শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘ই চালা কাপ নামডে’ ৰ স্বপ্ন পূৰণ কৰিব পাৰিবনে পাটিদাৰে! কিয় অধিনায়ক নহ’ল কোহলী?

আই পি এল ফ্ৰেন্সাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলে আজি অধিনায়কৰ নাম ঘোষণা কৰে। তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ নাম পুনৰ এবাৰ অধিনায়ক পদৰ বাবে জল্পনা-কল্পনা চলিছিল যদিও সমান্তৰালকৈ ৰজত পাটিদাৰৰ নামো চৰ্চিত হৈছিল। আৰু অৱশেষত ফ্ৰেন্সাইজিটোৱে আজি পাটিদাৰকে আগন্তুক ছিজনৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিছে।

‘ই চালা কাপ নামডে’ ৰ স্বপ্ন পূৰণ কৰিব পাৰিবনে পাটিদাৰে! কিয় অধিনায়ক নহ’ল কোহলী?
কোহলীৰ পৰিৱৰ্তে পাটিদাৰক আৰচিবিৰ অধিনায়ক নিযুক্ত
monjit-dutta
Monjit Dutta | Published: 13 Feb 2025 15:23 PM

বহু চৰ্চাৰ অন্তত আজি ঘোষণা কৰা হ’ল আই পি এল ফ্ৰেন্সাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ অধিনায়কৰ নাম। তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ নাম পুনৰ এবাৰ অধিনায়ক পদৰ বাবে জল্পনা-কল্পনা চলিছিল যদিও সমান্তৰালকৈ ৰজত পাটিদাৰৰ নামো চৰ্চিত হৈছিল। আৰু অৱশেষত ফ্ৰেন্সাইজিটোৱে আজি পাটিদাৰকে আগন্তুক ছিজনৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিছে। স্বাভাৱিকতেই পাটিদাৰৰ নিযুক্তিত ফ্ৰেন্সাইজিটোৰ অনুৰাগীসকল যথেষ্ট আনন্দিত হোৱা পৰিলক্ষিত হৈছে। এতিয়া আগন্তুক ছিজনত ফ্ৰেন্সাইজিটোৰ অষ্টম অধিনায়ক হিচাপে দেখা যাব পাটিদাৰক।

আই পি এলত এতিয়ালৈকে শ্ৰেষ্ঠত্ব অৰ্জন কৰিব নোৱাৰিলেও অনুৰাগীৰ মাজত ফ্ৰেন্সাইটোৰ আছে অত্যন্ত জনপ্ৰিয়তা। প্ৰতিবাৰেই ফ্ৰেন্সইজিটোৰ অনুৰাগীৰ মুখত উচ্চাৰিত হয় ই চালা কাপ নামডে’, অৰ্থাৎ এই বছৰ কাপ আমাৰ হ’ব শ্ল’গান। পিছে প্ৰতিবাৰেই দলটোৱে অনুৰাগীৰ আশাত চেঁচাপানী ঢালিছে। এইবাৰ অনুৰাগীৰ এই আশা পূৰণৰ দায়িত্ব কান্ধত ল’ব লাগিব পাটিদাৰে। যদি তেওঁ সফল হয়, তেতিয়া এয়া হ’ব ফ্ৰেন্সাইজিটোৰ প্ৰথমটো খিতাপ।

উল্লেখ্য যে ৰজত পাটিদাৰে নিজৰ ঘৰুৱা ক্ৰিকেটত নিজ ৰাজ্য মধ্যপ্ৰদেশক ১৬ খন টি-২০ মেচত নেতৃত্ব দিছে। ইয়াৰে ১২ খন মেচত তেওঁ জয়ী হৈছে। অৰ্থাৎ তেওঁৰ জয়ৰ শতাংশ হৈছে ৭৫। ৰজতৰ নেতৃত্বতে মধ্যপ্ৰদেশে ২০২৪-২৫ চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছিল। দলৰ সফলতাত নেতৃত্বৰ লগতে বেটিঙতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বিস্ফোৰক বেটাৰগৰাকীয়ে। গতিকে আৰ চি বিৰ হৈও আগন্তুক ছিজনত তেওঁৰ ভূমিকা হ’ব লক্ষণীয়।

ইফালে পাটিদাৰৰ দায়িত্ব লাভত উৎফুল্লিত হ’লেও ফ্ৰেন্সাইজিটোৰ অনুৰাগীসকল কোহলীয়ে দায়িত্ব লাভ কৰাহ’লে নিশ্চিতভাৱে অধিক আনন্দিত হ’লহেঁতেন। বিগত সময়ছোৱাত এনে সম্ভাৱনাক লৈ যথেষ্ট চৰ্চাও হৈছিল। গতিকে কোহলীৰ পৰিৱৰ্তে পাটিদাৰক কিয় দিয়া হ’ল অধিনায়কৰ দায়িত্ব, সেয়াও এতিয়া আলোচনাৰ কাৰণ হৈ পৰিছে। জানিব পৰা মতে অধিনায়ক পদৰ বাবে কোহলীয়ে কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল আৰু তেওঁৰ সৈতে আলোচনা কৰিয়েই পাটিদাৰক দায়িত্ব দিয়া হৈছে।

লগতে আৰচিবিয়ে ২০২৫ ছিজনৰ লগতে আগন্তুক কেইটামান ছিজনৰ বাবেও নেতৃত্ব সন্দৰ্ভত পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনা মৰ্মেই পাটিদাৰক দায়িত্ব দিয়া হৈছে। বিগত কেইটামান ছিজনত ফ্ৰেন্সইজিটোৰ সদস্য পাটিদাৰ দলটোৰ অন্যতম অভিজ্ঞ খেলুৱৈ আৰু তেওঁৰ প্ৰদৰ্শনো যথেষ্ট প্ৰশংসনীয়। লগতে নেতৃত্বৰ অতিৰিক্ত হেঁচা অনুভৱ নকৰাকৈ বিস্ফোৰক বেটিঙৰ দক্ষতাৰ প্ৰমাণ তেওঁ চৈয়দ মুস্তাক আলী ট্ৰফীত দি থৈছে।