বৈবাহিক বান্ধোনৰ দিশে ৰিংকুঃ কিদৰে প্ৰথম সাক্ষাৎ হৈছিল ৰিংকু আৰু সাংসদ প্ৰিয়া সৰোজৰ!
খেলপথাৰত বিশেষ পৰিচয় গঢ়ি তোলাৰ পিছত এইবাৰ সাংসাৰিক কেৰিয়াৰ আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে ৰিংকু। সমাজবাদী পাৰ্টিৰ নেত্ৰী তথা উত্তৰ প্ৰদেশৰ মছলিশ্বহৰৰ সাংসদ প্ৰিয়া সৰোজৰ সৈতে ৰিংকুৱে এংগেজমেণ্ট কৰা বুলি খবৰ প্ৰকাশ পাইছে। পিছে ৰুংকু আৰু প্ৰিয়াৰ মাজৰ সম্পৰ্ক কিদৰে আগবাঢ়িছিল সেয়া জানিবলৈ অনুৰাগীৰ মাজত উৎকণ্ঠাও দেখিবলৈ পোৱা গৈছে।
ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ তাৰকা হিচাপে শেহতীয়া সময়ছোৱাত চমকপ্ৰদ উত্থান ঘটিছে ৰিংকু সিঙৰ। বাওঁহতীয়া বেটাৰগৰাকী বৰ্তমান টি-২০ ফৰ্মেটত নিজৰ বিস্ফোৰক বেটিঙেৰে খেলপথাৰত বিপক্ষৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে। খেলপথাৰত এই পৰিচয় গঢ়ি তোলাৰ পিছত এইবাৰ সাংসাৰিক কেৰিয়াৰ আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে ৰিংকু। বিগত কিছুদিন ধৰি এই খবৰৰ বাবে চৰ্চাত আছে তাৰকা ক্ৰিকেটাৰগৰাকী। সমাজবাদী পাৰ্টিৰ নেত্ৰী তথা উত্তৰ প্ৰদেশৰ মছলিশ্বহৰৰ সাংসদ প্ৰিয়া সৰোজৰ সৈতে ৰিংকুৱে এংগেজমেণ্ট কৰা বুলি খবৰ প্ৰকাশ পাইছে।
এই খবৰ সঁচা হয় নে নহয়, তাকে লৈ অনুৰাগীৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এনে চৰ্চা সন্দৰ্ভত প্ৰিয়াৰ পিতৃ তথা সমাজবাদী পাৰ্টিৰ প্ৰাক্তন সাংসদ টুফানী সৰোজে ৰিংকু আৰু প্ৰয়াৰ মাজত এতিয়ালৈকে এংগেজমেণ্ট হোৱা নাই বুলি স্পষ্ট কৰি দিছে। অৱশ্যে তেওঁ একপ্ৰকাৰে দুয়োৰে মাজৰ সম্পৰ্কৰ কথাও নিশ্চিত কৰিছে। অতি সোনকালে ৰিংকু আৰু প্ৰিয়াৰ এংগেজমেণ্ট হ’ব আৰু তাৰ পিছত দুয়োৰে বিয়া হ’ব বুলিও তেওঁ ইংগিত প্ৰকাশ কৰিছে।
পিছে ৰুংকু আৰু প্ৰিয়াৰ সাক্ষাৎ প্ৰথমে কিদৰে হৈছিল আৰু দুয়োৰে মাজৰ সম্পৰ্ক কিদৰে আগবাঢ়িছিল সেয়া জানিবলৈ অনুৰাগীৰ মাজত উৎকণ্ঠাও দেখিবলৈ পোৱা গৈছে। ক্ৰিকেটাৰ ৰিংকু আৰু ৰাজনীতিক প্ৰিয়াৰ সম্পৰ্কক লৈ চলিছে গুণাগথা। উল্লেখ্য যে প্ৰিয়া সৰোজ দেশৰ দ্বিতীয় কনিষ্ঠতম সাংসদ। তেওঁৰ পিতৃ টুফানী সৰোজো সমাজবাদী পাৰ্টিৰ সাংসদ আছিল আৰু বৰ্তমান দলৰ পৰা কেৰাকাট আসনৰ বিধায়ক।
প্ৰকাশিত খবৰ অনুসৰি টুফানী সৰোজে শেহতীয়াকৈ ৰিংকুৰ গৃহ চহৰ আলিগড় ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত তেওঁ কন্যা প্ৰিয়াৰ এগৰাকী বন্ধুৰ বাসগৃহলৈ গৈছিল। প্ৰিয়াৰ এই বন্ধগৰাকীৰ পিতৃও আছিল এগৰাকী ক্ৰিকেটাৰ আৰু সেই সূত্ৰে তেওঁৰ সৈতে ৰিংকুৰ পৰিচয় আছিল। এনে পৰিচয় সূত্ৰে ৰিংকু তেওঁলোকৰ বাসগৃ্হলৈ প্ৰায়ে গৈছিল। এইদৰেই ৰিংকু সিং আৰু প্ৰিয়া সৰোজৰ মাজত প্ৰথম সাক্ষাৎ হৈছিল আৰু তাৰ পিছত দুয়ো কথা পাতিবলৈ আৰম্ভ কৰিছিল।
টুফানী সৰোজে জানিবলৈ দিয়া মতে, তেওঁৰ কন্যা প্ৰিয়া আৰু ৰিংকুৰ মাজত কিছুদিনৰ পৰা যোগাযোগ চলি আছে। দুয়ো নিজ নিজ পৰিয়ালত বিবাহ সম্পৰ্কে ইংগিত দিছিল আৰু যদি পৰিয়ালে সন্মতি দিয়ে তেন্তে তেওঁলোক বিয়াৰ বাবে সাজু বুলি জানিবলৈ দিছিল। ইয়াৰ পিছতহে দুয়ো সম্পৰ্কত আগবাঢ়িল। ৰিংকুৰ পৰিয়ালে প্ৰথমে প্ৰিয়াৰ পিতৃক দুয়োৰে বিবাহৰ প্ৰস্তাৱ দিছিল। তাৰ পাছত দুয়োপক্ষৰ মাজত আলোচনা আগবাঢ়ে।
উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰিয়া বৰ্তমান বাজেট অধিবেশনত ব্যস্ত। আনহাতে ৰিংকুৱে অহা ২২ ফেব্ৰুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাত ব্যস্ত থাকিব। সেয়ে বাজেট অধিবেশন সমাপ্ত হোৱাৰ পিছত দুয়ো প্ৰথমে এংগেজমেণ্ট আৰু তাৰ পিছত বিবাহপাশত আৱদ্ধ হ’ব বুলি আশা কৰা হৈছে। এই দুয়োটা অনুষ্ঠান লক্ষ্ণৌত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।