দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটাৰে সন্মানিত শ্ৰীজেশঃ এই চাৰি খেলুৱৈলৈও পদ্ম সন্মান
দেশৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ অসামৰিক সন্মান ক্ৰমে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বিজয়ীসকলৰ তালিকাত এইবাৰ ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ কেইবাগৰাকীও খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হৈছে। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানক স্বীকৃতি জনাই এইবাৰ দেশৰ পাঁচগৰাকী খেলুৱৈক পদ্ম সন্মানেৰে সন্মানিত কৰা হৈছে।
আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে দেশে। দেশৰ সৰ্বপ্ৰান্তত উলহ-মালহেৰে আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে গণৰাজ্য দিৱসৰ পূৰ্বে ঘোষণা কৰে পদ্ম সন্মান বিজয়ীসকলৰ নাম। এইবাৰো কেন্দ্ৰই গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শনিবাৰে নিশা পদ্ম বিজয়ীসকলৰ নাম ঘোষণা কৰে। দেশৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ অসামৰিক সন্মান ক্ৰমে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বিজয়ীসকলৰ তালিকাত এইবাৰ ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ কেইবাগৰাকীও খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হৈছে।
ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানক স্বীকৃতি জনাই এইবাৰ দেশৰ পাঁচগৰাকী খেলুৱৈক পদ্ম সন্মানেৰে সন্মানিত কৰা হৈছে। দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে কিংবদন্তি হকী তাৰকা পি আৰ শ্ৰীজেশক। ১৮ বৰ্ষজোৰা বৰ্ণাঢ্য কেৰিয়াৰত শ্ৰীজেশে ভাৰতীয় হকীক এক অনন্য মাত্ৰা প্ৰদান কৰিলে। ভাৰতীয় পুৰুষ দলৰ একেৰাহে দুটাকৈ অলিম্পিক পদক জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কিংবদন্তি তাৰকাগৰাকীয়ে।
উল্লেখ্য যে ভাৰতীয় হকী দলৰ অভেদ্য দেৱাল হিচাপে পৰিচিত হৈ পৰা শ্ৰীজেশে পেৰিছ অলিম্পিকত ঐতিহাসিক ব্ৰঞ্জ পদক জয়ৰ পিছতে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অৱসান ঘটাইছিল। পেৰিছ অলিম্পিকৰ পূৰ্বে ২০২০ চনৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জ জয়তো শ্ৰীজেশে লৈছিল অন্যতম প্ৰধান ভূমিকা। শ্ৰীজেশৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদতে ভাৰতীয় হকী দলে ৪১ বছৰৰ দীঘলীয়া খৰাঙৰ অৱসান ঘটাই অলিম্পিক পদক জয় কৰিছিল।
ইফালে বিগত মাহত আকস্মিকভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনলৈও আগবঢ়োৱা হৈছে পদ্মশ্ৰী বঁটা। বিগত এটা দশকতকৈয়ো অধিক সময় টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ সাফল্যৰ অন্যতম নায়ক অশ্বিনে ১০৬খন টেষ্টত ৫৩৭টা উইকেট দখল কৰাৰ লগতে ৩০০০ৰো অধিক ৰান সংগ্ৰহ কৰিছিল। ২০১১ চনত বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয়ী ভাৰতীয় দলৰ অংশ আছিল অশ্বিন।
একেদৰে বিগত বৰ্ষত পেৰিছ পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰা হৰবিন্দৰ সিঙকো পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য যে অলিম্পিক বা পেৰালিম্পিকত আৰ্চাৰীত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছিল হৰবিন্দৰ। এনে অসাধাৰণ কৃতিত্বৰ বাবে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হৈছে। পদ্মশ্ৰী জয়ী আন এগৰাকী তাৰকা হৈছে ভাৰতীয় ফুটবলৰ কিংবদন্তি আই এম বিজয়ন।
নব্বৈৰ দশকত ভাৰতীয় ফুটবলৰ মহাতাৰকা হিচাপে পৰিগণিত হৈছিল বিজয়ন। বাইচুং ভুটীয়া আৰু সুনীল ছেত্ৰীৰ পূৰ্বে বিজয়নক ভাৰতীয় ফুটবলৰ আটাইতকৈ মহানতম তাৰকা হিচাপে চৰ্চিত হৈ আহিছিল। ফুটবলাৰ হিচাপে কেৰিয়াৰ সামৰাৰ পিছত দেশৰ যুৱ প্ৰজন্মৰ মাজত ফুটবলৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে কিংবদন্তি তাৰকাগৰাকীয়ে। এওঁলোকৰ লগতে দ্ৰোনাচাৰ্য বঁটা বিজয়ী সত্যপাল সিঙকো পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে।