সংকটত ভাৰতীয় দল, চিন্তান্বিত অনুৰাগীঃ চেম্পিয়নছ ট্ৰফীত অনিশ্চিত বুমৰাহ!
অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজয়ৰ পিছত এতিয়া চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ পৰা শ্ৰেষ্ঠত্বৰ আশা কৰিছে অনুৰাগীয়ে। কিন্তু এই আশাক বাস্তৱায়িত কৰা দলৰ অন্যতম শক্তি যশপ্ৰীত বুমৰাহেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছে।
ক্ৰিকেটপ্ৰেমীৰ বহু প্ৰত্যাশিত চেম্পিয়নছ ট্ৰফীলৈ মাজত আৰু মাত্ৰ প্ৰায় এমাহ সময়। অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচিৰ এই প্ৰতিযোগিতাখন। চেম্পিয়নছ ট্ৰফীৰ বাবে এইপৰ্যন্ত ভাৰতীয় দল ঘোষণা কৰা হোৱা নাই। শীঘ্ৰেই বিচিচিআইয়ে প্ৰতিযোগিতাখনৰ বাবে দল ঘোষণা কৰাৰ সম্ভাৱনা আছে। সম্ভাৱ্য দলটিক লৈ অনুৰাগীৰ মাজত অব্যাহত আছে চৰ্চা। উল্লেখ্য যে এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ দ্বিতীয় দিনাই অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে মেচৰ জৰিয়তে চেম্পিয়নছ ট্ৰফী অভিযান আৰম্ভ কৰিব ভাৰতে।
ইয়াৰ পিছতে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিপক্ষে প্ৰতিযোগিতাৰ দ্বিতীয় মেচ আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ বিপক্ষে গ্ৰুপৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। পিছে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় অনুৰাগীক চিন্তিত কৰি তুলিছে এক খবৰে। ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজয়ৰ পিছত এতিয়া চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ পৰা শ্ৰেষ্ঠত্বৰ আশা কৰিছে অনুৰাগীয়ে।
কিন্তু এই আশাক বাস্তৱায়িত কৰা দলৰ অন্যতম শক্তি যশপ্ৰীত বুমৰাহেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছে। ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিম টেষ্টত সময়তে আঘাতৰ সন্মুখীন হৈছিল দলৰ বলিং আক্ৰমণৰ প্ৰধান কাণ্ডাৰী যশপ্ৰীত বুমৰাহ। পিঠিৰ বিষৰ বাবে খেলৰ মাজতে চিকিৎসালয়ত উপস্থিত হৈছিল তাৰকা পেচাৰগৰাকী। তাৰ পিছতে চেম্পিয়নছ ট্ৰফীত বুমৰাহৰ অনুপস্থিতি সংশয়ৰ মাজত সোমাই পৰিছিল।
শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰা হয়। দল ঘোষণাৰ সময়তে বিচিচিআইয়ে এখন বৈঠক অনুষ্ঠিত কৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি বুমৰাহৰ আঘাত সন্দৰ্ভত এই বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। বিচিচিআইৰ সূত্ৰ অনুসৰি, বুমৰাহক এতিয়া ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত উপস্থিত হ’বলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। একাডেমীত ৰিহাবৰ বাবে বুমৰাহক প্ৰায় দুমাহ সময় লাগিব পাৰে বুলি জানিব পৰা গৈছে।
সেই অনুসাৰে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত ফিটনেছ পৰীক্ষা কৰা হ’ব আৰু এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে বুমৰাহক ভাৰতীয় দলৰ হৈ খেলাৰ অনুমতি দিয়া হ’ব। যদি এনে হয়, তেতিয়াহ’লে বুমৰাহে চেম্পিয়নছ ট্ৰফীত ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব। যদি ভাৰতীয় দলে প্ৰতিযোগিতাৰ ছেমি ফাইনেল আৰু ফাইনেলতো প্ৰৱেশ কৰে, তেতিয়াও বুমৰাহৰ অংশগ্ৰহণ অনিশ্চিত হৈ পৰিব।
অৱশ্যে এই সন্দৰ্ভত বিচিচিআইয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। প্ৰতিযোগিতাৰ বাবে দল ঘোষণাৰ সময়তহে এই বিষয়ত সকলো জল্পনা-কল্পনাৰ নিশ্চিতি পোৱা যাব। কিন্তু যদি এই সূত্ৰ মতেই চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত বুমৰাহৰ অন্তৰ্ভুক্তি নহয়, সেয়া নিশ্চিতভাৱে ভাৰতীয় দল তথা অনুৰাগীৰ বাবে এক বৃ্হৎ আঘাত হ’ব।