5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পেৰালিম্পিক স্বৰ্ণজয়ী নৱদীপৰ বাবে পকাতে বহিল প্ৰধানমন্ত্ৰী মোদীঃ ভাইৰেল ছবিক লৈ ব্যাপক চৰ্চা

আজি পেৰিছ পেৰালিম্পিকত পদক জয়ী খেলুৱৈসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীক জেভলিন থ্ৰ’ত স্বৰ্ণ পদক লাভ কৰা নৱদীপ সিঙৰ বাবে এক বিশেষ অৱস্থাত দেখা পোৱা গ’ল। মোদী আৰু নৱদ্বীপৰ মাজৰ এই সাক্ষাতৰ দৃশ্য সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে।

পেৰালিম্পিক স্বৰ্ণজয়ী নৱদীপৰ বাবে পকাতে বহিল প্ৰধানমন্ত্ৰী মোদীঃ ভাইৰেল ছবিক লৈ ব্যাপক চৰ্চা
নৱদীপৰ সৈতে প্ৰধানমন্ত্ৰী মোদী
Follow Us
monjit-dutta
Monjit Dutta | Published: 12 Sep 2024 23:47 PM

সদ্য সমাপ্ত পেৰিছ পেৰালিম্পিকত অনন্য সাফল্যৰে উজলি উঠে ভাৰতীয় দল। এই প্ৰতিযোগিতাত ভাৰতে ৭টা সোণ, ৯টা ৰূপ আৰু ১৩টা ব্ৰঞ্জকে ধৰি মুঠ ২৯টা পদক লাভ কৰে। এইদৰে পেৰিছত পেৰালিম্পিকৰ ইতিহাসত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে ভাৰতীয় দলে। পেৰিছ পেৰালিম্পিকত পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলে ইতিমধ্যে স্বভূমিত উপস্থিত হৈছিল। আজি এই খেলুৱৈসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পেৰালিম্পিক পদক জয়ী খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে।

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীক জেভলিন থ্ৰ’ত স্বৰ্ণ পদক লাভ কৰা নৱদীপ সিঙৰ বাবে এক বিশেষ অৱস্থাত দেখা পোৱা গ’ল। মোদী আৰু নৱদ্বীপৰ মাজৰ এই সাক্ষাতৰ দৃশ্য সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। শাৰীৰিক অৱয়বৰ দিশৰ পৰা কিছু কম উচ্চতাৰ নৱদীপ সিঙে পেৰিছ পেৰালিম্পিকত এফ ৪১ শাখাত স্বৰ্ণ জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰি তুলিছিল।

আজি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সাক্ষাৎ অনুষ্ঠানৰ বাবে অহাৰ সময়ত নৱদীপে মোদীৰ বাবে লৈ আহিছিল এটা টুপী। তেওঁ নিজ হাতে প্ৰধানমন্ত্ৰী মোদীক এই টুপীটো পিন্ধাই দিব বিচাৰিছিল। নৱদীপৰ এই ইচ্ছা পূৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদী তলৰ পকাতে বহি পৰে আৰু ইয়াৰ পিছত নৱদীপে তেওঁক উপহাৰ স্বৰূপে টুপীটো পিন্ধাই দিয়ে। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে নৱদীপ সিঙক অটোগ্ৰাফো প্ৰদান কৰে।

লক্ষণীয়ভাৱে পেৰিছ পেৰালিম্পিকত পদক লাভ কৰাৰ পিছত নৱদীপ সিঙে যথেষ্ট আক্ৰমণাত্মক ভংগীমা প্ৰদৰ্শন কৰিছিল। যথেষ্ট আক্ৰমণাত্মক ভংগীমাৰে তেওঁ নিজৰ এই অনন্য সাফল্য উদযাপন কৰিছিল। পদক জয়ৰ পিছত নৱদীপে প্ৰকাশ কৰা এই আনন্দৰ মুহূৰ্তটোও ব্যাপক ভাইৰেল হৈ পৰিছিল। আজি সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈগৰাকীৰ সৈতে এই বিজয় উদযাপন সন্দৰ্ভতো কথা পাতে।

ইয়াৰ পাছতে তেওঁ প্ৰধানমন্ত্ৰী মোদীক টুপী পিন্ধাই দিয়াৰ ইচ্ছা প্ৰকাশ কৰে আৰু নৱদীপৰ এই ইচ্ছাৰ প্ৰতি সন্মতি দি প্ৰধানমন্ত্ৰী মোদী তলত বহি দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীক টুপী পিন্ধাই দিয়াৰ পিছত তেওঁৰ পৰা নৱদীপ সিঙে অটোগ্ৰাফ লয়। তেওঁলোকৰ এই সাক্ষাতৰ দৃশ্য নিজা সামাজিক মাধ্যম একাউণ্ট যোগে শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

উল্লেখ্য যে পেৰিছ পেৰালিম্পিক ২০২৪ত নৱদীপ সিঙে জেভলিনৰ এফ৪১ শাখাত ৪৭.৩২ মিটাৰ থ্ৰ’ কৰিছিল। এই শাখাতে ইৰাণৰ সাদেঘ বেইট শ্বায়াহে ৪৭.৬৪ মিটাৰ জেভেলিন নিক্ষেপ কৰিছিল যদিও নিয়ম ভংগ কৰাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। এনে কাৰণতে দ্বিতীয় স্থানত থকা নৱদীপ সিঙে স্বৰ্ণ পদক লাভ কৰে।

Latest News