5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা আৰ অশ্বিনৰ…

ভাৰতৰ ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। ব্রিজবেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ৪ র্থ টেষ্টত ড্ৰ’ কৰাৰ কিছু সময়ৰ পাছতে ৩৮ বছৰীয়া অশ্বিনে নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা আৰ অশ্বিনৰ…
ৰবিচন্দ্ৰন অশ্বিন
manas-borah
Manas Borah | Updated On: 18 Dec 2024 12:09 PM

বছৰৰ শেষত ক্ৰিকেট অনুৰাগীৰ বাবে বেয়া খবৰ । ভাৰতৰ ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। ব্রিজবেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ৪ র্থ টেষ্টত ড্ৰ’ কৰাৰ কিছু সময়ৰ পাছতে ৩৮ বছৰীয়া অশ্বিনে নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে । ৬১৯টা উইকেট লাভ কৰা অনিল কুম্বলেৰ পাছতে আছে ৰবিচন্দ্ৰন অশ্বিন ।

প্ৰকাশিত খবৰ অনুসৰি, ভাৰতৰ প্ৰিমিয়াৰ অফ স্পিনাৰ আৰ অশ্বিনে বুধবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ মাজভাগত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অৱসৰৰ কথা ঘোষণা কৰি ক্ৰিকেট জগতখনক আচৰিত কৰে। টেষ্টত ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰাৰ অশ্বিনে হঠাৎ এই সিদ্ধান্তৰ কৰা ঘোষণা কৰাৰ পাছতে এতিয়া এইলৈ অনুৰাগীৰ মাজত ব্য়াপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে  । অশ্বিনে ১০৬খন খেলত ৫৩৭টা দখল কৰিছিল ।

অৱসৰৰ সন্দৰ্ভত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে যৌথ সংবাদমেলত অশ্বিনে কয় যে, “মই আপোনাৰ পৰা বেছি সময় নলওঁ। ভাৰতৰ ক্ৰিকেটাৰ হিচাপে মোৰ বাবে আজি শেষ দিন হ’ব।” ইয়াৰ পাছতে সংবাদমেল ত্যাগ কৰে অশ্বিনে । অশ্বিনে মঞ্চ এৰি যোৱাৰ পিছতে ৰোহিতে কয় যে, “তেওঁ নিজৰ সিদ্ধান্তৰ ওপৰত নিশ্চিত আছিল। তেওঁ যি বিচাৰে তাৰ কাষত আমি থিয় দিয়া উচিত।”

এই কথা ঘোষণাৰ কেইঘণ্টামানৰ পূৰ্বে ড্ৰেছিং ৰুমত ষ্টাৰ বেটছমেন বিৰাট কোহলীৰ সৈতে আৱেগিক মুহূৰ্ত শ্বেয়াৰ কৰা দেখা গৈছিল অশ্বিনক । অশ্বিনে অৱসৰৰ কথা ঘোষণা কৰাৰ পাছতে ভাৰতীয় ক্ৰিকেট বৰ্ডে সামাজিক মাধ্য়মৰ জৰিয়তে কয় যে, আয়ত্ত, যাদু, মেধা আৰু অভিনৱতাৰ সমাৰ্থক নাম আৰ অশ্বিন । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে টীম ইণ্ডিয়াৰ অল ৰাউণ্ডাৰগৰাকীয়ে। লগতে কিংবদন্তি কেৰিয়াৰৰ বাবে অশ্বিনক অভিনন্দন জ্ঞাপন কৰে বিচিচিআইয়ে ।

Latest News