পুনৰ হ’ব খেলুৱৈৰ নিলাম! এইবাৰ স্থান হ’ব বাংগালুৰু, চাওক নিলামৰ তাৰিখ…

বহু প্ৰতীক্ষিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ মেগা নিলাম যোৱা ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হ’ল। এইবাৰ চৌদি আৰৱৰ পৰিৱৰ্তে দেশৰে বাংগালুৰু চহৰত এই নিলাম অনুষ্ঠিত হ’ব। অৱশ্যে আগন্তুক এই নিলাম আই পি এলৰ বাবে নহয়, আই পি এলৰ আৰ্হিত অনুষ্ঠিত হোৱা ৱ’মেন প্ৰিমিয়াৰ লীগ, চমুকৈ WPL ৰ বাবেহে এই নিলাম অনুষ্ঠিত হ’ব।

পুনৰ হ’ব খেলুৱৈৰ নিলাম! এইবাৰ স্থান হ’ব বাংগালুৰু, চাওক নিলামৰ তাৰিখ…

ডিচেম্বৰত হ’ব পাৰে ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম

Updated On: 

28 Nov 2024 21:21 PM

যোৱা ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হ’ল বহু প্ৰতীক্ষিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ মেগা নিলাম। এই নিলামত খেলুৱৈসকলৰ বিপৰীতে দেখা গ’ল টকাৰ উজান। নিলামত ভাৰতীয় তাৰকা ঋষভ পণ্ট আই পি এল ইতিহাসৰে আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয়। পছন্দৰ খেলুৱৈ ক্ৰয় কৰি নতুন দল নিৰ্মাণেৰে পৰৱৰ্তী সংস্কৰণৰ বাবে সাজু হৈহে ফ্ৰেন্সাইজিসমূহ। এই নিলামৰ ইতিমধ্যেৰ অন্ত পৰিছে যদিও ক্ৰিকেটপ্ৰেমীসকলে পুনৰ এবাৰ প্ৰত্যক্ষ কৰিব পাৰিব নিলাম।

এইবাৰ চৌদি আৰৱৰ পৰিৱৰ্তে দেশৰে বাংগালুৰু চহৰত এই নিলাম অনুষ্ঠিত হ’ব। অৱশ্যে আগন্তুক এই নিলাম আই পি এলৰ বাবে নহয়, আই পি এলৰ আৰ্হিত অনুষ্ঠিত হোৱা ৱ’মেন প্ৰিমিয়াৰ লীগ, চমুকৈ WPL ৰ বাবেহে এই নিলাম অনুষ্ঠিত হ’ব। আই পি এলৰ পিছত এতিয়া মহিলা প্ৰিমিয়াৰ লীগৰ নিলামৰ তাৰিখ সন্দৰ্ভতো এক নতুন তথ্য পোহৰলৈ আহিছে। ই এছ পি এন ক্ৰিচিনফ’ত প্ৰকাশ পাইছে এই প্ৰতিবেদন।

ই এছ পি এন ক্ৰিচিনফ’ৰ এই প্ৰতিবেদন অনুসৰি অহা ১৫ ডিচেম্বৰত বাংগালুৰুত ৱ’মেন প্ৰিমিয়াৰ লীগ (WPL)ৰ পৰৱৰ্তী ছিজনৰ বাবে মিনি নিলাম অনুষ্ঠিত হ’ব। এইবাৰ নিলামত দেখা যাব ইংলেণ্ডৰ অধিনায়ক হিদাৰ নাইট, নিউজিলেণ্ডৰ পেচাৰ লি টাহুহু, ৱেষ্ট ইণ্ডিজৰ অল-ৰাউণ্ডাৰ ডিয়ান্দ্ৰা ডটিন, ভাৰতীয় দলৰ অল-ৰাউণ্ডাৰ স্নেহ ৰানা, লেগ স্পিনাৰ পুনম যাদৱ আৰু বেটছমেন বেদা কৃষ্ণমূৰ্থীৰ দৰে তাৰকা খেলুৱৈক।

উল্লেখ্য যে WPL ত মুঠ ৫ টা দল আছে আৰু প্ৰতিটো দলত ৬ গৰাকী বিদেশী খেলুৱৈকে ধৰি ১৮ গৰাকী খেলুৱৈ থাকিব পাৰে। আনহাতে খেলুৱৈ ক্ৰয়ৰ বাবে প্ৰতিটো দলে ১৫ কোটি টকাৰ নিলাম পাৰ্চ লাভ কৰে। চলিত মাহৰ আৰম্ভণিতে দলসমূহে ৰিটেনচন লিষ্ট ঘোষণা কৰিছিল। এই ৰিটেইন তালিকাত আটাইকেইটা দলেই প্ৰায় অধিকাংশ খেলুৱৈক ৰিটেইন কৰিছিল।

এই ৰিটেইন তালিকাত অসমৰ দুগৰাকী খেলুৱৈও আছে। বিগত ছিজনত মুম্বাই ইণ্ডিয়ানছক প্ৰতিনিধিত্ব কৰা অসমৰ জিন্তিমণি কলিতা আৰু ইউ পি ৱাৰিয়ৰ্ছক প্ৰতিনিধিত্ব কৰা উমা ছেত্ৰীক ৰিটেইন কৰিছে দল দুটাই। উল্লেখ্য যে আগন্তুক এই নিলামত গুজৰাট জায়েন্টছে সৰ্বাধিক ৪.৪০ কোটি টকাৰ পাৰ্চ লৈ নিলামত প্ৰৱেশ কৰিব। দলটোত মাত্ৰ ৪ টা স্থানহে বাকী আছে। ইউ পি ৱাৰিয়ৰ্ছ দলৰো পাৰ্চত আছে ৩.৯০ কোটি টকা।

আনহাতে, গত ছিজনৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে এইবাৰ মুঠ ১৪ গৰাকী খেলুৱৈক ৰিটেইন কৰিছিল। দলটোৰ হাতত এতিয়া ৩.২৫ কোটি টকা বাকী আছে আৰু এই টকাৰে দলটোৱে সৰ্বাধিক ৪ গৰাকী খেলুৱৈ ক্ৰয় কৰিব পাৰিব। একেদৰে মুম্বাই ইণ্ডিয়ানছৰ হাতত ২.৬৫ কোটি টকা আৰু দিল্লীৰ হাতত ২.৫ কোটি টকা নিলামৰ বাবে বাকী আছে।

হিন্দু ধৰ্মৰ প্ৰতিটো পূজাত চাউল কিয় ব্যৱহাৰ কৰা হয় জানেনে?
গেছৰ সমস্যাত ভুগিছে নেকি? চিন্তিত নহ’ব, এনে ঘৰুৱা বিধানৰ দ্বাৰা লাভ কৰিব সকাহ
ৰাতি দৈ খোৱা উচিত নে? দৈৰ উপকাৰিতা আৰু অপকাৰিতা জানক
আপোনাৰ ওজন কমোৱাত সহায় কৰিব মগুৱে, জানক উপকাৰিতাৰ বিষয়ে