5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গৌৰৱান্বিত দেশঃ প্ৰধানমন্ত্ৰী মোদীৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ, বিশ্বজয়ী গুকেছলৈ শুভেচ্ছাৰ বন্যা…

ইতিহাসৰ সৰ্বকনিষ্ঠ ডবা বিশ্ব চেম্পিয়ন গুকেছক শুভেচ্ছা বাণীৰে উপচাই পেলাইছে দেশে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, ভাৰতৰ প্ৰথমগৰাকী বিশ্ব চেম্পিয়ন গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলোৱে  ডি গুকেছক তেওঁৰ এই অতুলনীয় কৃতিত্বৰ বাবে অভিনন্দন জনাইছে।

গৌৰৱান্বিত দেশঃ প্ৰধানমন্ত্ৰী মোদীৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ, বিশ্বজয়ী গুকেছলৈ শুভেচ্ছাৰ বন্যা…
চেম্পিয়ন গুকেছৰ আনন্দ
monjit-dutta
Monjit Dutta | Published: 12 Dec 2024 21:50 PM

ইতিহাস সৃষ্টি কৰি আজি ফিডে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিলে ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেছে। চীনৰ ডিং লিৰেনক পৰাস্ত কৰি ভাৰতীয় যুৱ তাৰকাগৰাকী ডবা বিশ্ব চেম্পিয়নশ্বিপ সৰ্বকালৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। এই অসামান্য কৃতিত্ব অৰ্জন কৰাৰ পিছতে বিশ্বজয়ী গুকেছক শুভেচ্ছা বাণীৰে উপচাই পেলাইছে দেশে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, ভাৰতৰ প্ৰথমগৰাকী বিশ্ব চেম্পিয়ন গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলোৱে  ডি গুকেছক তেওঁৰ এই অতুলনীয় কৃতিত্বৰ বাবে অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে গুকেছৰ এই সাফল্যক ঐতিহাসিক আৰু অনুকৰণীয় বুলি অভিহিত কৰিছে। নিজা এক্স একাউণ্ট যোগে গুকেছক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “গুকেছ ডিক তেওঁৰ উল্লেখনীয় কৃতিত্বৰ বাবে অভিনন্দন। এয়া তেওঁৰ অনন্য প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু অদম্য দৃঢ়তাৰ ফল। তেওঁৰ বিজয়ে কেৱল দবা ইতিহাসত তেওঁৰ নাম লিপিবদ্ধ কৰাই নহয়, লাখ লাখ যুৱ মনক ডাঙৰ সপোন দেখিবলৈ আৰু উৎকৃষ্টতা অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।”

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ডি গুকেছক তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবেও অভিনন্দন জনায়। কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও ডি গুকেছক অভিনন্দন জনাইছে। তেওঁ লিখিছে, “গুকেশ, আপুনি সমগ্ৰ ভাৰতক গৌৰৱান্বিত কৰিছে। মাত্ৰ ১৮ বছৰ বয়সত সৰ্বকনিষ্ঠ বিশ্ব ডবা চেম্পিয়ন হোৱাটো এক অভূতপূৰ্ব সাফল্য। আপোনাৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে আমাক সোঁৱৰাই দিয়ে যে দৃঢ়তাৰে যিকোনো কামেই সম্ভৱ। অভিনন্দন, চেম্প!”

গুকেছৰ গৃ্হ ৰাজ্য তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ডি গুকেছেক এক টুইট যোগে অভিনন্দন জনায়। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, “১৮ বছৰ বয়সতে সৰ্বকনিষ্ঠ বিশ্ব দবা চেম্পিয়ন হোৱাৰ বাবে অভিনন্দন গুকেছ। আপোনাৰ এই উল্লেখযোগ্য কৃতিত্বই ভাৰতীয় ডবাৰ চহকী ধাৰাক অব্যাহত ৰাখিছে আৰু আন এগৰাকী বিশ্বমানৰ চেম্পিয়ন দিয়াৰ বাবে চেন্নাইৰ স্থান বিশ্বত দবাৰ ৰাজধানী হিচাপে গঢ়ি তোলাত সহায় কৰিছে। তামিলনাডুৱে আপোনাক লৈ গৌৰৱ কৰিছে।”

ইফালে ভাৰতৰ কিংবদন্তি গ্ৰেণ্ডমাষ্টাৰ তথা দেশৰ প্ৰথমগৰাকী বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দয়ো গুকেছক অভিনন্দন জনাইছে। আনন্দে এক টুইটা যোগে কয়, “এয়া ডবাৰ বাবে গৌৰৱৰ মুহূৰ্ত, ভাৰতৰ বাবে গৌৰৱৰ মুহূৰ্ত, WACAৰ বাবে গৌৰৱৰ মুহূৰ্ত, আৰু মোৰ বাবেও ব্যক্তিগতভাৱে এয়া এক অত্যন্ত  গৌৰৱৰ মুহূৰ্ত।” তেওঁ লগতে গুকেছৰ চীনা প্ৰতিদ্বন্দী ডিং লিৰেনকো প্ৰশংসা কৰে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও অভিনন্দন জনায় গুকেছক। “বিশ্ব ডবা চেম্পিয়নশ্বিপ জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হোৱাৰ বাবে গুকেছক আন্তৰিক অভিনন্দন। তেওঁ ভাৰতক যথেষ্ট গৌৰৱান্বিত কৰিছে। তেওঁৰ বিজয়ে ভাৰতক দবা শক্তিকেন্দ্ৰ হিচাপে চিহ্নিত কৰিছে। প্ৰতিজন ভাৰতীয়ৰ হৈ মই  আপোনাৰ গৌৰৱময় ভৱিষ্যতৰ কামনা কৰিছো।”

আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গুকেছক অভিনন্দন জনাইছে। এক টুইট যোগে তেওঁ কয়, “অনুপ্ৰেৰণাদায়ক আৰু স্মৰণীয়! ভাৰতৰ বাবে এক গৌৰৱান্বিত চেকমেটৰ ক্ষণ। ফিডে বিশ্ব চেম্পিয়নশ্বিপ জয়ী হৈ আটাইতকৈ কনিষ্ঠ খেলুৱৈ হিচাপে বিশ্ব চেম্পিয়ন হোৱাৰ বাবে অভিনন্দন ডি গুকেছ। তেওঁৰ সফলতাই ভাৰতীয় ডবাক বিশ্বজুৰি বিকশিত কৰিছে আৰু অগণন যুৱ মনক উচ্চ লক্ষ্যৰ বাবে অনুপ্ৰাণিত কৰিছে। তেওঁক ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।”

 

Latest News