শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

RCB vs RR Live Score, IPL 2025: দুৰন্ত প্ৰত্যাৱৰ্তনেৰে গৃহভূমিত জয়ৰ ধ্বজা উত্তোলন আৰচিবিৰঃ ক্ৰমাগত পঞ্চম পৰাজয় সহিলে ৰাজস্থানে

Royal Challengers Bengaluru vs Rajasthan Royals Live Score in Assamese: আই পি এলৰ ১৮ সংখ্যক ছিজনত অব্যাহত আছে ৰাজস্থান ৰয়েলছৰ হতাশাজনক প্ৰদৰ্শন। আজ বাংগালুৰুৰ বিপক্ষে মেচত প্ৰায় নিশ্চিত জয়ৰ কাষ চাপিও ছন্দপতন ঘটে দলটোৰ আৰু ১১ ৰানত পৰাজয় স্বীকাৰ কৰে।

monjit-dutta
Monjit Dutta | Updated On: 24 Apr 2025 23:36 PM
RCB vs RR Live Score, IPL 2025: দুৰন্ত প্ৰত্যাৱৰ্তনেৰে গৃহভূমিত জয়ৰ ধ্বজা উত্তোলন আৰচিবিৰঃ ক্ৰমাগত পঞ্চম পৰাজয় সহিলে ৰাজস্থানে
আজি ৰাজস্থানৰ সমুখত বাংগালুৰু

আই পি এলৰ ১৮ সংখ্যক ছিজনৰ আজিৰ মেচত মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু ৰাজস্থান ৰয়েলছ। চলিত ছিজনত দুয়োটা দলৰ এয়া হ’ব দ্বিতীয় মুখামুখি। প্ৰথমবাৰৰ মুখামুখিত বাংগালুৰুৱে ৰাজস্থানক ঘৰৰ মাটিতে ৯ উইকেটত শোচনীয়ভাৱে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। এই জয়েৰে আত্মবিশ্বাসী হৈ উঠা বাংগালুৰুৱে আজি নিজৰ ঘৰতে ৰাজস্থানক প্ৰত্যাহ্বান জনাব। গতিকে ঘৰৰ মাটিত আজিও স্বাভাৱিকতেই কিছু শক্তিশালী স্থিতিত থাকিব পইণ্ট তালিকাৰ চতুৰ্থ স্থানৰ দলটো। ইফালে চাৰিখন মেচত ধাৰাবাহিকভাৱে পৰাজিত হোৱা ৰাজস্থানৰ বাবে এই মেচখন হ’ব জয়ৰ ধাৰালৈ উভতাৰ যুঁজ।

বিগত ছিজনৰ আই পি এলত চমকপ্ৰদ প্ৰদৰ্শনেৰে সমালোচকৰ মুখ বন্ধ কৰি উচ্চ প্ৰশংসিত হৈছিল ৰিয়ান পৰাগ। কিন্তু পূৰ্বৰ ছিজনৰ এই ধাৰাবাহিকতা ৰক্ষাত বিফল হৈ চলিত ছিজনৰ আই পি এলত ৰিয়ান পুনৰ এবাৰ কঠোৰ সমালোচনাৰ সন্মুখীন হ’বলগা হৈছে। গতিকে আজি ৰাজস্থানৰ নেতৃত্ব বহন কৰি দলক জয়ৰ পথলৈ অনাৰ লগতে নিজৰ প্ৰদৰ্শনৰো উন্নতি ঘটাব বিচাৰিব ৰিয়ানে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 24 Apr 2025 11:33 PM (IST)

    আৰচিবিৰ দুৰন্ত প্ৰত্যাৱৰ্তন, পৰাস্ত ৰাজস্থান

    এক দুৰন্ত প্ৰত্যাৱৰ্তনেৰে ৰাজস্থানৰ হাতৰ পৰা মেচৰ কাঢ়ি নি জয়লাভ কৰিলে ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৱে। অন্তিম দুই অভাৰত ৰাজস্থানত মাত্ৰ ১৮ ৰানৰ প্ৰয়োজন হৈছিল যদিও জ’ছ হেজেলউড আৰু য়শ দয়ালে নিখুঁত লাইন-লেংথেৰে মাত্ৰ ৬ ৰান খৰচ কৰি ৪টা উইকেটৰ পতন ঘটোৱায় আৰু দলক ১১ ৰানৰ ৰোমাঞ্চকৰ বিজয় প্ৰদান কৰে। এইদৰে ছিজনত হতাশাজনক প্ৰদৰ্শন অব্যাহত ৰাখি ক্ৰমাগত পঞ্চম পৰাজয়ৰ সন্মুখীন হৈছে ৰাজস্থান ৰয়েলছ।

