RCB vs DC Live Score, IPL 2025: ঘৰৰ মাটিত ৰাহুলৰ দুৰ্দমনীয় ইনিংছঃ ‘বাপু’ৰ অপ্ৰতিৰোধ্য গতিৰ সমুখত শিৰনত আৰচিবিৰ
Royal Challengers Bengaluru vs Delhi Capitals Live Score in Assamese: দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে দিল্লী কেপিটেলছে। চিন্নাস্বামীত অনুষ্ঠিত আজিৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক ৬ উইকেটত সহজে পৰাস্ত কৰি নিজৰ চতুৰ্থখন মেচত ক্ৰমাগত জয়লাভ কৰিছে দিল্লীয়ে।

আজি মুখামুখি হ’ব বাংগালুৰু আৰু দিল্লী
আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছ। বাংগালুৰুৰ ঘৰুৱা খেলপথাৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অধিনায়কৰ দায়িত্ব বহন কৰা অক্ষৰ পেটেলৰ নেতৃত্বত দিল্লী কেপিটেলছে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে। এই ছিজনত এতিয়ালৈকে এখনো মেচত পৰাজিত নোহোৱা একমাত্ৰ দল দিল্লী। এইপৰ্যন্ত তিনিওখন মেচত জয়লাভ কৰি দিল্লী পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। আনহাতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱেও এইপৰ্যন্ত আগবঢ়াইছে শক্তিশালী প্ৰদৰ্শন। তিনিখনত জয় আৰু এখনত পৰাজয়েৰে দলটো আছে পইণ্ট তালিকাৰ তৃতীয় স্থানত।
LIVE NEWS & UPDATES
-
অব্যাহত দিল্লীৰ অপ্ৰতিৰোধ্য গতি
ছিজনত জয়ৰ অপ্ৰতিৰোধ্য গতি অব্যাহত আছে দিল্লী কেপিটেলছৰ। আজি নিজৰ চতুৰ্থখন মেচত দুৰন্ত প্ৰদৰ্শনেৰে দিল্লীয়ে ঘৰৰ মাটিতে বাংগালুৰুক ৬ উইকেটত সহজে পৰাস্ত কৰে। দিল্লীৰ জয়ৰ অন্যতম নায়ক ৰূপত মেচ বিজয়ী ৯৩ ৰানৰ ইনিংছেৰে অপৰাজিত হৈ ৰয় কে এল ৰাহুল।
-
ৰাহুলৰ অৰ্ধশতক
দায়িত্বশীল বেটিঙেৰে দিল্লীৰ স্থিতি শক্তিশালী কৰি তুলিছে কে এল ৰাহুলে। ক্ৰীজত ধৈৰ্যশীল প্ৰদৰ্শনেৰে ৩৭টা বলত অৰ্ধশতক পূৰ কৰে ৰাহুলে।
-
-
অক্ষৰৰ বিদায়
ইম্পেক্ট চাবৰ ৰূপত খেলপথাৰত প্ৰৱেশ কৰা সুয়শ শৰ্মাই লাভ কৰিছে গুৰুত্বপূৰ্ণ সফলতা। দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলক পেভিলিয়নৰ পথ দেখুৱাইছে সুয়শে আৰু এইদৰে পুনৰ এবাৰ দলৰ স্থিতি শক্তিশালী কৰি তুলিছে।
-
ভুৱনেশ্বৰে বিদায় দিলে প’ৰেলক
মাত্ৰ ৩০ ৰানত তৃতীয়টো উইকেট হেৰুৱাইছে দিল্লী কেপিটেলছে। ভুৱনেশ্বৰ কুমাৰৰ বলত উইকেটকীপাৰ জিতেশৰ হাতত কেচ তুলি দি বিদায় লৈছে অভিষেক প’ৰেলে।
-
মেকগুৰ্কেও এৰিলে ক্ৰীজ
ক্ৰমাগত দুটা বলত দুই অপেনিং বেটাৰৰ উইকেট হেৰুৱাইছে দিল্লীয়ে। দ্বিতীয় অভাৰৰ অন্তিম বলত দয়ালে প্লেচিছক বিদায় দিয়াৰ পিছৰ ভুৱনেশ্বৰ কুমাৰে বিদায় দিছে আনগৰাকী অপেনাৰ মেকগুৰ্কক।
-
প্লেচিছৰ বিদায়
দিল্লীৰ ইনিংছতো আৰম্ভণিতেই লাভিছে আঘাত। য়শ দয়ালৰ বলত অধিনায়ক ৰজত পাটিদাৰৰ হাতত কেচ তুলি দি বিদায় লৈছে অভিজ্ঞ ফাফ ডু প্লেচিছে।
-
ক্ৰীজত প্লেচিছ আৰু মেকগুৰ্ক
মেকগুৰ্কৰ সৈতে আজি দিল্লীৰ অপেনাৰৰ ভূমিকাত দেখা যাব সহ-অধিনায়ক ফাফ ডু প্লেচিছক। দলটোৰ শেহতীয়া মেচখনত ৰাহুলক অপেনাৰৰ ভূমিকাত দেখা গৈছিল যদিও আজি তেওঁক মিডল অৰ্ডাৰত দেখা যাব। ইফালে ভুৱনেশ্বৰে আৰম্ভ কৰিছে বাংগালুৰুৰ বলিং।
-
দিল্লীৰ সমুখত ১৬৪ ৰানৰ লক্ষ্য
