IPL 2025 ৰ পূৰ্বে ৰিয়ান পৰাগৰ চমক, অনুশীলন মেচত ৬৪ টা বলত ১৪৪ ৰান সংগ্ৰহ
IPL 2025 অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। এয়া হ’ব IPL ৰ ১৮ সংখ্যক সংস্কৰণ। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে অনুশীলন মেচ খেলিছিল য'ত অসম সন্তান ৰিয়ান পৰাগে দেখুৱাইছে সফলতা।

ৰাজস্থান ৰয়েলছৰ দলটো ব্যস্ত হৈ পৰিছে ২০২৫ ৰ আই পি এলৰ অনুশীলনত। এইবাৰ সঞ্জু চেমছনৰ অধিনায়কত্বত দলটোৱে খিতাপৰ বাবে যুঁজ দিব। যদিও এইবাৰ ৰাজস্থান ৰয়েলছে জোছ বাটলাৰক হেৰুৱাইছে, কিন্তু ইয়াৰ পিছতো এতিয়ো দলটোৰ হাতত বহু ভাল খেলুৱৈ আছে।
IPL 2025 আৰম্ভ হোৱাৰ পূৰ্বে ৰাজস্থান ৰয়েলছে অনুশীলন মেচ খেলিছিল য’ত অসম সন্তান ৰিয়ান পৰাগে দেখুৱাইছে সফলতা। যুৱ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে বেটিং কৰি শতক অৰ্জন কৰিছে। IPL ৰ পূৰ্বে অনুশীলন মেচত ৬৪ টা বলত ১৪৪ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ লগতে ৰিয়ানে চমকপ্ৰদ ইনিংছত ১০ টা Six আৰু ১৬ টা Four মাৰিছে।
144* (64) – What a Riyan yaar 🔥💗 pic.twitter.com/K6Ht3wRFQE
— Rajasthan Royals (@rajasthanroyals) March 19, 2025
যদি আমি ৰিয়ান পৰাগৰ কথা কওঁ, তেন্তে যোৱাকেইটা ছিজনত অবিৰতভাৱে ৰাজস্থান ৰয়েলছৰ সৈতে খেলি আহিছে। এই দলটোৱে ২০২৫ ৰ আই পি এলৰ বাবেও ৰিয়ানক দলত ৰাখিছে। আজিৰ অনুশীলন মেচত ৰিয়ানৰ চমকপ্ৰদ প্ৰদৰ্শনে সকলোকে আচৰিত কৰিছে। এতিয়া যেন ৰিয়ান পৰাগে এই ছিজনত ফ্ৰেঞ্চাইজিৰ আস্থাৰ সৈতে সম্পূৰ্ণ খাব খাব বিচাৰিছে।
কেতিয়াৰ পৰা আৰম্ভ IPL 2025
IPL 2025 অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। এয়া হ’ব IPL ৰ ১৮ সংখ্যক সংস্কৰণ। সেই অনুসৰি ১৮ সংখ্যক ছিজনৰ প্ৰথমখন মেচ হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত। এই খেলখন অহা ২২ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। এইবাৰ আইপিএল হ’ব ৬৫ দিনৰ। এই সময়ছোৱাত ১৩টা স্থানত প্লে অফ আৰু ফাইনেলকে ধৰি ৭৪খন মেচ অনুষ্ঠিত হ’ব। ইয়াৰে ৭০খন খেল গ্ৰুপ পৰ্যায়ৰ হ’ব।
২২ মাৰ্চ শনিবাৰৰ পৰা আৰম্ভ হ’ব আই পি এল। প্ৰথম ২ দিনত ৩ খন খেল খেলিব। কেকেআৰ আৰু আৰচিবিৰ উদ্বোধনী খেলৰ পাছত দ্বিতীয় দিনা অৰ্থাৎ ২৩ মাৰ্চ দেওবাৰে বিয়লি ৩.৩০ বজাৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত ছিজনৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব। একেদিনাই সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত ব্লকবাষ্টাৰ মেচ অনুষ্ঠিত হ’ব।