  • 24 Apr 2025 11:25 PM (IST)

    হাচাৰাংগাৰো বিদায়

    জিতেশ শৰ্মাৰ চমকৰ পৰিণতিত ৰান আউট হৈছে ৱানিন্দু হাচাৰাংগা। ইয়াৰ লগে লগে ৰাজস্থানৰ জয়ৰ অন্তিম আশাও প্ৰায় নিৰ্বাপিত হৈছে।

  • 24 Apr 2025 11:23 PM (IST)

    ডুবেৰ বিদায়

    অন্তিম অভাৰত ৰাজস্থানক জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৭ ৰানৰ। কিন্তু য়শ দয়ালে অভাৰৰ প্ৰথমটো বলতে শুভম ডুবেক বিদায় দি ৰাজস্থানৰ আশা প্ৰায় ক্ষীণ কৰি তুলিছে।

  • 24 Apr 2025 11:18 PM (IST)

    জুৰেলৰ পিছতে আৰ্চাৰৰো বিদায়

    গুৰুত্বপূৰ্ণ সময়ত ক্ৰমাগত দুটা বলত দুটা উইকেট দখল কৰিছে জ’ছ হেজেলউডে। প্ৰথমে জুৰেলৰ পিছত পৰৱৰ্তী বলতে হেজেলউডৰ চিকাৰ হয় জ’ফ্ৰা আৰ্চাৰ।

  • 24 Apr 2025 11:12 PM (IST)

    ভুৱনেশ্বৰৰ খৰচী অভাৰ

    হঠাতে সলনি হৈছে মেচৰ স্থিতি। ইনিংছৰ ১৮ সংখ্যক অভাৰত ধ্ৰুৱ জুৰেল আৰু শুভম ডুবেই ভুৱনেশ্বৰৰ বলত ২২ ৰান সংগ্ৰহ কৰি ৰাজস্থানৰ আশা সজীৱ কৰি তুলিছে।

  • 24 Apr 2025 11:04 PM (IST)

    হেজেলউডৰ চিকাৰ হেটমায়াৰ

    বিপৰ্যয়ত পৰিছে ৰাজস্থান ৰয়েলছ। হেটমায়াৰৰ ৰূপত দলটোৱে হেৰুৱাইছে পঞ্চমটো উইকেট। ছিজনত ধাৰাবাহিকভাৱে বিফল হোৱা হোৱা হেটমায়াৰে আজিও ৮টা বলত মাত্ৰ ১১ ৰান সংগ্ৰহ কৰি হেজেলউডৰ বলত আউট হয়।

  • 24 Apr 2025 10:45 PM (IST)

    ৰাণাও চিকাৰ হ’ল ক্ৰুণালৰ

    ক্ৰুণাল পাণ্ডিয়াৰ হাতলৈ আহিছে আন এটা উইকেট। নিজ স্পেলৰ প্ৰথম বলতে ৰিয়ানক বিদায় দিয়া ক্ৰুণালে এইবাৰ বিদায় দিছে নীতিশ ৰাণাক। নীতিশৰ বেটৰ পৰা আহে ২২টা বলত ২৮ ৰান।

  • 24 Apr 2025 10:26 PM (IST)

    ৰিয়ানেও ল’লে বিদায়

    আক্ৰমণাত্মক আৰম্ভণিৰে আজি কিছু আশা দেখুৱাইছিল ৰিয়ানে। কিন্তু এই আৰম্ভণিক দীঘলীয়া ৰূ দিব নোৱাৰিলে আৰু ১০টা বলত দুটাকৈ চাৰি-ছয় কোবাই ২২ ৰান সংগ্ৰহ কৰি বিদায় লয়। নিজ স্পেলৰ প্ৰথমটো বলতে ক্ৰুণালে ৰিয়ানক বিদায় দিয়ে।

  • 24 Apr 2025 10:04 PM (IST)

    জয়ছোৱালৰ বিদায়

    মাত্ৰ ১৯টা বলতে ৪৯ ৰানৰ এক মাৰমুখী ইনিংছ খেলি বিদায় লৈছে জয়ছোৱালে। হেজেলউডৰ বলত একেলেথাৰিয়ে দুটা চাৰি আৰু এটা ছয় কোবোৱাৰ পিছত জয়ছোৱালে পুনৰ আক্ৰমণৰ চেষ্টাত শ্বেফাৰ্ডৰ হাতত কেচ তুলি দিয়ে। জয়ছোৱালে ৭টা চাৰি আৰু ৩টা ছয়েৰে নিজৰ ইনিংছটো সজায়।

  • 24 Apr 2025 09:56 PM (IST)

