5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Paris Paralympics 2024: পেৰিছ পেৰালিম্পিকৰ হাই জাম্পত প্ৰবীণ কুমাৰৰ স্বৰ্ণ জয়, ভাৰতৰ পদকৰ সংখ্যা ২৬লৈ বৃদ্ধি

Praveen Kumar Gold Medal: দিল্লীৰ নিকটৱৰ্তী গাজিয়াবাদৰ পেৰা এথলীট প্ৰবীণ কুমাৰে পেৰালিম্পিক গেমছত একেৰাহে দ্বিতীয়টো পদক জয় কৰিছে। ইয়াৰ পূৰ্বে টকিঅ' পেৰালিম্পিকত একেটা ইভেণ্টৰ ৰূপৰ পদক লাভ কৰা প্ৰবীণে এইবাৰ তেওঁৰ পদকৰ ৰং সলনি কৰিছে।

Paris Paralympics 2024: পেৰিছ পেৰালিম্পিকৰ হাই জাম্পত প্ৰবীণ কুমাৰৰ স্বৰ্ণ জয়, ভাৰতৰ পদকৰ সংখ্যা ২৬লৈ বৃদ্ধি
পেৰিছ পেৰালিম্পিকত প্ৰবীণ কুমাৰৰ স্বৰ্ণ জয়!
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 06 Sep 2024 19:04 PM

পেৰিছ পেৰালিম্পিক গেমছ ২০২৪ত ভাৰতে ষষ্ঠটো স্বৰ্ণ পদক লাভ কৰিছে। ভাৰতীয় খেলুৱৈ প্ৰবীণ কুমাৰে পুৰুষৰ হাই জাম্প T64 শ্ৰেণীত স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচিছে। এই ইভেণ্টৰ ফাইনেলত ২.০৮ মিটাৰ জাম্পেৰে স্বৰ্ণ পদক অৰ্জন প্ৰবীণৰ । ইয়াৰ লগতে প্ৰবীণে টকিঅ’ পেৰালিম্পিক গেমছত লাভ কৰা তেওঁৰ পদকৰ ৰং সলনি কৰাত সফল হৈছে। প্ৰবীণৰ এই পদকৰ সৈতে ভাৰতৰ পদকৰ সংখ্যা ২৬ত উপনীত হৈছে । ইয়াৰ লগে লগে ভাৰতে পুনৰ পদক তালিকাৰ ১৪তম স্থানত উপনীত হৈছে।

পেৰালিম্পিক গেমছত ৬ ছেপ্টেম্বৰ শুকুৰবাৰৰ দিনটোত ভাৰতৰ প্ৰথমটো পদক প্ৰবীণ কুমাৰে হাই জাম্পত লাভ কৰিছে। প্ৰবীণে ২.০৮ মিটাৰ জঁপিয়াইছিল যাৰ বাবে তেওঁ এক নতুন এছিয়ান অভিলেখ গঢ়িছিল আৰু সোণৰ পদকো জিকিছিল। প্ৰবীণে এই ইভেণ্টত আন ৫জন খেলুৱৈক পিছ পেলাই সোণৰ পদক জিকিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেৰেক লোকিডেণ্টে (২.০৬ মিটাৰ) ৰূপৰ পদক জিকিছিল আৰু দুজন খেলুৱৈয়ে ব্ৰঞ্জ দখল কৰিছিল। উজবেকিস্তানৰ তিমুৰবেক গিয়াজভ আৰু পোলেণ্ডৰ মেছিজ লেপিয়াটোৱে ২.০৩ মিটাৰ জাম্পৰ সৈতে তৃতীয় স্থানত থাকি ব্ৰঞ্জ জয় কৰিছে।

 

ভৰিৰ সমস্যাত ভুগি থকা প্ৰবীণ কুমাৰে হাই জাম্পত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰিছে। বিশেষকৈ যোৱা তিনিটা বছৰ তেওঁৰ বাবে ভাল আছিল। ২০২১ চনত তেওঁ টকিঅ’ পেৰালিম্পিকত ৰূপৰ পদক জিকিছিল। তাৰ পাছত ২০২৩ চনত তেওঁ হাংঝৌ পাৰা এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰে। প্ৰবীণে পেৰিছত হাংঝৌৰ প্ৰদৰ্শনৰ পুনৰাবৃত্তি কৰিছিল আৰু পেৰালিম্পিক চেম্পিয়ন হোৱাৰ কৃতিত্ব অৰ্জন কৰিছিল। ইয়াৰ সৈতে তেওঁ এই খেলত সোণৰ পদক জয় কৰা ভাৰতৰ ষষ্ঠগৰাকী এথলীটত পৰিণত হয়।

 

প্ৰবীণৰ সফলতাত আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিক চেম্পিয়নক অভিনন্দন জনাই কয় যে, “তেওঁৰ যুঁজাৰু মনোভাৱই দেশৰ বাবে সফলতা আনিছে।” প্ৰবীণৰ স্বৰ্ণৰ সৈতে পেৰিছ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ২৬লৈ বৃদ্ধি হৈছে। ভাৰতীয় খেলুৱৈসকলে ইতিমধ্যে টকিঅ’ পেৰালিম্পিকত ১৯টা পদক অৰ্জন কৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক অতিক্ৰম কৰিছিল। এতিয়ালৈকে ভাৰতে ৬টা স্বৰ্ণ, ৯টা ৰূপ আৰু ১১টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। এই সময়ত ভাৰত দৃঢ়ভাৱে চতুৰ্দশ স্থানত আছে। খেল এতিয়াও ২ দিন বাকী আছে। এনে পৰিস্থিতিত পদক তালিকাত ভাৰতৰ নাম আগলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Latest News