অষ্ট্ৰেলিয়াতে অন্ত পৰিল ৰোহিতৰ টেষ্ট কেৰিয়াৰ, বিচিচিআইয়ে কৰিলে নিশ্চিত!

অষ্ট্ৰেলিয়াৰ বিপক্ষে চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মেলবৰ্ণত অনুষ্ঠিত হোৱা চতুৰ্থ টেষ্টখনেই এতিয়া ৰোহিতৰ টেষ্ট কেৰিয়াৰৰ অন্তিমখন মেচ হিচাপে প্ৰমাণিত হোৱাৰ দিশে আগবাঢ়িছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিচিচিআইৰ নিৰ্বাচকসকলে ৰোহিতক এই বিষয়ে জানিবলৈ দিছে।

অষ্ট্ৰেলিয়াতে অন্ত পৰিল ৰোহিতৰ টেষ্ট কেৰিয়াৰ, বিচিচিআইয়ে কৰিলে নিশ্চিত!

অন্ত পৰিল ৰোহিতৰ টেষ্ট কেৰিয়াৰ!

Published: 

03 Jan 2025 17:45 PM

টি-২০ ফৰ্মেটৰ পিছত এইবাৰ টেষ্ট ফৰ্মেটতো অন্ত পৰিছে ৰোহিত শৰ্মাৰ কেৰিয়াৰ। অষ্ট্ৰেলিয়াৰ বিপক্ষে চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মেলবৰ্ণত অনুষ্ঠিত হোৱা চতুৰ্থ টেষ্টখনেই এতিয়া ৰোহিতৰ টেষ্ট কেৰিয়াৰৰ অন্তিমখন মেচ হিচাপে প্ৰমাণিত হোৱাৰ দিশে আগবাঢ়িছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিচিচিআইৰ নিৰ্বাচকসকলে ৰোহিতক এই বিষয়ে জানিবলৈ দিছে। কেংগাৰু বাহিনীৰ বিপক্ষে চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পিছত ৰোহিতক টেষ্ট দলত স্থান দিয়াৰ কথা চিন্তা কৰা নাই বিচিচিআইয়ে।

লক্ষণীয়ভাৱে শেহতীয়াকৈ চলি অহা চৰ্চাৰ দৰেই আজিৰ পৰা আৰম্ভ হোৱা ছিডনী টেষ্টৰ পৰা বাদ পৰিছে ৰোহিত। এগৰাকী বেটাৰ হিচাপে শেহতীয়া সময়ছোৱাত টেষ্টত সন্মুখীন হোৱা ধাৰাবাহিক ব্যৰ্থতাৰ লগতে অধিনায়ক হিচাপেও তেওঁৰ দুৰ্বল প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। প্ৰতিবেদন মতে, দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে ৰোহিতৰ সৈতে বৈঠকত মিলিত হয়।

এই বৈঠকৰ পিছতে ছিডনী টেষ্টৰ পৰা ৰোহিতক বাদ দিয়াৰ সিদ্ধান্ত লোৱা হয় বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ভাৰতীয় দলত এতিয়া পৰিৱৰ্তনৰ বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে। সেয়ে ভাৰতীয় নিৰ্বাচক দলে ৰোহিত শৰ্মাৰ সৈতে বৈঠকত মিলিত হৈ টেষ্ট কেৰিয়াৰৰ ভৱিষ্যত সন্দৰ্ভত সকলো কথা স্পষ্ট কৰি দিয়ে। তাৎপৰ্যপূৰ্ণভাৱে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত নিৰ্বাচক দলে বিৰাট কোহলীৰ সৈতেও এই বিষয়ত কথা পাতিব বুলি দাবী কৰা হৈছে প্ৰতিবেদন।

প্ৰকাশিত প্ৰতিবেদন মতে, অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছতে কোহলীৰ সৈতেও এখন বৈঠক অনুষ্ঠিত হ’ব আৰু দলৰ ভৱিষ্যত তথা পৰিৱৰ্তনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব। এই সময়ছোৱাত ৰোহিত আৰু কোহলীৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰি সেই অনুসৰি তেওঁলোকৰ ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। দলৰ জ্যেষ্ঠ খেলুৱৈ ৰবিচন্দ্ৰন অশ্বিনে ইতিমধ্যে অৱসৰৰ কথা ঘোষণা কৰি অষ্ট্ৰেলিয়া ভ্ৰমণৰ মাজভাগতে স্বদেশলৈ উভতি আহিছে।

এতিয়া ৰোহিত শৰ্মা আৰু কোহলীৰ সৈতে এই বিষয়ত আলোচনা কৰা হ’ব। আনহাতে নিৰ্বাচকসকলে দলৰ আন এগৰাকী জ্যেষ্ঠ খেলুৱৈ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ স্থান টেষ্ট দলত অব্যাহত ৰখাৰ কথা চিন্তা কৰিছে। অৰ্থাৎ জাদেজা আৰু কিছুদিন টেষ্ট দলৰ সৈতে থাকিব আৰু ৱাশ্বিংটন সুন্দৰৰ দৰে আন যুৱ অলৰাউণ্ডাৰৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

উল্লেখ্য যে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ গত তিনিখন টেষ্ট মেচত চূড়ান্তৰূপে ব্যৰ্থ হয় ৰোহিত শৰ্মা। এই তিনিখন টেষ্টৰ ৫টা ইনিংছত ৰোহিতে মাত্ৰ ৩১ ৰানহে সংগ্ৰহ কৰে। অৱশ্যে এই শৃংখলাতে নহয়, ভাৰতীয় অধিনায়কগৰাকী নিউজিলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে বিগত দুটা ঘৰুৱা টেষ্ট শৃংখলাতো ব্যৰ্থ হৈছিল। বিগত ৮ খন টেষ্টত ৰোহিতে মাত্ৰ এটা অৰ্ধশতকীয় ইনিংছহে খেলিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে সংকটাপন্ন হৈ পৰিছিল ৰোহিতৰ টেষ্ট কেৰিয়াৰ।

শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...