    ভুৱনেশ্বৰে বিদায় দিলে বৈভৱক

    অভিষেক মেচত দেখুওৱা চমকৰ দৰেই ইনিংছ আগবঢ়োৱাৰ চেষ্টাত বিদায় লৈছে বৈভৱে। ভুৱনেশ্বৰ কুমাৰৰ তৃতীয় অভাৰৰ প্ৰথমটো বলত বৈভৱে এটা ছয় কোবায় যদিও দ্বিতীয় বলত ভুৱনেশ্বৰৰ বলে ষ্টাম্পত আঘাত কৰে আৰু বৈভৱে বিদায় লয়।

  • 24 Apr 2025 09:45 PM (IST)

    বৈভৱৰ বেটৰ পৰা প্ৰথমটো ছয়

    আই পি এল ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশীৰ বেটৰ পৰা আহিছে নিজা ইনিংছৰ প্ৰথমটো ছয়। প্ৰথমটো বলৰ পৰা আক্ৰমণৰ চেষ্টা চলাই থকা বৈভৱে ভুৱনেশ্বৰৰ দ্বিতীয় অভাৰৰ দ্বিতীয়টো বলত এটা ছয় কোবায়।

  • 24 Apr 2025 09:35 PM (IST)

    প্ৰথম বলতে ছয়

    অভিজ্ঞ ভুৱনেশ্বৰ কুমাৰৰ প্ৰথমটো বলতে ইনিংছৰ আৰম্ভণি কৰিছে যশস্বী জয়ছোৱালে। তৃতীয় বলত তেওঁ এক ৰান লোৱাৰ পিছত বেটিং ক্ৰীজলৈ আহিছে ইম্পেক্ট চাব বৈভৱ সূৰ্যবংশী।

  • 24 Apr 2025 09:20 PM (IST)

    বাংগালুৰুৰ সংগ্ৰহ ২০৫ ৰান

    অন্তিম সময়লৈ ডেভিডে সংগ্ৰহ কৰা ১৫টা বলত ২৩ ৰান আৰু জিতেশৰ ১০ বলত ২০ ৰানৰ মূল্যৱান বৰঙনিৰে ২০৫ ৰান সংগ্ৰহ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। অৱশ্যে ইনিংছৰ অন্তিমটো বলত দুই ৰান সংগ্ৰহৰ চেষ্টাত ৰান আউট হয় ডেভিদ। এতিয়া চাৰিখন মেচত ধাৰাবাহিক পৰাজয়ৰ সন্মুখীন হোৱা ৰাজস্থানে ২০৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিব পাৰিবনে, সেয়া হ’ব লক্ষণীয়।

  • 24 Apr 2025 09:01 PM (IST)

    সন্দীপৰ ডাবল উইকেট অভাৰ

    হঠাতে ছন্দ ঘূৰাই পাইছে ৰাজস্থানে। কোহলীৰ বিদায়ৰ পিছতে আৰচিবিৰ বেটিং লাইন আপত কিছু বিপৰ্যয়ে দেখা দিছে। সন্দীপ শৰ্মাই নিজৰ স্পেলৰ তৃতীয় অভাৰত প্ৰথমে অৰ্ধশতককাৰী পাড়িক্কালক বিদায় দিয়াৰ পিছত অধিনায়ক ৰজত পাটিদাৰকো পেভিলিয়নৰ পথ দেখুৱাইছে।

  • 24 Apr 2025 08:47 PM (IST)

    কোহলীৰ বিদায়

    দলক এক শক্তিশালী স্থিতি প্ৰদান কৰি ক্ৰীজ এৰিছে বিৰাট কোহলীয়ে। জ’ফ্ৰা আৰ্চাৰৰ বলত নীতিশ ৰাণাৰ হাতত কেচ তুলি দি পেভিলিয়নলৈ উভতে কোহলী। তেওঁৰ বেটৰ পৰা ৪২টা বলত আহে ৭০ ৰানৰ দৰ্শনীয় ইনিংছ।

  • 24 Apr 2025 08:44 PM (IST)

    পাড়িক্কালৰ অৰ্ধশতক

    আৰম্ভণিৰ পৰা আক্ৰমণাত্মক শৈলীৰে বেটিং অব্যাহত ৰাখি দেৱদত্ত পাড়িক্কালেও কোহলীৰ পিছতে অৰ্ধশতক সম্পূৰ্ণ কৰিছে। মাত্ৰ ২৬টা বলত ৪টা চাৰি আৰু ৩টা ছয়েৰে তেওঁ নিজৰ অৰ্ধশতক পূৰ কৰে।

  • 24 Apr 2025 08:27 PM (IST)

    কোহলীৰ অৰ্ধশতক

    ছিজনত ধাৰাবাহিকতা অব্যাহত ৰাখি আন এক অৰ্ধশতক পূৰ কৰিছে বিৰাট কোহলীয়ে। সন্দীপ শৰ্মাৰ বলত একেলগে দুটাকৈ চাৰি কোবাই কোহলীয়ে ৩২টা অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 24 Apr 2025 08:06 PM (IST)

    চল্টৰ বিদায়

    ৱানিন্দু হাচাৰাংগাই দখল কৰিছে আৰচিবিৰ ইনিংছৰ প্ৰথমটো উইকেট। হাচাৰাংগাৰ বলত হেটমায়াৰৰভাতত কেচ তুলি দি বিদায় লোৱা চল্টৰ বেটৰ পৰা আহে ২৬ ৰান।

  • 24 Apr 2025 07:55 PM (IST)

    ৫০ ৰান সম্পূৰ্ণ আৰচিবিৰ

    দলক এক আক্ৰমণাত্মক আৰম্ভণি প্ৰদান কৰিছে চল্ট আৰু কোহলীয়ে। দুয়ো মাত্ৰ ৪.৪ অভাৰতে দলীয় স্ক’ৰব’ৰ্ডত ৫০ ৰান সম্পূৰ্ণ কৰিছে।

  • 24 Apr 2025 07:40 PM (IST)

    ৰিয়ানৰ কেচ ড্ৰপ

    দ্বিতীয় অভাৰতে পেভিলিয়নলৈ উভতিবলগা হ’ল হয় ফিল চল্টে। কিন্তু ফজলহক ফাৰুকিৰ বলত চল্টে তুলি দিয়া এটা কেচ আয়ত্ব কৰাত বিফল হয় ৰিয়ান পৰাগ।

  • 24 Apr 2025 07:37 PM (IST)

    প্ৰথম অভাৰত ১১ ৰান

    জ’ফ্ৰা আৰ্চাৰে কৰা ইনিংছৰ প্ৰথম অভাৰত বাংগালুৰুৰ স্ক’ৰবৰ্ডত সংযোজিত হৈছে ১১ ৰান। ইয়াৰে ৬ ৰান আহে অতিৰিক্ত ৰূপত। আৰ্চাৰৰ গতিয়ে অৱশ্যে কিছু অসুবিধাত পেলায় দুই অপেনাৰ চল্ট আৰু কোহলীক।

  • 24 Apr 2025 07:19 PM (IST)

    ৰাজস্থান ৰয়েলছ মূল একাদশ

    ৰাজস্থান ৰয়েলছৰ মূল একাদশত থাকিব যশস্বী জয়ছোৱাল, শুভম ডুবে, নীতিশ ৰাণা, ৰিয়ান পৰাগ (অধিনায়ক), ধ্ৰুৱ জুৰেল, চিমৰন হেটমেয়াৰ, ৱানিন্দু হাচাৰাঙ্গা, জোফ্ৰা আৰ্চাৰ, ফজলহক ফাৰুকী, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা। আনহাতে প্ৰথমখন মেচত চমক দিয়া আই পি এল ইতিহাসৰ কনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশীক ইম্পেক্ট চাবৰ ৰূপত দেখাৰ সম্ভাৱনাই অধিক।

  • 24 Apr 2025 07:17 PM (IST)

    ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ আৰু ইম্পেক্ট চাব

    বাংগালুৰুৰ মূল একাদশত আজি দেখা ফিলিপ চল্ট, বিৰাট কোহলী, ৰজত পাটিদাৰ (অধিনায়ক), দেৱদত্ত পাড়িক্কাল, জিতেশ শৰ্মা, টিম ডেভিড, ক্ৰুণাল পাণ্ডিয়া, ৰোমাৰিঅ’ শ্বেফাৰ্ড, ভুৱনেশ্বৰ কুমাৰ, জছ হেজলউড, যশ দয়াল। আনহাতে ইম্পেক্ট চাবত থাকিব সুয়শ শৰ্মা, ৰশিখ দাৰ ছালাম, মনোজ ভাণ্ডাগে, জেকব বেথেল, স্বপ্নিল সিং।

  • 24 Apr 2025 07:10 PM (IST)

    বলিঙৰ সিদ্ধান্ত ৰিয়ানৰ

    সঞ্জু চেমচনৰ অনুপস্থিতিত পুনৰ এবাৰ ৰাজস্থানৰ অধিনায়কৰ ভূমিকাত দেখা যাব ৰিয়ানক। টছত জয়ী হৈ ৰিয়ানে আজি গ্ৰহণ কৰিছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত।

Published On - Apr 24,2025 7:07 PM