5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Ravichandran Ashwin: অপমানিত হৈ হঠাতে অৱসৰ ল’লে অশ্বিনে! পিতৃৰ মন্তব্যই লগাইছে চাঞ্চল্য

গাব্বা টেষ্টৰ সমাপ্তিৰ পিছতে সকলোকে হচকিত কৰি আচম্বিতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। শৃংখলাৰ মাজতে কোনো আগতীয়া চৰ্চা নোহোৱাকৈ অশ্বিনে কি কাৰণত এইদৰে হঠাতে অৱসৰৰ সিদ্ধান্ত ল’লে, সেই প্ৰশ্ন স্বাভাৱিকতেই প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ মনতে উত্থাপন হৈছে। এই চৰ্চাৰ মাজতে অশ্বিনৰ পিতৃৰ এক বিস্ফোৰক মন্তব্য পোহৰলৈ আহিছে।

Ravichandran Ashwin: অপমানিত হৈ হঠাতে অৱসৰ ল’লে অশ্বিনে! পিতৃৰ মন্তব্যই লগাইছে চাঞ্চল্য
ৰবিচন্দ্ৰন অশ্বিনৰ অৱসৰক লৈ অব্যাহত বিতৰ্ক
monjit-dutta
Monjit Dutta | Published: 19 Dec 2024 14:43 PM

চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয় টেষ্ট সমাপ্ত হোৱাৰ পিছতে এক অপ্ৰত্যাশিত খবৰে জোকাৰি যায় ভাৰতীয় ক্ৰিকেটক। গাব্বা টেষ্টৰ সমাপ্তিৰ পিছতে সকলোকে হচকিত কৰি আচম্বিতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। তাৰকা ক্ৰিকেটাৰগৰাকীৰ এনে আকস্মিক সিদ্ধান্তই সকলোকে একপ্ৰকাৰে হতভম্ব কৰি তোলে। অষ্ট্ৰেলিয়াৰ বিপক্ষে চলি থকা এই শৃংখলাৰ মাজতে কোনো আগতীয়া চৰ্চা নোহোৱাকৈ অশ্বিনে কি কাৰণত এইদৰে হঠাতে অৱসৰৰ সিদ্ধান্ত ল’লে, সেই প্ৰশ্ন স্বাভাৱিকতেই প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ মনতে উত্থাপন হৈছে।

অনুৰাগীৰ এই চৰ্চাৰ মাজতে অশ্বিনৰ পিতৃৰ এক বিস্ফোৰক মন্তব্য পোহৰলৈ আহিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অশ্বিনক ভাৰতীয় দলত অপমানিত কৰা হৈছিল আৰু সেয়েহে তেওঁ হঠাতে অৱসৰ গ্ৰহণ কৰিছি বুলি অশ্বিনৰ পিতৃ ৰবিচন্দ্ৰনে দাবী কৰিছে। অশ্বিনৰ পিতৃৰ ভাষ্য মতে, তেওঁৰ পুত্ৰক ভাৰতীয় দলত অহৰহ অপমানিত কৰা হৈছিল যাৰ বাবে তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণৰ মাজভাগত অৱসৰ গ্ৰহণ কৰিছে।

পুত্ৰই হঠাৎ অৱসৰ লোৱাৰ সিদ্ধান্তত তেওঁ স্তম্ভিত হৈ পৰা বুলিও অশ্বিনৰ পিতৃয়ে লগতে কয়। সংবাদ মাধ্যমৰ আগত অশ্বিনৰ পিতৃয়ে কয়, “মই নিজেও অৱসৰৰ কথা শেষ মুহূৰ্তত জানিব পাৰিলো। তেওঁৰ মনত কি চলি আছিল নাজানো। তেওঁ মাত্ৰ ঘোষণা কৰিলে।” অশ্বিনৰ অৱসৰৰ সিদ্ধান্তত তেওঁ সুখী হয়ো আৰু সুখী নহয়ো বুলি উল্লেখ কৰি ৰবিচন্দ্ৰনে লগতে অশ্বিনে আৰু কিছুদিন খেলিব লাগিছিল বুলি মন্তব্য কৰে।

“অৱসৰ লোৱাটো অশ্বিনৰ সিদ্ধান্ত আছিল আৰু মই ইয়াত হস্তক্ষেপ নকৰো, কিন্তু তেওঁ অৱসৰ লোৱাৰ ধৰণটোৰ বহু কাৰণ থাকিব পাৰে। কেৱল অশ্বিনেহে জানে, সম্ভৱ অপমানেই ইয়াৰ কাৰণ হ’ব পাৰে।”- তেওঁ লগতে কয়। ইফালে অশ্বিনৰ অৱসৰ পৰিয়ালৰ বাবে এক আৱেগিক মুহূৰ্ত বুলি উল্লেখ কৰি ৰবিচন্দ্ৰনে লগতে কয়, “তেওঁ ১৪-১৫ বছৰ ক্ৰিকেট খেলিছিল আৰু তেওঁৰ হঠাতে অৱসৰ গ্ৰহণে আমাক স্তম্ভিত কৰি তুলিছিল।”

“আমাৰ এনে লাগে যেন আমাক অবিৰতভাৱে অপমান কৰা হৈছে। কিন্তু এই সকলোবোৰ তেওঁ কিমান দিন সহ্য কৰিব পাৰিব? সেইবাবেই অশ্বিনে অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছিল।”- ৰবিচন্দ্ৰনে লগতে এইদৰে কয়। উল্লেখ্য যে বহু ক্ৰিকেট বিশেষজ্ঞই অশ্বিনক ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অফ স্পিনাৰ হিচাপে আখ্যা দি আহিছে। টেষ্ট ক্ৰিকেটত দেশৰ হৈ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ অশ্বিনে বলাৰৰ লগতে অলৰাউণ্ডাৰ ৰেংকিঙতো দীঘলীয়া সময় শীৰ্ষস্থানত আছিল।

পিছে ভাৰতীয় দলত অশ্বিনে প্ৰাপ্য সন্মান লাভ নকৰিলে বুলি বহু লোকে ক্ষোভ প্ৰকাশ কৰি আহিছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ গত দুটা ছিজনত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াইছিল যদিও দুয়োখন ফাইনেলতে মূল একাদশত স্থান লাভ কৰা নাছিল অশ্বিনে। দেশৰ কিংবদন্তি তাৰকা সুনীল গাভাস্কাৰে বহু সময়ত এই বিষয়টো উত্থাপন কৰি অসন্তুষ্টিও প্ৰকাশ কৰিছিল। এনে অপমানজনিত কাৰণতে অশ্বিনে অৱসৰ ল’ব পাৰে বুলি এতিয়া পিতৃয়ে অভিযোগ কৰিছে।

Latest News