শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰঃ দললৈ ঘূৰিল ৰিয়ান পৰাগ, পৰৱৰ্তী মেচতে হ’ব প্ৰত্যাৱৰ্তন

আঘাতৰ বাবে যোৱা কিছুদিন ধৰি খেলপথাৰৰ পৰা আঁতৰি আছে ৰিয়ান। অৱশ্যে ৰিয়ানৰ আঘাত সন্দৰ্ভত প্ৰকাশ পোৱা নাছিল কোনো নিৰ্দিষ্ট তথ্য। সেয়ে অনুৰাগীৰ মাজত ৰিয়ানৰ আঘাত সন্দৰ্ভত যথেষ্ট চৰ্চা দেখা গৈছিল। এনে চৰ্চাৰ মাজতে খেলপথাৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে ৰিয়ান।

ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰঃ দললৈ ঘূৰিল ৰিয়ান পৰাগ, পৰৱৰ্তী মেচতে হ’ব প্ৰত্যাৱৰ্তন
দললৈ ঘূৰিল ৰিয়ান পৰাগ
monjit-dutta
Monjit Dutta | Published: 27 Jan 2025 13:07 PM

ভাৰতীয় ক্ৰিকেটক সাম্প্ৰতিক সময়ত এক চৰ্চিত নাম ৰিয়ান পৰাগ। বিগত কেইটামান বছৰত নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে অসম সন্তান ৰিয়ানে ভাৰতীয় ক্ৰিকেটৰ অন্যতম এগৰাকী ভৱিষ্যতৰ তাৰকা হিচাপে আত্মপ্ৰকাশ কৰিছে। ঘৰুৱা ক্ৰিকেট আৰু আই পি এলত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিতে বিগত বৰ্ষত অসমৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ হিচাপে ভাৰতীয় দলত স্থান লাভ কৰি ৰিয়ানে ৰচিছিল ইতিহাস। জাতীয় দলত স্থান লাভ কৰাৰ পিছত ৰিয়ানে নিজৰ যোগ্যতা প্ৰমাণ কৰি স্থান নিগাজী কৰাৰ আশা দেখুৱাইছিল।

পিছে আঘাতৰ বাবে যোৱা কিছুদিন ধৰি খেলপথাৰৰ পৰা আঁতৰি আছে ৰিয়ান। বিগত বৰ্ষৰ অক্টোবৰ মাহতে কেৰিয়াৰৰ অন্তিমখন প্ৰতিযোগিতামূলক মেচ খেলিছিল যুৱ তাৰকাগৰাকীয়ে। আঘাতৰ বাবে ৰিয়ান দক্ষিণ আফ্ৰিকাৰ বিপক্ষে টি-২০ শৃংখলাৰ লগতে ইংলেণ্ডৰ বিপক্ষে চলিত টি-২০ শৃংখলাতো স্থান লাভ কৰা নাছিল। অৱশ্যে ৰিয়ানৰ আঘাত সন্দৰ্ভত প্ৰকাশ পোৱা নাছিল কোনো নিৰ্দিষ্ট তথ্য।

সেয়ে অনুৰাগীৰ মাজত ৰিয়ানৰ আঘাত সন্দৰ্ভত যথেষ্ট চৰ্চা দেখা গৈছিল। এনে চৰ্চাৰ মাজতে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীৰ বাবে আহিছে এক সুখবৰ। কেইমাহমানৰ বিৰতিৰ পিছত আঘাতমুক্ত হৈ পুনৰ খেলপথাৰলৈ ঘূৰিছে ৰিয়ান। ৰঞ্জী ট্ৰফীৰ জৰিয়তে ৰিয়ানে খেলপথাৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে। অহা ৩০ জানুৱাৰী পৰা আৰম্ভ হ’বলগীয়া সৌৰাষ্ট্ৰৰ বিপক্ষে মেচৰ বাবে ঘোষিত অসম দলত স্থান লাভ কৰিছে ৰিয়ান পৰাগে।

দললৈ ঘূৰি অহাৰ পিছত ৰিয়ানে এতিয়া পুনৰ অসম দলৰ নেতৃত্বও বহন কৰিব। ৰিয়ানৰ প্ৰত্যাৱৰ্তন স্বাভাৱিকতেই অসম দলৰ বাবে এক সকাহৰ খবৰ। এই ছিজনত অসম দলে এতিয়ালৈকে এখনো মেচত জয়ৰ মুখ দেখা নাই। এইপৰ্যন্ত ৬খন মেচত ৪খন ড্ৰ’ খেলাৰ বিপৰীতে ২খন মেচত পৰাস্ত হৈছে অসম। গতিকে ৰবীন্দ্ৰ জাদেজা, চেটেশ্বৰ পূজাৰা, জয়দেৱ উনাডকাটৰ দৰে তাৰকাৰে সমৃদ্ধ শক্তিশালী সৌৰাষ্ট্ৰৰ সমুখত ৰিয়ানৰ উপস্থিতি অসমৰ বাবে প্ৰধান শক্তি হ’ব।

উল্লেখ্য যে বিগত ৰঞ্জী ট্ৰফী ছিজনত ৰিয়ানে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এই ছিজনত ৰিয়ানে ৬টা ইনিংছত ৭৫.৬০ গড় আৰু ১১৩.৮৫ ষ্ট্ৰাইক ৰেটেৰে ৩৭৮ ৰান সংগ্ৰহ কৰিছিল। ইতিমধ্যে ৰঞ্জীৰ প্লে’ অফৰ দৌৰৰ পৰা অসম বাহিৰ হৈছে যদিও ৰিয়ানে নিজৰ প্ৰদৰ্শনেৰে পুনৰ জাতীয় দলৰ মুকলি কৰাৰ সুযোগ লাভ কৰিব।

সৌৰাষ্ট্ৰৰ বিপক্ষে মেচৰ বাবে ঘোষিত অসম দলঃ ৰিয়ান পৰাগ (অধিনায়ক), ডেনিশ দাস (সহ-অধিনায়ক), মুখতাৰ হুছেইন, মৃণ্ময় দত্ত, ৰাহুল সিং, দীপজ্যোতি শইকীয়া, পাৰভেজ মুছাৰফ, সুমিত গাডিগাওংকাৰ, ঋষৱ দাস, অনুৰাগ তালুকদাৰ, অবিনৱ চৌধুৰী, শিৱশংকৰ ৰয়, আকাশ সেনগুপ্তা, প্ৰদ্যুন শইকীয়া, অম্লানজ্যোতি দাস।