ৰিয়ানে পূৰাব কোহলীৰ স্থান! বিশ্বকাপজয়ী প্ৰাক্তন ভাৰতীয় তাৰকাই দেখিছে আশা

চলিত বৰ্ষৰ ২৯ জুনত ৱেষ্ট ইণ্ডিজৰ বাৰ্বাডোজত টি-২০ বিশ্বকাপ জয়ৰ পিছতে এই ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। এই দুই তাৰকাৰ স্থান ভৱিষ্যতে কোনে পূৰাব পাৰে সেই লৈ চলি আহিছে চৰ্চা। এইক্ষেত্ৰত বিশ্বকাপজয়ী এগৰাকী প্ৰাক্তন ভাৰতীয় তাৰকাই লৈছে ৰিয়ান পৰাগৰ নাম।

ৰিয়ানে পূৰাব কোহলীৰ স্থান! বিশ্বকাপজয়ী প্ৰাক্তন ভাৰতীয় তাৰকাই দেখিছে আশা

ৰিয়ান পৰাগ আৰু বিৰাট কোহলী

Published: 

04 Oct 2024 14:57 PM

চলিত বৰ্ষৰ মাজভাগত অন্ত পৰিল ভাৰতীয় ক্ৰিকেট দলৰ দীৰ্ঘদিনীয়া অপেক্ষা। ২৯ জুনত ৱেষ্ট ইণ্ডিজৰ বাৰ্বাডোজত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে চুম্বন আঁকে টি-২০ বিশ্বকাপৰ খিতাপত। ইয়াৰ লগে লগে ২০০৭ চনৰ উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ জয়ৰ পিছতে ভাৰতীয় ক্ৰিকেট দলে টি-২০ বিশ্বকাপত দেখি অহা ব্যৰ্থতাৰ অৱসান ঘটে। দেশৰ ক্ৰিকেট অনুৰাগীয়ে এই সুখকৰ মুহূৰ্ত উপভোগ কৰি থকাৰ সময়তে পিছে আহে আন এক দুখৰ খবৰো। এই খবৰে প্ৰতিগৰাকী ক্ৰিকেটাৰৰ মনলৈ খিতাপ জয়ৰ পূৰ্ণতাৰ মাজতো আনি দিয়ে এক বিৰাট শূন্যতা।

যোৱা এটা দশকতকৈয়ো অধিক সময় ধৰি ভাৰতীয় ক্ৰিকেটৰ ধ্বজা বহন কৰি অহা দুই তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে বিশ্বকাপ জয়ৰ পিছতে অৱসৰ লয় টি-২০ ফৰ্মেটৰ পৰা। সাফল্যৰ সুখানুভূতি লগত লৈ টি-২০ ক্ৰিকেটক বিদায় দিয়ে ৰোহিত-কোহলীয়ে। ইয়াৰ পিছতে ভাৰতীয় দলত ভৱিষ্যত এই দুই তাৰকাৰ স্থান কোনে পূৰ কৰাৰ সম্ভাৱনা আছে, এই বিষয়ত দেখিবলৈ পোৱা গৈছে আলোচনা।

এনে চৰ্চাত শেহতীয়াকৈ নাম সংযোগ ঘটিছে দেশৰ প্ৰাক্তন তাৰকা হৰভজন সিঙে। এক সাক্ষাৎকাৰত হৰভজনে দুই যুৱ তাৰকাই ৰোহিত আৰু কোহলীৰ উত্তৰাধিকাৰী হিচাপে স্থান পূৰাব বুলি আশা প্ৰকাশ কৰিছে। হৰভজনৰ এই বাচনিত উঠিছে অসম সন্তান ৰিয়ান পৰাগো। সম্প্ৰতি ক্ৰিকেট জগতত নিজৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ৰিয়ানে ভাৰতীয় ক্ৰিকেট দলৰ মেৰুদণ্ড স্বৰূপ বিৰাট কোহলীৰ স্থান পূৰাব পাৰে বুলি আশা প্ৰকাশ কৰিছে হৰভজন সিঙে।

