তুলনা দূৰেই, নাই কাষতো! IPLৰ আনকেপড খেলুৱৈতকৈও কম PSLৰ দামী খেলুৱৈৰ মূল্য
আই পি এলৰ সমান্তৰালকৈ এতিয়া চলি আছে পি এছ এল। একাংশ পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে পি এছ এলক আই পি এলৰ সমপৰ্যায়ৰ বা উচ্চ পৰ্যায়ৰ বুলিও দাবী কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় অনুৰাগীয়ে কৰিছে কটুক্তি বাণী। পিছে ধনৰ বিনিয়োগৰ তুলনাত আই পি এলতকৈ যে পি এছ এল যথেষ্ট পিছত আছে, সেয়া ধূৰুপ।

PSLৰ দামী খেলুৱৈ ৱাৰ্ণাৰ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলৰ সমান্তৰালকৈ এতিয়া চলি আছে পাকিস্তান চুপাৰ লীগ, চমুকৈ পি এছ এল। এই দুই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত ভাৰত আৰু পাকিস্তানৰ একাংশ ক্ৰিকেটপ্ৰেমীৰ মাজত পাৰস্পৰিক কটাক্ষ-কটুক্তি তথা বাদানুবাদ পৰিলক্ষিত হৈছে। একাংশ পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে পি এছ এলক আই পি এলৰ সমপৰ্যায়ৰ বা উচ্চ পৰ্যায়ৰ বুলিও দাবী কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় অনুৰাগীয়ে কৰিছে কটুক্তি বাণী। পিছে ধনৰ বিনিয়োগৰ তুলনাত আই পি এলতকৈ যে পি এছ এল যথেষ্ট পিছত আছে, সেয়া ধূৰুপ।
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অপেনিং বেটাৰ ডেভিদ ৱাৰ্নাৰে এই ছিজনতে প্ৰথমবাৰৰ বাবে পাকিস্তান চুপাৰ লীগত অংশ লৈছে। আই পি এলৰ নিলামত আনচ’ল্ড হৈ ৰোৱা ৱাৰ্ণাৰক কৰাচী কিংছে চুক্তিবদ্ধ কৰে আৰু পিছত দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে। লক্ষণীয়ভাৱে ৱাৰ্ণাৰেই হৈছে পি এছ এলৰ এই ছিজনৰ আটাইতকৈ দামী খেলুৱৈ। ইয়াৰ পিছত আছে নিউজিলেণ্ডৰ অল-ৰাউণ্ডাৰ ডেৰিল মিচেল। ৱাৰ্ণাৰৰ দৰে মিচেলেও প্ৰথমবাৰৰ বাবে খেলিছে পি এছ এলত।
এই তালিকাত তৃতীয়ৰ পৰা অষ্টম স্থানলৈ আছে পাকিস্তানৰ ৬ গৰাকী খেলুৱৈ। পিছে জানি আচৰিত হ’ব যে পি এছ এলৰ আটাইতকৈ দামী খেলুৱৈ ৱাৰ্ণাৰৰ দৰমহা আই পি এলৰ এগৰাকী ৰিটেইন আনকেপড খেলুৱৈৰ দৰমহাতকৈও কম। আই পি এল ২০২৫ত ফ্ৰেন্সাইজিসমূহে ৰিটেইন কৰা আনকেপড খেলুৱৈৰ দৰমহা ৪ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু পি এছ এলৰ দামী খেলুৱৈ হোৱাৰ পিছতো ৱাৰ্ণাৰৰ দৰমহা মাত্ৰ ২.৫৭ কোটি টকা।
চাওঁ আহক পি এছ এলৰ শীৰ্ষ ৮ গৰাকী দামী খেলুৱৈ আৰু তেওঁলোকৰ দৰমহা-
১) ডেভিদ ৱাৰ্নাৰঃ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ডেভিদ ৱাৰ্নাৰক পাকিস্তান চুপাৰ লীগ ২০২৫ৰ বাবে কৰাচী কিংছে অধিনায়ক হিচাপে নিযুক্তি দিছে। ৱাৰ্নাৰক প্ৰায় ২.৫৭ কোটি টকাত ক্ৰয় কৰিছিল দলটোৱে।
২) ডেৰিল মিচেলঃ নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ ডেৰিল মিচেলেও প্ৰথমবাৰৰ বাবে পি এছ এলত খেলিছে। প্ৰায় ১ কোটি ৮৮ লাখ টকাত তেওঁক ক্ৰয় কৰিছিল লাহোৰ কালাণ্ডাৰ্ছে।
৩) বাবৰ আজমঃ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বাবৰ আজমক পেছাৱৰ জালমীয়ে প্ৰায় ১ কোটি ৮৮ লাখ টকাত ক্ৰয় কৰিছিল। তেওঁ এই দলৰ অধিনায়কো।
৪) ফখৰ জামানঃ পাকিস্তানৰ বিস্ফোৰক অ’পেনিং বেটাৰ ফখৰ জামানক লাহোৰ কালাণ্ডাৰ্ছে প্ৰায় ১ কোটি ৮৮ লাখ টকাত ক্ৰয় কৰিছিল।
৫) শ্বাহীন শ্বাহ আফ্ৰিদিঃ পাকিস্তানৰ বেগী বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদিক লাহোৰ কালাণ্ডাৰ্ছে প্ৰায় ১.৮৮ কোটি টকাত ক্ৰয় কৰিছিল। তেওঁ এই দলৰ অধিনায়কো।
৬) ছেম আয়ুবঃ পেছাৱৰ জালমীয়ে প্ৰায় ১ কোটি ৮৮ লাখ টকাত ছেম আয়ুবক ক্ৰয় কৰিছিল। বাবৰ আজমৰ সৈতে দলটোৰ ইনিংছ মুকলি কৰে আয়ুবে।
৭) নাছিম শ্বাহঃ পাকিস্তানৰ বেগী বলাৰ নাছিম শ্বাহক ইছলামাবাদ ইউনাইটেডে ১.৮৮ কোটি টকাত ক্ৰয় কৰিছিল।
৮) মহম্মদ ৰিজৱানঃ পাকিস্তান ক্ৰিকেটৰ এদিনীয়া আৰু টি-২০ৰ অধিনায়ক মহম্মদ ৰিজৱানক প্ৰায় ১.৮৮ কোটি টকাত ক্ৰয় কৰিছিল মুলতান চুলতানে। তেওঁ এই দলৰ অধিনায়কৰ দায়িত্বতো আছে।