5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এটা ইনিংছত ১০টা উইকেট! এইগৰাকী যুৱ ভাৰতীয় পেচাৰে দেখুৱালে চমক

ক্ৰিকেটত সাধাৰণতে এগৰাকী বলাৰেই কেইবাটাও উইকেট দখল কৰি বিপক্ষ দলক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়াৰ দৃশ্য প্ৰায়েই দেখিবলৈ পোৱা যায়। কিন্তু এটা ইনিংছত ১০টা উইকেট দখলৰ দৰে কৃতিত্ব প্ৰায় দুৰূহ। খুব কমেইহে ক্ৰিকেট বিশ্বত দেখা যায় এই চকম। এনে অনন্য কৃতিত্বৰেই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতৰ এগৰাকী যুৱ পেচাৰে।

এটা ইনিংছত ১০টা উইকেট! এইগৰাকী যুৱ ভাৰতীয় পেচাৰে দেখুৱালে চমক
ৰজীত অংশুলৰ চমক
monjit-dutta
Monjit Dutta | Published: 15 Nov 2024 16:21 PM

প্ৰতিগৰাকী বলাৰৰে বল হাতত লৈ ক্ৰীজত বিপক্ষৰ বেটিং লাইন আপত ত্ৰাস সৃষ্টিৰ এক অনন্য হেঁপাহ থাকে। উইকেট দখলেৰে নিজৰ দলক বিজয়ৰ স্বাদ দিয়াৰ সমান্তৰালকৈ নিজকে প্ৰমাণ কৰাৰ পূৰ্ণ চেষ্টা চলায় বলাৰে। বহুসময়ত এগৰাকী বলাৰেই কেইবাটাও উইকেট দখল কৰি বিপক্ষ দলক বিপৰ্যয়ৰ মুখলৈ ঠেলি দি হৈ পৰে নায়ক। কিন্তু এটা ইনিংছত ১০টা উইকেট দখলৰ দৰে কৃতিত্ব প্ৰায় দুৰূহ। খুব কমেইহে ক্ৰিকেট বিশ্বত দেখা যায় এই চকম। এনে অনন্য কৃতিত্বৰেই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতৰ এগৰাকী যুৱ পেচাৰে।

ভাৰতৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীত এই অনন্য কৃতিত্ব অৰ্জন কৰিছে অংশুল কম্বোজে। চলিত ৰঞ্জী ট্ৰফীৰ এলিট গ্ৰুপ চিৰ এখন মেচত মুখামুখি হৈছে কেৰালা আৰু হাৰিয়ানা। ৰোহটকত চলি থকা মেচখনৰ তৃতীয় দিনা আজি হাৰিয়ানাৰ বেগী বলাৰ অংশুলে কেৰালাৰ প্ৰথম ইনিংছত দহটা উইকেটৰ আটাইকেইটা উইকেট দখল কৰি ইতিহাস সৃষ্টি কৰে। ৰঞ্জীৰ দীৰ্ঘদীনীয়া ইতিহাসত এই চমক সৃষ্টি কৰা কেৱল তৃতীয়গৰাকী বলাৰ হিচাপে পৰিগণিত হৈছে অংশুলে।

শেহতীয়াকৈ ৰঞ্জীত দেখিবলৈ পোৱা গৈছিল বেটাৰৰ আধিপত্য। বৃ্হস্পতিবাৰে চাৰিগৰাকীকৈ বেটাৰে ত্ৰিশতক অৰ্জনেৰে বলাৰৰ বাবে সৃষ্টি কৰিছিল প্ৰায় বিভীষিকাৰ। কিন্তু বেটাৰৰ এই আধিপত্যৰ মাজতো আজি জিলিকি উঠে অংশুল কম্বোজ।  নিজৰ ৩০ অভাৰৰ স্পেলত যুৱ পেচাৰগৰাকীয়ে চমপ্ৰদ প্ৰদৰ্শনেৰে কেৰালাৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰি মাত্ৰ ৪৯ ৰান খৰচ কৰি ১০টা উইকেট দখল কৰে।

ইয়াৰ লগে লগে অংশুলে ৰঞ্জী ট্ৰফীৰ ইতিহাসত ৩৯ বছৰৰ পাছত এই কৃতিত্বৰ পুনৰাবৃত্তি ঘটায়। ইয়াৰ পূৰ্বে ১৯৮৫-৮৬ ছিজনত ৰাজস্থানৰ প্ৰদীপ সুন্দৰমে বিদৰ্ভৰ বিৰুদ্ধে এক ইনিংছতে ৭৮ ৰানত ১০টা উইকেট দখল কৰিছিল। আনহাতে ১৯৫৬-৫৭ ছিজনত বংগৰ হৈ প্ৰেমাংশু চেটাৰ্জীয়ে ৰঞ্জীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছিল, মাত্ৰ ২০ ৰানতে দখল কৰিছিল ১০টা উইকেট। দুৰ্ভাগ্যজনকভাৱে এই অভেলেখ ঘটিছিল অসমৰ বিপক্ষেই।

ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মাত্ৰ ৬ বাৰ এনে সাফল্য অৰ্জন কৰিছে এগৰাকী বলাৰে। সুভাষ গুপ্তেই প্ৰথমগৰাকী ভাৰতীয় হিচাপে এই সাফল্য লাভ কৰিছিল। ১৯৫৪-৫৫ চনত বোম্বেৰ হৈ খেলি তেওঁ পাকিস্তান কম্বাইণ্ড চাৰ্ভিচেছৰ বিৰুদ্ধে ১০টা উইকেট দখল কৰে। ঘৰুৱা ক্ৰিকেটত শেষবাৰৰ বাবে এ্নে চমকৃত প্ৰদৰ্শন দাঙি ধৰিছিল দেৱাশীষ মহান্তিয়ে। ২০০০-০১ বৰ্ষৰ দুলীপ ট্ৰফীৰ ছিজনত মহান্তিয়ে ৪৬ ৰানত ১০টা উইকেট দখল কৰিছিল।

আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সাফল্য লাভ কৰা একমাত্ৰ ভাৰতীয় বলাৰ হৈছে কিংবদন্তি তাৰকা অনিল কুম্বলে। ১৯৯৯ চনত কোটলা টেষ্টত তেওঁ এনে দুৰন্ত স্পেলেৰে প্ৰায় এককভাৱেই পাকিস্তানক পৰাস্ত কৰিছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অন্তিমবাৰ এনে প্ৰদৰ্শন দেখা গৈছিল ২০২১ চনত। ভাৰতৰ বিপক্ষে নিউজিলেণ্ডৰ আজাজ পেটেলে ১১৯ ৰানত ১০টা উইকেট দখলৰ এই বিৰল কৃতিত্ব অৰ্জন কৰিছিল।

Latest News