5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আচৰিত! নিজৰ বিশ্বস্ত সংগীয়েই জানিব নোৱাৰিলে অশ্বিনৰ অৱসৰৰ কথা

যোৱা প্ৰায় এটা দশক জুৰি ভাৰতীয় দলৰ অনেক সাফল্যৰ আঁৰৰ কাৰণ হৈ আহিছিল অশ্বিন-জাদেজাৰ যুটি। পিছে ৰবিচন্দ্ৰন অশ্বিনৰ অৱসৰৰ লগে লগে ভাৰতীয় ক্ৰিকেটৰ এই অন্যতম সফল যুটিৰ গৌৰৱোজ্জল বেলি মাৰ গ’ল। অশ্বিনৰ এই আকস্মিক অৱসৰ সন্দৰ্ভত আজি মৌনতা ভংগ কৰিছে অশ্বিনৰ বিশ্বস্ত সহযোগী ৰবীন্দ্ৰ জাদেজাই।

আচৰিত! নিজৰ বিশ্বস্ত সংগীয়েই জানিব নোৱাৰিলে অশ্বিনৰ অৱসৰৰ কথা
অশ্বিনৰ অৱসৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জাদেজাৰ
monjit-dutta
Monjit Dutta | Published: 21 Dec 2024 12:57 PM

ক্ৰিকেট বিশ্বত সততে চৰ্চিত হয় খেলুৱৈৰ বিশেষ যুটিৰ কথা। বিপক্ষৰ সমুখত প্ৰত্যাহ্বান সৃষ্টিৰে নিজ দলৰ জয়ৰ ভেটি প্ৰস্তুত কৰা এনে বহুকেইগৰাকী খেলুৱৈৰ যুটি ক্ৰিকেট বিশ্বত জনপ্ৰিয়। ভাৰতীয় ক্ৰিকেটে লাভ কৰা তেনে এক বিখ্যাত তথা সফল যুটি হৈছে অশ্বিন-জাদেজাৰ যুটি। যোৱা প্ৰায় এটা দশক জুৰি এই যুটি ভাৰতীয় দলৰ অনেক সাফল্যৰ আঁৰৰ কাৰণ হৈ আহিছে। বিশেষকৈ টেষ্টত এই যুটিয়ে ভাৰতীয় ভূমিত লাভ কৰি অহা অপ্ৰতিৰোধ্য সাফল্যৰ মূল কাণ্ডাৰী হিচাপে ভূমিকা গ্ৰহণ কৰি আহিছে।

পিছে ভাৰতীয় ক্ৰিকেটৰ এই অন্যতম সফল যুটিৰ গৌৰৱোজ্জল বেলি মাৰ গ’ল। সমগ্ৰ ক্ৰিকেট বিশ্বক আশ্চৰ্যচকিত কৰি আচম্বিতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ৰবিচন্দ্ৰন অশ্বিনে। ভংগ হ’ল এছ-জদ্দু যুটি। অকলশৰীয়া হৈ পৰিল জাদেজা। অশ্বিনৰ এই সিদ্ধান্ত আছিল সম্পূৰ্ণ অপ্ৰত্যাশিত। কোনো লোকেই পূৰ্বানুমান কৰিব পৰা নাছিল খেলুৱৈগৰাকীৰ এনে সিদ্ধান্ত। আনহে নালাগে অশ্বিনৰ বিশ্বস্ত সংগী জাদেজায়ো জানিব পৰা নাছিল এই বিষয়ে।

অশ্বিনৰ সৈতে প্ৰায় ১০ বছৰ ধৰি একেলগে দলৰ হৈ খেলপথাৰত যুটি বন্ধা ৰবীন্দ্ৰ জাদেজাই অশ্বিনৰ অৱসৰ সন্দৰ্ভত মৌনতা ভংগ কৰিছে। জাদেজাই প্ৰকাশ কৰা মতে অশ্বিনে তেওঁক এই বিষয়ে অৱগত কৰা নাছিল। আজি মেলবৰ্ণত এক সংবাদমেল সম্বোধন কৰি ৰবীন্দ্ৰ জাদেজাই অশ্বিনৰ অৱসৰৰ বিষয়ে উল্লেখ কৰে। জাদেজাই উল্লেখ কৰা মতে অশ্বিনে সম্বোধন কৰা সংবাদমেলৰ মাত্ৰ ৫ মিনিট পূৰ্বেহে তেওঁ অশ্বিনৰ অৱসৰৰ বিষয়ে জানিব পাৰিছিল।

বলিং সংগী অশ্বিনৰ এই সিদ্ধান্তত তেওঁ যথেষ্ট আচৰিত হোৱা বুলি জাদেজাই লগতে কয়। সংবাদমেলত জাদেজাই লগতে অশ্বিনৰ এই সিদ্ধান্ত বিশ্বাস কৰিব পৰা নাছিল বুলি মন্তব্য কৰে। জাদেজাই কয়, “আমি গোটেই দিনটো একেলগে কটালো, তথাপিও তেওঁ মোক এই বিষয়ে কোনো ইংগিত নিদিলে। শেষ মুহূৰ্ততহে তেওঁ নিজ সিদ্ধান্তৰ বিষয়ে জানিব পাৰিলো। আমি সকলোৱে জানো তেওঁৰ মনটোৱে কিদৰে কাম কৰে।”

ৰবীন্দ্ৰ জাদেজাই লগতে অশ্বিনক তেওঁৰ মেণ্টৰ আৰু বলিং পাৰ্টনাৰ বুলি অভিহিত কৰে। জাদেজাই কয়, “তেওঁ মোৰ লগত অন-ফিল্ড মেণ্টৰৰ দৰে খেলিছিল। আমি বেটছমেনৰ বিৰুদ্ধে খেলপথাৰ, পৰিস্থিতি, মেচৰ পৰিস্থিতি আৰু পৰিকল্পনা সন্দৰ্ভত ইজনে সিজনক বাৰ্তা প্ৰেৰণ কৰিছিলো। এই সকলোবোৰ মই মিছ কৰিম।” তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে লগতে ভাৰতীয় দলে অশ্বিনৰ স্থানত এগৰাকী উপযুক্ত স্পিনাৰ আৰু অলৰাউণ্ডাৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে অশ্বিন আৰু জাদেজাই একেলগে ৫৮ খন টেষ্ট খেলিছিল। এই ৫৮খন টেষ্টত এই যুটিটোৱে একেলগে ৫৮৭টা উইকেট দখল কৰে। এই সময়ছোৱাত দুয়ো ৩৮ বাৰ এটা ইনিংছত ৫ বা তাতোধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে। দুয়োগৰাকী খেলুৱৈৰ উপস্থিতিত ভাৰতীয় দল ঘৰুৱা পৰিৱেশত মাত্ৰ ৬খন টেষ্ট মেচতহে পৰাজয়ৰ সন্মুখীন হৈছিল। আনহাতে তেওঁলোকৰ উপস্থিতিত ভাৰতত ৩৫খন মেচত জয়ী হৈছিল ভাৰতীয় দল।

Latest News