ছিডনীত নেখেলাৰ স্ব-সিদ্ধান্ত ৰোহিতৰ! সুযোগ পাব পাৰে এইগৰাকী যুৱ খেলুৱৈয়ে
শেহতীয়াকৈ দীঘলীয়া সময় ধৰি টেষ্ট ফৰ্মেটত ফৰ্মহীনতাত ভুগি আছে ৰোহিত শৰ্মাই। দলৰ জ্যষ্ঠ তথা অভিজ্ঞ খেলুৱৈগৰাকীৰ এনে দুৰ্বল ফৰ্ম ভাৰতীয় দলৰ বিফলতাৰ আন এক কাৰণ হৈ পৰিছে। দুৰ্বল ফৰ্মৰ পৰিপ্ৰেক্ষিতত তেওঁ নিজেই এতিয়া দল পৰিচালনা সমিতিক ছিডনীত খেলিব নোৱাৰিব বুলি জানিবলৈ দিয়া বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।
কাইলৈৰ পৰা ছিডনীত আৰম্ভ হ’ব চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন মেচ। মেলবৰ্ণ টেষ্টত পৰাজয়ৰ পিছত এই শৃংখলাত পিছপৰি ৰোৱা ভাৰতীয় দলে এতিয়া ছিডনী টেষ্টত জয়েৰে শৃংখলা ৰক্ষাৰ সমান্তৰালকৈ নতুন বছৰটোত ক্ৰিকেট যাত্ৰা আৰম্ভ কৰিব বিচাৰিব। পিছে ভাৰতৰ এই লক্ষ্য সহজ নহ’ব। বিশেষকৈ বেটিং ব্যৰ্থতা দূৰ কৰিব নোৱাৰিলে ভাৰতীয় দলৰ জয়ৰ সম্ভাৱনা অসম্ভৱ। এতিয়া বেটিং ব্যৰ্থতাৰ বাবেই ছিডনী টেষ্টৰ পৰা খোদ দলৰ অধিনায়ক ৰোহিত শৰ্মা বাহিৰ হ’ব বুলি প্ৰতিবেদন প্ৰকাশ পাইছে।
শেহতীয়াকৈ দীঘলীয়া সময় ধৰি টেষ্ট ফৰ্মেটত ফৰ্মহীনতাত ভুগি আছে ৰোহিত শৰ্মাই। বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বিফল হোৱা ৰোহিতে এতিয়া অষ্ট্ৰেলিয়া ভ্ৰমণতো শোচনীয় প্ৰদৰ্শন কৰিছে। এই শৃংখলাত এতিয়ালৈকে খেলা ৩খন টেষ্টত ৰোহিতে মাত্ৰ ৩১ ৰান সংগ্ৰহ কৰিছে। দলৰ জ্যষ্ঠ তথা অভিজ্ঞ খেলুৱৈগৰাকীৰ এনে দুৰ্বল ফৰ্ম ভাৰতীয় দলৰ বিফলতাৰ আন এক কাৰণ হৈ পৰিছে।
ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি এতিয়া ছিডনী টেষ্টৰ পৰা বাহিৰ হ’ব ৰোহিত শৰ্মা। দুৰ্বল ফৰ্মৰ পৰিপ্ৰেক্ষিতত তেওঁ নিজেই এই সিদ্ধান্ত গ্ৰহণ কৰি দল পৰিচালনা সমিতিক ছিডনীত খেলিব নোৱাৰিব বুলি জানিবলৈ দিয়া বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। এই সন্দৰ্ভত ৰোহিতে মুখ্য নিৰ্বাচক অজিত আগাৰকাৰকো অৱগত কৰিছে বুলি লগতে উল্লেখ কৰা হৈছে। গম্ভীৰ আৰু আগৰকাৰ দুয়ো এই কথাত একমত হোৱা বুলিও বাতৰি প্ৰকাশ পাইছে।
ইফালে ৰোহিত শৰ্মাই যদি ছিডনী টেষ্টত অংশ নলয়, তেওঁৰ টেষ্ট কেৰিয়াৰ অন্ত পৰিব নেকি- সেই লৈ এতিয়া ব্যাপক জল্পনা-কল্পনা চলিছে। যোৱা কিছুদিনৰ পৰা এই টেষ্ট শৃংখলাৰ পিছত ৰোহিতে টেষ্টৰ পৰা অৱসৰ ল’ব বুলি খবৰ ওলাইছিল। ছিডনী টেষ্টৰ পিছতে তেওঁ অৱসৰ ল’ব পাৰে বুলি ধাৰণা কৰা হৈছিল যদিও এতিয়া মেলবৰ্ণ টেষ্টেই ৰোহিতৰ অন্তিমখন টেষ্ট হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
চৰ্চাৰ দৰেই যদি ৰোহিতৰ কেৰিয়াৰৰ সামৰণি পৰে, তেওঁৰ অনুপস্থিতিত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া ছিডনী টেষ্টৰ লগতে অনাগত সময়তো যশপ্ৰীত বুমৰাহে দলৰ নেতৃত্ব বহন কৰিব। আনহাতে ছিডনী টেষ্টত তেতিয়া শুবমান গিলে মূল একাদশত স্থান পোৱাটো প্ৰায় নিশ্চিত। ইফালে কেৱল ৰোহিত শৰ্মাই নহয়, পেচাৰ আকাশদীপো আঘাতৰ সমস্যাৰ বাবে ছিডনী টেষ্টৰ পৰা বাহিৰ হৈছে। ইতিমধ্যে গৌতম গম্ভীৰে নিশ্চিত কৰিছে এই খবৰ।
আকাশদীপৰ স্থানত এতিয়া ছিডনীত আন এগৰাকী পেচাৰ প্ৰসিধ কৃষ্ণই সুযোগ পাব পাৰে। এই শৃংখলাৰ প্ৰথম চাৰিখন টেষ্টত দলত সুযোগ পোৱা নাই প্ৰসিধ কৃষ্ণই। পাৰ্থ আৰু এডিলেইডত অনুষ্ঠিত প্ৰথম দুখন টেষ্টত হৰ্ষিত ৰানা আৰু পৰৱৰ্তী দুখন টেষ্টত আকাশদীপে তৃতীয় পেচাৰৰ ভূমিকা লৈছিল। এতিয়া ছিডনীত প্ৰসিধ কৃষ্ণাই এই স্থান লোৱাৰ সম্ভাৱনা আছে বুলি খবৰ প্ৰকাশ পাইছে।