ৰোহিতে ভংগ কৰিলে শচীনৰ অভিলেখ! ৰেগুলাৰ অ’পেনাৰ হিচাপে ৯০০০ ৰান সম্পূৰ্ণ…
Champions trophy: চেম্পিয়নছ ট্ৰফীৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই গঢ়িলে বিশ্ব ৰেকৰ্ড। শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি ৰোহিতে এক নতুন কৰ্তৃত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।

ৰোহিত শৰ্মা
ভাৰতীয় ক্ৰিকেট দলৰ কেপ্তেইন ৰোহিত শৰ্মাই গঢ়িলে এক বিশেষ ৰেকৰ্ড। ৰোহিত শৰ্মাই ২০১৩ চনত ৰেগুলাৰ অপেনাৰ হিচাপে খেলিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটাৰ পাছত আনটো ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে বৰ্তমান সময়ত চলি থকা চেম্পিয়নছ ট্ৰফিত এক ডাঙৰ অভিলেখ গঢ়িলে ৰোহিত শৰ্মাই। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীৰ এই কৃতিত্বই ভংগ কৰিলে কিংবদন্তি খেলুৱৈ শচীন তেণ্ডেলকাৰৰ ৰেকৰ্ড।
ৰোহিতৰ অভিলেখ
আজি ডুবাইত অনুষ্ঠিত হৈছে চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ খেল। এই খেলত ৰোহিতে ২০ ৰান কৰি আউট হয় যদিও গঢ়ে এক বিশ্ব ৰেকৰ্ড। ৰোহিতে এদিনীয়া মেচত অ’পেনাৰ হিচাপে ৯০০০ ৰান সম্পূৰ্ণ কৰে। এদিনীয়া ক্ৰিকেটত মাত্ৰ ১৮১ ইনিংছত ৯০০০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয় ক্ৰিকেটাৰগৰাকীয়ে। ইয়াৰ লগে লগে সৰ্বাধিক দ্ৰুত সময়ত এই ৰান সংগ্ৰহ কৰাৰ বাবে বিশ্ব ৰেকৰ্ড গঢ়ে ৰোহিতে। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন তেণ্ডুলকাৰে এই ৰেকৰ্ড গঢ়িছিল। তেওঁ ১৯৭ ইনিংছত ৯০০০ ৰান সংগ্ৰহ কৰিছিল। কিন্তু ৰোহিতে এই অভিলেখ ভংগ কৰ শচীনৰ আগত নিজৰ নাম লিখিবদ্ধ কৰিবলৈ সক্ষম হয়।
কাক পিছ পেলাই আগুৱাই গ’ল ৰোহিত
শচীনৰ উপৰিও ৰোহিতে সৌৰভ গাংগুলী, ক্ৰীছ গেইল, এডাম গিলখ্ৰীষ্ট আৰু সনাথ জয়সূৰ্য্যৰ দৰে কিংবদন্তি অ’পেনাৰক পিছ পেলাবলৈ সক্ষম হয়। এদিনীয়া মেচত অ’পেনাৰ হিচাপে সৌৰভ গাংগুলীয়ে ২৩১ খন ইনিংছত ৯০০০ ৰান কৰিছিল। ইয়াৰ বিপৰীতে ক্ৰীছ গেইলে ২৬৮ খন, এডাম গিলক্ৰিষ্টে ২৫৩ ইনিংছ আৰু সনাথ জয়সূৰিয়াই ২৬৮ ইনিংছত এই কৰ্তৃত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, আজিৰ খেলত ৰোহিত শৰ্মাই ১৫টা বলত ১৩৩.৩৩ ষ্ট্ৰাইক ৰেটত ২০ ৰান সংগ্ৰহ কৰে। এই সময়চোৱাত তেওঁ ৩টা চাৰি আৰু ১টা ছয়ৰ কৰ্তৃত্ব অৰ্জন কৰে। কিন্তু শ্বাহীন আফ্ৰিদীৰ ফলত খেল সামিৰব লগা হয় ক্ৰিকেটাৰগৰাকীয়ে।