চাকৰি প্ৰত্যাশীলৈ সুখবৰঃ এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদনৰ তাৰিখ বৃদ্ধি, চাওক সবিশেষ
চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে ভাৰতীয় ৰে’লৱেই এক সুন্দৰ সুযোগ মুকলি কৰিছিল। ৩২ হাজাৰৰো অধিক পদত গ্ৰুপ-ডি কৰ্মচাৰী নিযুক্তিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছিল ৰে’লৱে নিযুক্তি ব’ৰ্ডে। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ব’ৰ্ডে পূৰ্বে ২২ ফেব্ৰুৱাৰী আবেদনৰ অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছিল যদিও এতিয়া আবেদনৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে।

চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা দেশৰ যুৱক-যুৱতীসকলৰ বাবে ভাৰতীয় ৰে’লৱেই নিযুক্তিৰ ক্ষেত্ৰত এক সুন্দৰ সুযোগ মুকলি কৰিছিল। ৩২ হাজাৰৰো অধিক পদত গ্ৰুপ-ডি কৰ্মচাৰী নিযুক্তিৰ বাবে ৰে’লৱে নিযুক্তি ব’ৰ্ডে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছিল। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ব’ৰ্ডে পূৰ্বে ২২ ফেব্ৰুৱাৰী আবেদনৰ অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছিল যদিও এতিয়া আবেদনৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ প্ৰাৰ্থীসকলে পূৰ্ব নিৰ্ধাৰিত তাৰিখ মতে আবেদনৰ বাবে আজিলৈকে সময় পাইছিল যদিও এতিয়া কিছুদিনৰ অতিৰিক্ত সময় লাভ কৰিব।
এতিয়া ইচ্ছুক প্ৰাৰ্থীসকলে RRB rrbapply.gov.in ৰ অফিচিয়েল ৱেবছাইটত গৈ অহা ১ মাৰ্চৰ (নিশা ১১:৫৯ বজা) লৈকে আবেদন কৰিব পাৰিব। এই নিযুক্তি অভিযানৰ অধীনত ৰে’লৱে গ্ৰুপ-ডিৰ ৩২,৪৩৮টা পদ পূৰণ কৰা হ’ব। বিগত মাহৰ ২৩ জানুৱাৰীৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। প্ৰাৰ্থীসকলে ৩ মাৰ্চৰ ভিতৰত আবেদন মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে ৪ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈ আবেদন সংশোধন কৰিব পাৰিব।
এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে। দশম শ্ৰেণী বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ বা আই টি আই বা এন চি ভি টিৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট থকা প্ৰাৰ্থীয়ে এই নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰা প্ৰাৰ্থীৰ বয়স ২০২৫ চনৰ ১ জানুৱাৰীলৈকে কমেও ১৮ বছৰ আৰু সৰ্বাধিক ৩৬ বছৰ হ’ব লাগিব।
ইফালে জেনেৰেল শ্ৰেণীৰ প্ৰাৰ্থীয়ে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন মাচুল হিচাপে ৫০০ টকা পৰিশোধ কৰিব লাগিব। আনহাতে দিব্যাংগ, মহিলা, তৃতীয় লিংগ, সেনাবাহিনীৰ প্ৰাক্তন কৰ্মী, অনুসূচিত জাতি, অনুসূচিত জনজাতি, সংখ্যালঘু সম্প্ৰদায় আৰু অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী (ইবিচি) প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ২৫০ টকা নিৰ্ধাৰণ কৰা হৈছে।
প্ৰাৰ্থীসকলক কম্পিউটাৰ ভিত্তিক পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা, নথিপত্ৰ পৰীক্ষণ আৰু চিকিৎসা পৰীক্ষা আদি চাৰিটা পৰ্যায়ত নিযুক্তিৰ বাবে বাছনি কৰা হ’ব। প্ৰথমে প্ৰাৰ্থীসকলে অনলাইন পৰীক্ষা দিব লাগিব। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে শাৰীৰিক দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব আৰু তাৰ পিছত তেওঁলোকে নথিপত্ৰ পৰীক্ষণ আৰু চিকিৎসা পৰীক্ষাত অংশগ্ৰহণ কৰিব লাগিব।
এই সকলোবোৰ পৰ্যায়ত যোগ্যতা লাভ কৰাৰ পিছত প্ৰাৰ্থীসকলৰ বাছনি চূড়ান্ত হ’ব। উল্লেখ্য যে নিযুক্তি প্ৰক্ৰিয়াৰ কম্পিউটাৰ ভিত্তিক পৰীক্ষাত ১০০টা প্ৰশ্ন থাকিব। পৰীক্ষাৰ সময়সীমা হ’ব ৯০ মিনিট। পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ জেনেৰেল আৰু EWS শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে ৪০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। আনহাতে OBC, SC আৰু ST পৰীক্ষাৰ্থীয়ে ৩০ শতাংশ নম্বৰ লাভ কৰিব লাগিব।