ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল নে কুলদীপ যাদৱ ! চেম্পিয়নছ ট্ৰফীৰ বাবে মূল একাদশত কোনে পাব স্থান ?

দুজন স্পিনাৰক টীম ইণ্ডিয়াই মূল একাদশত স্থান দিয়াৰ সম্ভাৱনা আছে । যদি মূল একাদশত দুজন স্পিনাৰক স্থান দিয়া হয় তেন্তে ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলিব পাৰে ।

ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল নে কুলদীপ যাদৱ ! চেম্পিয়নছ ট্ৰফীৰ বাবে মূল একাদশত কোনে পাব স্থান ?

চেম্পিয়নছ ট্ৰীফৰ মূল একাদশত কোনে পাব স্থান ?

Published: 

08 Jan 2025 14:08 PM

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। মাজত প্ৰায় ডেৰ মাহ বাকী থকাৰ পাছতো টীম ইণ্ডিয়াৰ দল এতিয়াও ঘোষণা কৰা হোৱা নাই।  চেম্পিয়নছ ট্ৰফীৰ বাবে টীম ইণ্ডিয়াত কোনসকল খেলুৱৈয়ে স্থান লাভ কৰিব সেই কথা ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত স্পষ্ট হৈ পৰা সম্ভাৱনা আছে । উল্লেখ্য যে, টীম ইণ্ডিয়াই সকলো মেচ ডুবাইত খেলিব লাগিব, য’ত স্পিনাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এনে পৰিস্থিতিত দুজন স্পিনাৰক টীম ইণ্ডিয়াই মূল একাদশত স্থান দিয়াৰ সম্ভাৱনা আছে । যদি মূল একাদশত দুজন স্পিনাৰক স্থান দিয়া হয় তেন্তে ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলিব পাৰে । এতিয়া প্ৰশ্ন হয়, ইয়াৰে কোন দুজনক সুযোগ দিব অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ?

মনকৰিবলগীয়া যে, ডুবাইত এদিনীয়া খেলত সৰ্বাধিক উইকেট দখল কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে । শ্বাহিদ আফ্ৰিদী এগৰাকী পাকিস্তানৰ প্ৰখ্যাত লেগ স্পিনাৰ । যদি সেই অনুসৰি চোৱা যায়, তেন্তে ভাৰতীয় দলে ৩ জন স্পিনাৰক নিজৰ দলত অন্তৰ্ভুক্ত কৰিব পাৰে।

প্ৰতিবেদন অনুসৰি, চেম্পিয়নছ ট্ৰফীত ভাৰতৰ দলটো এদিনীয়া আৰু টি-২০ বিশ্বকাপৰ দৰেই অলপ দেখা যাব বুলি আশা কৰা হৈছে। অৰ্থাৎ ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱ তিনিওগৰাকী দলত থাকিব।

মূল একাদশত মাত্ৰ দুজন খেলুৱৈয়েহে সুযোগ পাব, য’ত ৰবীন্দ্ৰ জাডেজা আৰু অক্ষৰ পেটেলক দেখা যাব পাৰে । দুয়োগৰাকী খেলুৱৈয়ে উৎকৃষ্ট বলিঙৰ লগতে বেটিঙতো ভাল প্ৰদৰ্শন কৰি আহিছে । একে সময়তে জাডেজা দলৰ অন্যতম অভিজ্ঞ খেলুৱৈ । শেহতীয়াকৈ অক্ষৰ পেটেলেও নিজৰ বেটিঙত ভাল প্ৰদৰ্শন আগবঢ়াইছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে বেংগালুৰু টেষ্টৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল কুলদীপ যাদৱ। ইয়াৰ পাছৰে পৰা তেওঁ এতিয়াও বলিং আৰম্ভ কৰা নাই। এনে পৰিস্থিতিত তেওঁক চেম্পিয়নছ ট্ৰফী দলত অন্তৰ্ভুক্ত কৰাটো কঠিন যেন লাগে। ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত যদি তেওঁ খেলিব নোৱাৰে তেন্তে তেওঁ চেম্পিয়নছ ট্ৰফী দলটো স্থান পোৱাটো কঠিন হৈ পৰিব পাৰে ।

পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!