আক্ৰমণাত্মক আৰম্ভণিৰ দৰেই আক্ৰমণাত্মক সামৰণি পৰিছে বাংগালুৰুৰ ইনিংছ। টিম ডেভিডে বিস্ফোৰক বেটিঙেৰে মাত্ৰ ২০টা বলত দুটা চাৰি আৰু ৪টা ছয়েৰে ৩৭ৰান সংগ্ৰহ কৰাৰ ফলত বাংগালুৰুৱে ১৬৩ ৰানৰ এক সন্মানজনক স্ক’ৰ থিয় কৰাবলৈ সক্ষম হৈছে। এইদৰে দিল্লীয়ে লাভ কৰিছে ১৬৪ ৰানৰ লক্ষ্য।
-
ক্ৰুনালক বিদায় দিলে বিপৰাজে
দ্বিতীয়টো উইকেট নিজৰ হাতলৈ আনিছে বিপৰাজ নিগমে। কোহলীৰ উইকেট দখলেৰে দলক গুৰুত্বপূৰ্ণ সফলতা প্ৰদান কৰা বিপৰাজে এইবাৰ বিদায় দিছে ক্ৰুনাল পাণ্ডিয়াক।
-
অধিনায়ক পাটিদাৰৰ বিদায়
আৰচিবিৰ এক শক্তিশালী স্ক’ৰৰ অন্তিম ভৰসাৰো প্ৰায় অন্ত পৰিছে। ক্ৰীজ এৰিছে দলৰ অধিনায়ক ৰজত পাটিদাৰে। কুলদীপ যাদৱৰ বলত উইকেটকীপাৰ ৰাহুলৰ হাতত কেচ দি পেভিলিয়নমুখী হয় পাটিদাৰ।
-
কুলদীপৰ দখলত জিতেশৰ উইকেট
এইবাৰ কুলদীপ যাদৱে দখল কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ আন এটা উইকেট। জিতেশ শৰ্মাক বিদায় দি কুলদীপে মেচত নিজৰ প্ৰথমটো উইকেট নিজৰ হাতলৈ আনিছে।
-
লিভিংষ্ট’নো পেভিলিয়নলৈ
আৰচিবিয়ে হেৰুৱাইছে চতুৰ্থটো উইকেট। এইবাৰ পেভিলিয়নলৈ উভতিছে দলৰ মিডল অৰ্ডাৰৰ অন্যতম শক্তি লিয়াম লিভিংষ্ট’ন। নিজ স্পেলৰ তৃতীয়টো বলতে মোহিত শৰ্মাই লিভিংষ্ট’নক বিদায় দিয়ে।
-
পাড়িক্কালৰ পিছত কোহলীৰো বিদায়
সংকটত পৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। ষষ্ঠ অভাৰত দেৱদত্ত পাড়িক্কালক মুকেশ কুমাৰে বিদায় দিয়াৰ পিছতে সপ্তম অভাৰত দলৰ মূল ভৰসা বিৰাট কোহলীক পেভিলিয়নৰ পথ দেখুৱায় বিপৰাজ নিগমে।
-
ছল্টৰ উইকেট
বিস্ফোৰক বেটিঙেৰে দলক এক শক্তিশালী আৰম্ভণি দিয়াৰ সময়তে দুৰ্ভাগ্যৱশতঃ ৰান আউট হৈছে ফিল ছল্ট। মাত্ৰ ১৭টা বলত ৪টা চাৰি আৰু ৩টা ছয়েৰে ছল্টে সংগ্ৰহ কৰে ৩৭ ৰান।
-
আক্ৰমণাত্মক আৰম্ভণি আৰচিবিৰ
ঘৰৰ মাটিত আক্ৰমণাত্মক আৰম্ভণি ঘটাইছে আৰচিবিয়ে। ষ্টাৰ্কে কৰা প্ৰথম অভাৰত ৭ ৰান সংগ্ৰহ কৰাৰ পিছত দিল্লীৰ অধিনায়ক অক্ষৰে দ্বিতীয় অভাৰত বলিং কৰিবলৈ আহে আৰু এইটো অভাৰতো আহে ১৬ ৰান। আনহাতে ষ্টাৰ্কৰ দ্বিতীয় অভাৰৰ প্ৰথম ৩টা বলতে এটা ছয় আৰু দুটা চাৰিৰে ১৪ ৰান সংগ্ৰহ কৰিছে ছল্টে।
-
দিল্লী কেপিটেলছৰ মূল একাদশ আৰু ইম্পেক্ট চাব
দিল্লীৰ মূল একাদশঃ ফাফ ডু প্লেচিছ, জেক ফ্ৰেজাৰ-মেকগুৰ্ক, কে এল ৰাহুল, ট্ৰিষ্টান ষ্টাবচ, অক্ষৰ পেটেল (অধিনায়ক), আশুতোষ শৰ্মা, বিপৰাজ নিগম, মিচেল ষ্টাৰ্ক, মোহিত শৰ্মা, কুলদীপ যাদৱ, মুকেশ কুমাৰ।
দলৰ ইম্পেক্ট চাবঃ অভিষেক প’ৰেল, দৰ্শন নালকান্দে, কৰুণ নায়াৰ, সমীৰ ৰিজভি, ডোনোভান ফেৰেৰা।
-
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ আৰু ইম্পেক্ট চাব
বাংগালুৰুৰ মূল একাদশঃ ফিলিপ ছল্ট, বিৰাট কোহলী, দেৱদত্ত পাড়িক্কাল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্ট’ন, জিতেশ শৰ্মা, টিম ডেভিড, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জ’ছ হেজলউড, যশ দয়াল।
দলৰ ইম্পেক্ট চাবঃ সুয়শ শৰ্মা, ৰশিখ দাৰ ছালাম, মনোজ ভাণ্ডাগে, জেকব বেথেল, স্বপ্নিল সিং।
-
টছত জয়ী হৈ অক্ষৰৰ বলিঙৰ সিদ্ধান্ত
বাংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰ আৰু দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।