৱৈসকলৰ দ্বাৰা স্বাক্ষৰিত এটা জাৰ্চি আৰু এডাল হকী ষ্টিক প্ৰদান কৰে। এই সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পেৰিছত অংশগ্ৰহণ সকলো খেলুৱৈকে আদৰণি জনায়।

পেৰিছত পদক জয় কৰা খেলুৱৈসকলক প্ৰশংসা কৰাৰ লগতে আন খেলুৱৈসকলক ভৱিষ্যতে উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ অনুপ্ৰাণিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে ভাৰতীয় হকী দলটোৱে পেৰিছত পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। ইতিপূৰ্বে টকিঅ’তো ব্ৰঞ্জ জয় কৰা ভাৰতীয় হকী দলে এইদৰে ১৯৭২ চনৰ অলিম্পিকৰ পিছত পুনৰ দুখন অলিম্পিকত ধাৰাবাহিকভাৱে পদক জয়ৰ কৃতিত্ব লাভ কৰিছে।

ইফালে পেৰিছ অলিম্পিকত শ্বুটিঙত দুটা ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰে প্ৰধানমন্ত্ৰী মোদীক এটা পিষ্টল উপহাৰ হিচাপে প্ৰদান কৰি পিষ্টলটোৰ ব্যৱহাৰ সম্পৰ্কে বুজাই দিয়ে। উল্লেখ্য যে পেৰিছত অলিম্পিকৰ একেটা সংস্কৰণতে দুতাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰিছে মনু ভকৰে।

লগতে শ্বুটিং ইভেণ্টত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ল্খেলুৱৈ হিচাপেও পৰিগণিত হয় মনু। মনুৰ সৈতে মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা সৰৱজোৎ সিং আৰু শ্বুটিঙৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ব্ৰঞ্জৰ পদক জয়েৰে ইতিহাস সৃষ্টি কৰা স্বপ্নিল কুছালেও প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে।

তেওঁলোকৰ লগতে পেৰিছত মল্লযুঁজ ইভেণ্টত পদক জয় কৰা একমাত্ৰ মল্লযুঁজাৰু অমন ছেহৰাৱটেও প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে। ভাৰতীয় দলৰ অন্যান্য খেলুৱৈসকলেও মোদীক বাসভৱনত সাক্ষাৎ কৰে। অৱশ্যে এই সাক্ষাতত সময়ত ভাৰতৰ তাৰকা এথলীট তথা পেৰিছত ৰূপৰ পদক জয়ী নীৰজ চোপ্ৰা আৰু তাৰকা শ্বাটলাৰ পিভি সিন্ধু উপস্থিত নাছিল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version