অশ্বিনৰ পথেই ল’ব নেকি জাদেজায়ো! ইনষ্টাগ্ৰাম ষ্ট’ৰীয়ে তুলিছে চৰ্চাৰ লহৰ

ভাৰতীয় দলত বিশেষকৈ টেষ্টত অশ্বিন-জাদেজাৰ যুটি ক্ৰিকেট ইতিহাসৰে এক মহানতম যুটি হিচাপে পৰিচিত হৈ ৰ’ব। পিছে অশ্বিনৰ অৱসৰৰ লগে লগে ভংগ হয় এই আকৰ্ষণীয় যুটি। এতিয়া অশ্বিনৰ পদাংক অনুসৰণ কৰি ৰবীন্দ্ৰ জাদেয়ায়ো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ বাবে সাজু হৈছে বুলি ধাৰণা কৰিছে অনুৰাগীয়ে।

অশ্বিনৰ পথেই ল’ব নেকি জাদেজায়ো! ইনষ্টাগ্ৰাম ষ্ট’ৰীয়ে তুলিছে চৰ্চাৰ লহৰ

অৱসে ল’ব নেকি জাদেজাই!

Updated On: 

11 Jan 2025 07:19 AM

সদ্যসমাপ্ত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজতে ক্ৰিকেট বিশ্বক হতভম্ব কৰি তুলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আচম্বিতে অৱসৰ গ্ৰহণ কৰিছিল তাৰকা ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে। তেওঁৰ এই সিদ্ধান্তই আৱেগিক কৰি তুলিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলক। দীৰ্ঘসময় ধৰি ভাৰতীয় ক্ৰিকেটৰ বহু সাফল্যৰ অন্যতম এগৰাকী নায়ক হিচাপে ভূমিকা পালন কৰি অহা অশ্বিনৰ এনে আকস্মিক সিদ্ধান্তৰ পিছত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছিল। অশ্বিনৰ পিছত এইবাৰ তেওঁৰ সহযোগী ৰবীন্দ্ৰ জাদেজাৰ ক্ৰিকেট কেৰিয়াৰ সন্দৰ্ভতো অনুৰাগীৰ মাজত চৰ্চাৰ সৃষ্টি হৈছে।

ভাৰতীয় দলত বিশেষকৈ টেষ্টত অশ্বিন-জাদেজাৰ যুটি ক্ৰিকেট ইতিহাসৰে এক মহানতম যুটি হিচাপে পৰিচিত হৈ ৰ’ব। বলিঙৰ সমান্তৰালকৈ বেটিঙতো দুয়োগৰাকীয়ে গঢ়ি তোলা আকৰ্ষণীয় যুটিৰ দৃশ্য চিৰস্মৰণীয় হৈ ৰ’ব ক্ৰিকেট অনুৰাগীৰ মনত। পিছে অশ্বিনৰ অৱসৰৰ লগে লগে ভংগ হয় এই আকৰ্ষণীয় যুটি। এতিয়া অশ্বিনৰ পদাংক অনুসৰণ কৰি ৰবীন্দ্ৰ জাদেয়ায়ো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ বাবে সাজু হৈছে বুলি ধাৰণা কৰিছে অনুৰাগীয়ে।

তাৰকা অলৰাউণ্ডাৰগৰাকীৰ এক ইনষ্টাগ্ৰাম ষ্ট’ৰীয়ে এই চৰ্চাৰ সূত্ৰপাত ঘটাইছে। ৰবীন্দ্ৰ জাদেজাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰীত শ্বেয়াৰ কৰে নিজৰ টেষ্ট জাৰ্চিৰ এখন ছবি। তেওঁৰ এই ছবি পোষ্টৰ পিছত সামাজিক মাধ্যমত অনুৰাগীৰ মাজত ব্যাপক জল্পনা-কল্পনা দেখিবলৈ পোৱা গৈছে। বহু অনুৰাগীয়ে এই পোষ্টটোৰ অৰ্থ কি বুলি প্ৰশ্ন কৰিছে যদিও আন একাংশই জাদেজাই নিজৰ টেষ্ট কেৰিয়াৰ সামৰাৰ বাবে সাজু হোৱা বুলিয়েই মন্তব্য কৰিছে।

উল্লেখ্য যে বিগত বৰ্ষৰ জুন মাহত ভাৰতে টি-২০ বিশ্বকাপ খিতাপ জয় কৰাৰ পাছত টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল জাদেজাই। অৱশ্যে টেষ্ট ক্ৰিকেট আৰু এদিনীয়াত অংশ লৈ থাকিব বুলি তেওঁ মিশ্চিত কৰিছিল। পিছে টেষ্টত সুযোগ লাভ কৰিলেও এদিনীয়াত শেহতীয়া সময়ছোৱাত দলত স্থান পোৱা নাই জাদেজাই। আগন্তুক চেম্পিয়নছ ট্ৰফীতো জাদেজাই সুযোগ পোৱাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।

আনহাতে শেহতীয়া অষ্ট্ৰেলিয়া ভ্ৰমণত জাদেজাই আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত বিশেষ সফল হোৱা নাছিল। ৰোহিত আৰু বিৰাটৰ লগতে অভিজ্ঞ ক্ৰিকেটাৰ জাদেজাও এই শৃংখলাত প্ৰায় ব্যৰ্থ হৈছিল। শৃংখলাৰ তিনিখন মেচত জাদেজাই মাত্ৰ ৪টা উইকেট দখল কৰাৰ বিপৰীতে বেটেৰে ২৭ ৰাগড়ে ১৩৫ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছতে প্ৰকাশিত এক প্ৰতিবেদনত বিচিচিআইৰ বাছনি সমিতিয়ে তেওঁৰ কেৰিয়াৰৰ ভৱিষ্যত সন্দৰ্ভত আলোচনা কৰিব পাৰে বুলি দাবী কৰা হৈছিল।

বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে