শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানে পালে এনে বৃ্হৎ আঘাতঃ হেৰুৱাব পাৰে আয়োজনৰ স্বত্বও

বহু বাদ-বিবাদৰ অন্তত অৱশেষত কাষ চাপিছে আইচিচিৰ অন্যতম আগশাৰীৰ প্ৰতিযোগিতা চেম্পিয়নছ ট্ৰফী। এই প্ৰতিযোগিতাখনলৈ মাজত আৰু মাত্ৰ প্ৰায় তিনিটা সপ্তাহ। সেয়ে ক্ৰিকেটপ্ৰেমীৰ মাজত স্বাভাৱিকতেই দেখা পোৱা গৈছে উৎকণ্ঠা। পিছে তাৰ মাজতে প্ৰতিযোগিতাৰ আয়োজক পাকিস্তান ক্ৰিকেট ব’ৰ্ড এক বৃ্হৎ আঘাতৰ সন্মুখীন হৈছে।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানে পালে এনে বৃ্হৎ আঘাতঃ হেৰুৱাব পাৰে আয়োজনৰ স্বত্বও
চেম্পিয়নছ ট্ৰফীলৈ মাজত আৰু কেইটামান দিন
monjit-dutta
Monjit Dutta | Published: 30 Jan 2025 21:10 PM

বহু বাদ-বিবাদৰ অন্তত অৱশেষত কাষ চাপিছে আইচিচিৰ অন্যতম আগশাৰীৰ প্ৰতিযোগিতা চেম্পিয়নছ ট্ৰফী। এই প্ৰতিযোগিতাখনলৈ মাজত আৰু মাত্ৰ প্ৰায় তিনিটা সপ্তাহ। সেয়ে ক্ৰিকেটপ্ৰেমীৰ মাজত স্বাভাৱিকতেই দেখা পোৱা গৈছে উৎকণ্ঠা। পিছে তাৰ মাজতে প্ৰতিযোগিতাৰ আয়োজক পাকিস্তান ক্ৰিকেট ব’ৰ্ড এক বৃ্হৎ আঘাতৰ সন্মুখীন হৈছে। প্ৰকাশিত খবৰ অনুসৰি পিচিবিয়ে এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ মুকলি অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লৈছে। লগতে প্ৰতিযোগিতাখনৰ পূৰ্বে সকলো দলৰ অধিনায়কৰ সংবাদমেল আৰু আনুষ্ঠানিক ফটোশ্বুটৰ কাৰ্যসূচীও বাতিল হৈছে।

পাকিস্তানৰ সংবাদ মাধ্যমৰ দাবী অনুসৰি পাকিস্তান ব’ৰ্ডে চেম্পিয়নছ ট্ৰফীৰ মুকলি অনুষ্ঠানকে ধৰি সকলো ইভেণ্ট বাতিল কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিযোগিতাত অংশ ল’বলগীয়া দুটা দলে ক্ৰমে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড সময়মতে পাকিস্তানত উপস্থিত হ’ব নোৱাৰাৰ বাবে এই সিদ্ধান্ত ল’বলগা হৈছে বুলি এই প্ৰতিবেদনত দাবী কৰা হৈছে। অষ্ট্ৰেলিয়াই সম্প্ৰতি শ্ৰীলংকাৰ বিপক্ষে আৰু ইংলেণ্ড ভাৰতৰ বিপক্ষে দ্বিপাক্ষিক শৃংখলাত ব্যস্ত হৈ আছে।

দুয়োটা দলে সেয়ে সময়মতে পাকিস্তানত উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হ’ব। এনে পৰিস্থিতিত এই ইভেণ্টসমূহ বাতিল কৰাৰ সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ইফালে এই কাৰ্যসূচীসমূহ বাতিল হোৱাৰ ফলত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰো অন্ত পৰিল। ভাৰতীয় অধিনায়কগৰাকীয়ে সংবাদমেল তথা ফটোশ্বুটৰ বাবে পাকিস্তানলৈ যাব পাৰে বুলি দাবী কৰা হৈছিল।

কিন্তু এতিয়া এই অনুষ্ঠান বাতিল কৰা হৈছে বাবে এই সম্ভাৱনাৰ যতি পৰিছে। অৰ্থাৎ ৰোহিত শৰ্মাই ভাৰতীয় দলৰ সৈতে পোনে পোনে ডুবাইলৈ ৰাওনা হ’ব। ইফালে এই অনুষ্ঠানসমূহৰ লগতে পাকিস্তানে এতিয়া চেম্পিয়নছ ট্ৰফী আয়োজনৰ স্বত্ব হেৰুওৱাৰ আশংকায়ো গা কৰি উঠিছে। প্ৰতিযোগিতাৰ বাবে মাত্ৰ তিনিটা সপ্তাহহে বাকী আছে যদিও পিচিবিয়ে এতিয়াও মেচ অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামসমূহ সাজু কৰি তুলিব পৰা নাই।

এই ষ্টেডিয়ামসমূহৰ নিৰ্মাণৰ বাবে সময়সীমা বান্ধি দিয়া হৈছিল যদিও কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। পূৰ্বে ৩১ ডিচেম্বৰ সময়সীমা দিয়া হৈছিল যদিও সেই সময়তো পিচিবিয়ে কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। অৱশ্যে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ষ্টেডিয়ামসমূহ সাজু হ’ব বুলি এতিয়াও দাবী কৰি আছে পাকিস্তানী ব’ৰ্ডে। ৭ ফেব্ৰুৱাৰীত লাহোৰ ষ্টেডিয়াম আৰু ১১ ফেব্ৰুৱাৰীত কৰাচী ষ্টেডিয়াম উদ্বোধন কৰাৰ কথাও ঘোষণা কৰিছে।

লক্ষণীয়ভাৱে লাহোৰ আৰু কৰাচী ষ্টেডিয়ামৰ শেহতীয়াকৈ প্ৰকাশিত ছবিসমূহত ফ্লাডলাইট আৰু ভিআইপি বক্সৰ দৰে গুৰুত্বপূৰ্ণ কাম এতিয়াও অসম্পূৰ্ণ হৈ থকা পৰিলক্ষিত হৈছে। ষ্টেডিয়াম দুখনৰ বাবে আইচিচিয়ে দিয়া সময়সীমা ৩১ জানুৱাৰী, অৰ্থাৎ কাইলৈ শেষ হ’ব। এনে পৰিস্থিতিত পাকিস্তান ব’ৰ্ডে দাবী কৰাৰ দৰে কাম সম্পূৰ্ণ কৰিব পৰাৰ সম্ভাৱনা প্ৰায় শূন্য বুলিব পাৰি। গতিকে আইচিচিয়ে পৰৱৰ্তী সময়ত কেনে সিদ্ধান্ত লয়, সেয়া হ’ব লক্ষণীয়।