একেদৰে শেহতীয়া সময়ছোৱাত নিজৰ বিস্ফোৰক বেটিঙেৰে দলৰ এগৰাকী নিৰ্ভৰযোগ্য তাৰকা হৈ উঠা যশস্বী জয়ছোৱালক ৰোহিত শৰ্মাৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰিছে প্ৰাক্তন তাৰকাগৰাকীয়ে। উল্লেখ্য যে, সম্প্ৰতি টেষ্টত ৰোহিত শৰ্মাৰ সৈতে ভাৰতীয় দলৰ ইনিংছ মুকলিৰ দায়িত্বত আছে জয়ছোৱাল আৰু এই দায়িত্ব সুচাৰুৰূপে পালন কৰিছে যুৱ তাৰকাগৰাকীয়ে। চলিত বৰ্ষত জয়ছোৱাল টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হৈছে।

এই সন্দৰ্ভত হৰভজনে কয়, “যশস্বী সঁচাকৈয়ে এজন ভাল খেলুৱৈ। মই অনুভৱ কৰোঁ যে এজন অ’পেনাৰ হিচাপে তেওঁ ৰোহিত শৰ্মাৰ শূন্যতা পূৰণ কৰিব পাৰে।” তেওঁ লগতে কয় যে স্পষ্টভাৱে ৰোহিত শৰ্মা হোৱাটো এটা বছৰৰ প্ৰক্ৰিয়া নাছিল, আনকি ৰোহিতৰ বাবেও ৰোহিত শৰ্মা হোৱাটো এক দীঘলীয়া প্ৰক্ৰিয়া আছিল। একেই কথা বিৰাট কোহলীৰ ক্ষেত্ৰতো প্ৰযোজ্য বুলি মন্তব্য কৰে হৰভজনে।

গতিকে এই দুই তাৰকাৰ স্থান পূৰণ সহজ নহ’ব বুলি উল্লেখ কৰি হৰভজনে লগতে ভাৰতত অৱশ্যে এনে প্ৰতিভা আছে বুলিও মন্তব্য কৰে। এই প্ৰসঙ্গতে তেওঁ ৰোহিতৰ স্থানত অপেনাৰ হিচাপে জয়ছোৱালে আৰু মিডল অৰ্ডাৰত ৰিয়ান পৰাগে কোহলীৰ স্থান ল’ব পাৰে বুলি আশা প্ৰকাশ কৰে। হৰভজনৰ আশা, ৰিয়ান পৰাগে ভৱিষ্যতে ভাৰতীয় দলৰ বাবে মেচ বিজয়ী ইনিংছ খেলাৰ দৃশ্য দেখিবলৈ পাব ভাৰতীয় অনুৰাগীয়ে।

উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই মাহত জিম্বাবুৱে ভ্ৰমণত টি-২০ ফৰ্মেটৰ জৰিয়তে ভাৰতীয় দলৰ হৈ অভিষেক ঘটায় ৰিয়ানে। ইয়াৰ পিছতে শ্ৰীলংকা ভ্ৰমণতো ভাৰতীয় দলত স্থান লাভ কৰে ৰিয়ানে। মিডল অৰ্ডাৰত এগৰাকী বিস্ফোৰক বেটাৰৰ লগতে প্ৰয়োজনৰ সময়ত এগৰাকী স্পিনাৰ হিচাপেও শেহতীয়া সময়ছোৱাত ৰিয়ানে নিজকে প্ৰমাণ কৰিছে। বাংলাদেশৰ বিৰুদ্ধে আগন্তুক শৃংখলাত ৰিয়ানে ভাৰতীয় দলত নিজৰ স্থান নিগাজী কৰাৰ এক সুৱৰ্ণ সুযোগ লাভ কৰিব।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...