বেটিঙত তেওঁৰ বিধ্বংসী ৰূপ, যেন ভাৰতীয় ক্ৰিকেটৰ নতুন যুৱৰাজ সিং

তেওঁক দেখিলেই মনত পৰে যুৱৰাজ সিঙৰ বিধ্বংসী বেটিং । পঞ্জাৱ কিংছৰ ২৪ বছৰীয়া নতুন অ’পেনাৰ প্ৰিয়াংশ আৰ্য্য । ভাৰতীয় দলত স্থান নোপোৱাকৈ তেওঁ ইতিহাস ৰচনা কৰে । বহুতে তেওঁক ভাৰতীয় ক্ৰিকেটৰ নতুন যুৱৰাজ বুলি ক’বলৈ আৰম্ভ কৰিছে ।

বেটিঙত তেওঁৰ বিধ্বংসী ৰূপ, যেন ভাৰতীয় ক্ৰিকেটৰ নতুন যুৱৰাজ সিং

প্ৰিয়াংশ আৰ্য্য

Published: 

10 Apr 2025 14:05 PM

৫০টা বলত ১২০ ৰানৰ এক বিধ্বংসী ইনিংছ । সেই ইনিংছত আছিল এক অভাৰত ছটা ছিক্সাৰ । ১০ টা ইনিংছত গড়ে প্ৰায় ৬০ ৰাণকৈ মুঠ ৬০৮ ৰান সংগ্ৰহ । তেওঁৰ আগ্ৰাসী বেটিঙৰ সন্মুখত বলাৰসকলে হৈ পৰিছিল দিশহাৰা । তেওঁক দেখিলেই মনত পৰে যুৱৰাজ সিঙৰ বিধ্বংসী বেটিং । পঞ্জাৱ কিংছৰ ২৪ বছৰীয়া নতুন অ’পেনাৰ প্ৰিয়াংশ আৰ্য্য । ভাৰতীয় দলত স্থান নোপোৱাকৈ তেওঁ ইতিহাস ৰচনা কৰে । বহুতে তেওঁক ভাৰতীয় ক্ৰিকেটৰ নতুন যুৱৰাজ বুলি ক’বলৈ আৰম্ভ কৰিছে ।

আই পি এলৰ মেগা নিলামত পঞ্জাব কিংছে তেওঁক প্ৰায় চাৰি কোটি টকাত ক্ৰয় কৰিছিল । প্ৰিয়াংশ আৰ্য্যই এই ছিজনত সকলোকে আচৰিত কৰি সেই সিদ্ধান্ত ভুল নাছিল বুলি প্ৰমাণ কৰিছে । প্ৰথমখন খেলত গুজৰাটৰ বিৰুদ্ধে খেলপথাৰত নামি ২৩টা বলত ৪৭ ৰানৰ ইনিংছ অৰ্জন কৰে । পঞ্জাৱৰ চতুৰ্থখন মেচত চেন্নাইৰ বিৰুদ্ধে ৩৯ টা বলত শতক । আই পি এলত দ্ৰুততম শতক অৰ্জনৰ ক্ষেত্ৰত আৰ্য্যই চতুৰ্থ স্থান দখল কৰিছে । তেওঁ যি ধৰণেৰে অভিলেখ ভংগ কৰিছে, ভৱিষ্যত যে উজ্জ্বল তাত কোনো সন্দেহ নাই ।

দিল্লীৰ এটা সাধাৰণ পৰিয়ালত জন্ম প্ৰিয়াংশৰ । অভিভাৱক দুয়োজনেই শিক্ষক । প্ৰিয়াংশৰ পিতৃ-মাতৃ দুয়োজনে বাস্তৱত পৰিণত কৰিব বিচাৰিছিল তেওঁৰ ক্ৰিকেটাৰ হোৱাৰ সপোন । পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থনে তেওঁক সপোনৰ দিশে আগুৱাই নিয়ে । সৰুৰে পৰাই আক্ৰমণাত্মকভাৱে বেটিং কৰিছিল তেওঁ, সমনীয়াৰ সৈতে খেলিছিল ষ্ট্ৰীট ক্ৰিকেট । মাত্ৰ সাত বছৰ বয়সতে তেওঁ সঞ্জয় ভৰদ্বাজৰ অধীনত আৰম্ভ কৰিছিল প্ৰশিক্ষণ । প্ৰশিক্ষক সঞ্জয় ভৰদ্বাজৰ তত্বাৱধানতেই আত্মপ্ৰকাশ ঘটিছিল গৌতম গম্ভীৰৰ দৰে তাৰকাৰ । তেওঁৱেই জন্ম দিলে আন এজন সাম্ভাৱ্য তাৰকাক ।

২০২১ চনত চৈয়দ মুস্তাক আলী ট্ৰফীত আৰম্ভ হৈছিল প্ৰিয়াংশৰ টি-২০ কেৰিয়াৰ । তাতেই তেওঁ প্ৰদৰ্শন কৰিছিল নিজৰ প্ৰতিভা । দুবছৰমান পিছত তেওঁ মুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান সংগ্ৰহ কৰে । নিজকে এজন দুৰ্দান্ত বেটছমেন হিচাপে প্ৰমাণ কৰিছিল প্ৰিয়াংশে । তেওঁৰ বাবে টাৰ্নিং পইণ্ট আছিল ২০২৪ চনৰ পৰা আৰম্ভ হোৱা দিল্লী প্ৰিমিয়াৰ লীগ । য’ত চকু কপালত তুলিব পৰা প্ৰদৰ্শন আগবঢ়ায় প্ৰিয়াংশে । মুঠ ৬০৮ ৰান । পুৰণি দিল্লীৰ বিৰুদ্ধে ১০৭ ৰানৰ অপৰাজিত ইনিংছ । নৰ্থ দিল্লী ষ্ট্ৰাইকাৰ্ছৰ বিৰুদ্ধে ৫০ টা বলত ১২০ ৰানৰ বিধ্বংসী ইনিংছ । যিখন মেচত তেওঁ এটা অভাৰত ৬টা ছয় কোবায় । ইয়াৰ পৰাই আৰম্ভ হৈছিল চৰ্চা, প্ৰিয়াংশে কেতিয়াও পিছলৈ ঘূৰি চাব লগা নহ’ল ।

এদিনীয়া ফৰ্মেটত বিশেষ ভাল খেলিব পৰা নাছিল তেওঁ । লিষ্ট A ক্ৰিকেটত ১০৫ ষ্ট্ৰাইক ৰেটত ৭ খন মেচত সংগ্ৰহ মাত্ৰ ৭৭ ৰান । কিন্তু প্ৰিয়াংশে এই পৰ্যন্ত টি-২০ ফৰ্মেটত ১৮ খন মেচ খেলি ১৬৬ ষ্ট্ৰাইক ৰেটত ৫৭৩ ৰান সংগ্ৰহ কৰিছে, যিটো আকৰ্ষণীয় । ১টা শতক আৰু ৩টা অৰ্ধশতক আছে তেওঁৰ নামত । T20ত প্ৰিয়াংশ এতিয়া নতুন যুৱৰাজ । প্ৰতিখন মেচতে দেখা গৈছে তেওঁৰ বিধ্বংসী ৰূপ ।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক