RCB vs DC Predicted Playing XI IPL 2025: আৰচিবিৰ ঘৰুৱা মাটিত আজি জয়ৰ ধাৰা অব্যাহত ৰাখিব পাৰিবনে দিল্লীয়ে! চাওক দুয়ো দলৰ সম্ভাৱ্য একাদশ…
Royal Challengers Bengaluru vs Delhi Capitals Preview: আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। চলিত ছিজনত এইপৰ্যন্ত দিল্লী কেপিটেলছেই জয়ৰ ধাৰা অব্যাহত ৰখা একমাত্ৰ দল। ফ্ৰেন্সাইজিটোৱে এতিয়ালৈকে তিনিখন মেচত অংশ লৈ প্ৰতিখনতে বিজয় সাব্যস্ত কৰিছে। আনহাতে প্ৰতিপক্ষ বাংগালুৰুৱেও চাৰিখন মেচৰ ভিতৰত তিনিখনতে জয় লাভ কৰি শক্তি দেখুৱাইছে।

আজি অনুষ্ঠিত হ’ব আই পি এলৰ চলিত ছিজনৰ ২৪ সংখ্যক মেচ। আজিৰ মেচত মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। চলিত ছিজনত এইপৰ্যন্ত দিল্লী কেপিটেলছেই জয়ৰ ধাৰা অব্যাহত ৰখা একমাত্ৰ দল। ফ্ৰেন্সাইজিটোৱে এতিয়ালৈকে তিনিখন মেচত অংশ লৈ প্ৰতিখনতে বিজয় সাব্যস্ত কৰিছে। এই প্ৰদৰ্শনেৰে দলটো সম্প্ৰতি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। আনহাতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱেও এতিয়ালৈকে উন্নত প্ৰদৰ্শন আগবঢ়াই অহা বুলি ক’ব পাৰি। দলটোৱে এতিয়ালৈকে খেলা চাৰিখন মেচৰ ভিতৰত তিনিখনতে জয়লাভ কৰিছে।
ছিজনৰ প্ৰথমখন মেচত বাংগালুৰুৱে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি সফল আৰম্ভণি ঘটাইছিল। এইপৰ্যন্ত কেৱল গুজৰাট টাইটানছৰ বিপক্ষে পৰাজয় স্বীকাৰ কৰিছে আৰচিবিয়ে। লক্ষণীয়ভাৱে বাংগালুৰুৱে উক্ত মেচখন নিজা ঘৰুৱা খেলপথাৰ চিন্নাস্বামী ষ্টেডিয়ামতে খেলিছিল। অৰ্থাৎ ঘৰৰ মাটিতে একমাত্ৰ পৰাজয়ৰ সন্মুখীন হৈছিল দলটো। দিল্লীৰ বিপক্ষেও বাংগালুৰুৱে চিন্নাস্বামী ষ্টেডিয়ামতে খেলিব আজিৰ মেচ।
গতিকে এফালে ঘৰুৱা অনুৰাগীৰ সমৰ্থনে মনোবল যোগালেও আনফালে পূৰ্বৰ মেচৰ ফলাফলক কেন্দ্ৰ কৰি আৰচিবি কিছু চাপত থাকিব। অৱশ্যে দলৰ বেটিং লাইন আপ এইবাৰ যথেষ্ট শক্তিশালী। সেই অনুপাতে বেটাৰৰ প্ৰদৰ্শনো সন্তোষজনক। আনহাতে বলিং বিভাগতো আৰচিবিয়ে পূৰ্বৰ ব্যৰ্থতা দূৰ কৰা বুলিব পাৰি। বিশেষকৈ ক্ৰুনাল পাণ্ডিয়াই আশা কৰাতকৈও উন্নত প্ৰদৰ্শনেৰে আৰচিবিৰ শক্তি বৃদ্ধি কৰিছে।
ঘৰৰ মাটিত আৰচিবিৰ শক্তি ভেদ কৰি দিল্লী কেপিটেলছেও জয়ৰ ধাৰা অব্যাহত ৰাখি পুনৰাই পইণ্ট তালিকাৰ শীৰ্ষস্থানত আৰোহণ কৰাৰ চেষ্টা চলাব। দলটোৱে বেটিং, বলিং উভয় দিশতে দেখুৱাইছে ধাৰাবাহিকতা। বিশেষকৈ দলৰ অন্যতম প্ৰধান শক্তি হিচাপে চৰ্চিত হোৱা কে এল ৰাহুলে বিগত মেচখনত এক দৰ্শনীয় অৰ্ধশতকেৰে দল তথা অনুৰাগীৰ মনোবল বঢ়াই তুলিছে। চাওঁ আহক আজিৰ মেচত দুয়োটা দলৰ সম্ভাৱ্য একাদশঃ
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সম্ভাৱ্য একাদশ তথা ইম্পেক্ট চাবঃ বিৰাট কোহলী, ফিল ছল্ট, দেৱদত্ত পাড়িক্কাল, ৰজত পাটিদাৰ, লিয়াম লিভিংষ্ট’ন, জিতেশ শৰ্মা, টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জ’ছ হেজলউড, যশ দয়াল, সুয়শ শৰ্মা/ৰশিক চালাম।
দিল্লী কেপিটেলছৰ সম্ভাৱ্য একাদশ তথা ইম্পেক্ট চাবঃ ফাফ ডু প্লেছিছ, জেক ফ্ৰেজাৰ মেকগুৰ্ক, অভিষেক প’ৰেল, কে এল ৰাহুল, ট্ৰিষ্টান ষ্টাবছ, অক্ষৰ পেটেল, বিপৰাজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মুকেশ কুমাৰ, মোহিত শৰ্মা, আশুতোষ শৰ্মা।