5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৪৫০ কোটি টকীয়া কেলেংকাৰীত সাঙোৰ খাইছে গিলৰ নামঃ হ’ব নেকি গ্ৰেপ্তাৰ!

ফৰ্মহীনতাত ভুগি থকা ৰোহিত শৰ্মাৰ স্থানত ছিডনী টেষ্টত শুভমন গিলে সুযোগ পাব পাৰে বুলি বাতৰি প্ৰকাশ পাইছে। এনে খবৰৰ বাবে সংবাদ শিৰোনাম হৈ পৰিছিল গিল। পিছে এতিয়া আন এক কাৰণতো বাতৰিৰ আধাৰ হৈ পৰিছে ভাৰতীয় দলৰ ভৱিষ্যতৰ তাৰকাগৰাকী। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৪৫০ কোটি টকাৰ এক কেলেংকাৰীত সাঙোৰ খাইছে গিলৰ নাম।

৪৫০ কোটি টকীয়া কেলেংকাৰীত সাঙোৰ খাইছে গিলৰ নামঃ হ’ব নেকি গ্ৰেপ্তাৰ!
কেলেংকাৰীত সাঙোৰ খাইছে গিলৰ নাম!
monjit-dutta
Monjit Dutta | Published: 02 Jan 2025 15:13 PM

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে সম্প্ৰতি অষ্ট্ৰেলিয়া ভ্ৰমণত আছে দেশৰ প্ৰতিশ্ৰুতিসম্পন্ন ক্ৰিকেটাৰ শুভমন গিল। এই শৃংখলাৰ প্ৰথমখন টেষ্টত আঘাতৰ সমস্যাৰ বাবে খেলিব নোৱাৰাৰ পিছত পৰৱৰ্তী দুখন টেষ্টত মূল একাদশত সুযোগ পাইছিল যুৱ তাৰকাগৰাকীয়ে। অৱশ্যে মেলবৰ্ণত অনুষ্ঠিত হোৱা চতুৰ্থখন টেষ্টত গিলে সুন্দৰৰ বাবে স্থান এৰিবলগা হয়। কাইলৈৰ পৰা এই শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচ ছিডনীত অনুষ্ঠিত হ’ব। এই মেচখনৰ প্ৰাকক্ষণত ভাৰতীয় দলক কেন্দ্ৰ কৰি অনেক খবৰ প্ৰকাশ পাইছে।

এই অন্তিম টেষ্টত ফৰ্মহীনতাত ভুগি থকা ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ অংশগ্ৰহণ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। তেওঁৰ স্থানত ছিডনী টেষ্টত গিলে সুযোগ পাব পাৰে বুলি বাতৰি প্ৰকাশ পাইছে। এনে খবৰৰ বাবে সংবাদ শিৰোনাম হৈ পৰিছিল গিল। পিছে এতিয়া আন এক কাৰণতো বাতৰিৰ আধাৰ হৈ পৰিছে ভাৰতীয় দলৰ ভৱিষ্যতৰ তাৰকাগৰাকী। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৪৫০ কোটি টকাৰ এক কেলেংকাৰীত সাঙোৰ খাইছে গিলৰ নাম।

কেৱল গিলেই নহয়, আন কেইগৰাকীমান ক্ৰিকেটাৰৰ নামো এই কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰিছে। আই পি এল ফ্ৰেন্সাইজি গুজৰাট টাইটানছত গিলৰ সতীৰ্থ ছাই সুদৰ্শন, ৰাহুল তেৱাতিয়া, মোহিত শৰ্মাৰ নামো এই কেলেংকাৰীত সাঙোৰ খোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। গুজৰাটস্থিত কোম্পানী বিজেড গ্ৰুপৰ সৈতে জড়িত ৪৫০ কোটি টকাৰ এই কেলেংকাৰী। এই ক্ষেত্ৰত গুজৰাটৰ অপৰাধ অনুসন্ধান বিভাগ অৰ্থাৎ চি আই ডিয়ে সকলো ক্ৰিকেটাৰলৈ চমন প্ৰেৰণ কৰিছে।

প্ৰতিবেদন অনুসৰি, বিজেড গ্ৰুপে বিনিয়োগকাৰীক বেংকতকৈ অধিক সুতৰ হাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু কাৰ্যতঃ এনে নোহোৱাত বিনিয়োগকাৰীসকলে এই বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। আহমেদাবাদ মিৰ’ৰ নামৰ স্থানীয় এখন কাকতৰ প্ৰতিবেদন অনুসৰি গুজৰাট টাইটানছৰ খেলুৱৈসকলেও এই আঁচনিত ধন বিনিয়োগ কৰিছে। এই সন্দৰ্ভত এতিয়া খেলুৱৈসকলক জেৰা কৰিব চি আই ডিয়ে।

প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি শুভমন গিলে এই আঁচনিত ১.৯৫ কোটি টকা বিনিয়োগ কৰাৰ বিপৰীতে আন খেলুৱৈসকলে কম পৰিমাণৰ বিনিয়োগ কৰিছে। যিহেতু গিল বৰ্তমান অষ্ট্ৰেলিয়াত আছে, সেয়েহে দেশলৈ ঘূৰি অহাৰ লগে লগে চিআইডিয়ে তেওঁক জেৰা কৰিব পাৰে। এই গোচৰত গুজৰাটৰ চি আই ডিয়ে এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। যোৱা মাহত তদন্ত সংস্থাটোৱে এই গোচৰত মেহছানা জিলাৰ পৰা ভূপেন্দৰ সিং ঝালা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছিল।

Latest News